Logo
image

গোপনেই থাকক হোৱাটছ এপ’ৰ গোপন কথোপকথন

আমাৰ অসম বিশেষঃ প্ৰিয়জনৰ সৈতে হোৱাটছ এপ’ত হোৱা কথোপকথোন , গোপন তথ্য , ভাৱৰ আদান প্ৰদান ইত্যাদিক আনে নেদেখাকৈ গোপন কৰি ৰাখিব বিচাৰে সকলোৱে ৷ এফালে যদি সেই কথোপকথন ডিলিট কৰিব নিবিচাৰে তেন্তে আনফালে আকৌ এই গোপন চট কেনেবাকৈ কাৰোবাৰ নজৰত পৰিব বুলিও আতংকিত হৈ থাকে ৷ তেনে অৱস্থাত হাতৰ পৰা অলপ সময়ৰ বাবেও মোবাইলটো এৰি নিদিয়ে  তেওঁলোকে ৷ ভয় আৰু আতংকই তেওঁলোকৰ পিছ নেৰা হয় ৷ এনে লোকসকলে এতিয়া এই আতংকৰ পৰা হ’ব পাৰিব মুক্ত ৷ কিয়নো এতিয়া আৰু তেওঁলোকে নিজৰ মোবাইল ফোনটো অনবৰতে কঢ়িয়াই লৈ থকাৰ প্ৰয়োজন নাই ৷ কিয়নো এই গোপন কথোপকথন বোৰ লুকুৱাই থোৱাৰ বাবে হোৱাটছ এপ’তে উপলব্ধ হৈছে এটা ‘অপশ্বন’ ৷ যাৰ সহায়ত কোনো মেছেজ বা তথ্য ডিলিট নকৰাকৈ গোপনে ষ্ট’ৰ কৰি ৰাখিব পৰা যায় ৷ ইয়াৰ বাবে প্ৰথমে হোৱাটছ এপ’ অন কৰি চ্যাট অপশ্বন’লৈ যাব লাগিব ৷ যি কথোপকথন বা তথ্য গোপন কৰি ৰাখিব বিচাৰে তাৰ ওপৰত আঙুলিৰে প্ৰেছ কৰি ধৰি ৰাখিব লাগিব ৷ তেতিয়া ‘আৰ্কাইভ’ অপশ্বন এটা শ্ব’ কৰিব ৷ সেই অপশ্বন টো ছিলে” কৰিলেই তেওঁলোকৰ তথ্যবোৰ লুকাই পৰিব ৷ অন্যই চেষ্টা কৰিলেও চাব নোৱাৰে সেই তথ্য ৷ তদুপৰি টাচ[touch] আইডি বা ফেছ আইডি ব্যৱহাৰ কৰিও তথ্য গোপন কৰি ৰাখিব পৰা যায় ৷ বৰ্তমানলৈ এনদ্ৰ’ইড মোবাইল ফোনত এই ফিচাৰ উপলব্ধ হোৱা নাই ৷