Logo
image

সকলোৰে অলক্ষিতে ৰাজ্যত ক’ভিডৰ দৈনিক সংক্ৰমণ হ’লগৈ শতাধিক

আমাৰ অসম, ৪ জুলাইঃ ৰাজ্যত ক’ভিডে পুনৰ মূৰ দাঙি উঠিছে৷ এজন-দুজন নহয়, দৈনিক এশজনকৈ লোক আক্ৰান্ত হৈছে ক’ভিড ভাইৰাছত৷ সৰ্বসাধাৰণ ৰাইজৰ অলক্ষিতে ৰাজ্যত ক’ভিডে শিপা মেলিছে যদিও চৰকাৰে প্ৰতিৰোধমূলক কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ শনিবাৰে দিনটোত ৰাজ্যত ক’ভিডে শতকৰ ঘৰ অতিক্ৰম কৰে৷ চৰকাৰী তথ্য মতে শনিবৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে মুঠ ১১০ জন লোক৷ উদ্বেগজনকভাৱে ইয়াৰে ৫২ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ৷ এক কথাত গুৱহাটী মহানগৰী এতিয়া ক’ভিডৰ ঘাটি হৈ পৰাই নহয়, ৰাজ্যৰ বিভিন্ন স্থানলৈ সংক্ৰমিত হ’ব ধৰিছে৷ চিন্তাজনক বিষয়টো হৈছে, চৰকাৰীভাৱে দৈনিক ক’ভিড পজিটিভিটীৰ যি সংখ্যা প্ৰকশ কৰা হয় বাস্তৱত ইয়াতকৈ কেইবাগুণো অধিক লোক ক’ভিড আক্ৰান্ত হৈ আহিছে বুলি চিকিৎসা বিশেষজ্ঞ মহলে মত পোষণ কৰিছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী হাস্পতালত বিনামূলীয়া ক’ভিড পৰীক্ষা বন্ধ কৰি দিয়াত উপসৰ্গই দেখা দিয়াৰ পাছতো অধিকাংশ লোকেই ধন ভৰি ব্যক্তিগত হাস্পতাল তথা লেব’ৰেটৰীত পৰীক্ষা নকৰা বুলিও ভয়ংকৰ অভিযোগ উঠিছে৷ আনকি বহু লোকে ফাৰ্মাচীত উপলব্ধ টেষ্ট কিট আনি ঘৰতে পৰীক্ষা কৰাৰ ব্যৱস্থা কৰাত স্বাস্থ্য বিভাগৰ হাতত এনে পজিটিভ ৰোগীৰ তথ্য উপলব্ধ নহয়৷ ফলত উপসৰ্গ লৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰা এনে লোকৰ পৰাই গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত ক’ভিডৰ সংক্ৰমণে বিপদজ্জনক ৰূপ লোৱা বুলিও চিকিৎসকৰ মাজতে চৰ্চা লাভ কৰিছে৷ আনকি সময় থাকোতেই  ৰাজ্য চৰকাৰে সুৰক্ষামূলক ব্যৱস্থা নল’লে কম সময়ৰ ভিতৰতে অসমত লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা নুই কৰা নাই চিকিৎসক-বিশেষজ্ঞ মহলে৷ ইফালে স্বাস্থ্য বিভাগে সদৰী কৰা মতে ৰাজ্যত বৰ্তমান ৫৫০জন ক’ভিড ৰোগী সক্ৰিয় হৈ আছে যদিও এইসকল ৰোগীৰ কোৱাৰেণ্টাইনৰ ক্ষেত্ৰতো কোনো কঠোৰ ব্যৱস্থা লোৱা নাই প্ৰশাসন তথা স্বাস্থ্য বিভাগে৷ ফলত হাস্পতালত ভৰ্তি হৈ থকা ১০-২০জন ৰোগীৰ বাহিৰে হোম কোৱাৰেণ্টাইনত থকা বাকীসকলে বিভিন্নজনৰ সংস্পৰ্শলৈ অহা বুলিও অভিযোগ উঠিছে৷ তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমান ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ কম হোৱাৰ বাবে স্বাস্থ্য বিভাগে ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত কঠোৰ হোৱা নাই বুলিহে চৰ্চা চলিছে৷ অৱশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন বিশেষজ্ঞই জানিবলৈ দিয়া অনুসৰি পজিটিভ ৰোগীৰ মৃত্যু হাৰ নিয়ন্ত্ৰণলৈ আহিলেও পোষ্ট ক’ভিডজনিত ৰোগত বিভিন্নজন লোকে মৃত্যুক সাৱটিব লগা হৈছে৷