Logo
image

শাক-পাচলিয়েও কোবাইছে চেঞ্চুৰী ভাতসাঁজৰেই টান পৰিছে মধ্যবিত্তৰ

আমাৰ অসম, ৪ জুলাইঃ বানে ধুই নিয়া ৰাজ্যৰ বজাৰত এতিয়া জ্বলিছে জুই৷ কি গাঁও, কি চহৰ, কি মহানগৰ সকলো ঠাইৰ বজাৰত যেন জ্বলিছে জুই৷ শাক-পাচলিৰ পৰা মাছ-মাংসলৈ অত্যাৱশ্যকীয় ঔষধৰ পৰা কানি কাপোৰ সকলো মহঙা হৈ পৰিছে৷ প্ৰায় প্ৰতিবিধ সামগ্ৰীৰ মূল্য ভয়ংকৰ গতিত বৃদ্ধি পাইছে৷ আজিৰ তাৰিখত ৰাজ্যত শাক-পাচলিৰ দামে ইতিমধ্যে চেঞ্চুৰী কোবাইছে৷ মাছ-মাংসৰ দাম হাজাৰৰ ঘৰ চুও চুও অৱস্থা৷ যাৰ ফলত ভাত সাজৰেই টান পৰিছে মধ্যবিত্ত শ্ৰেণীৰ লোকৰ৷ বানে জুৰুলা কৰা ৰাজ্যবাসীৰ বাবে অসহনীয় হৈছে শাক-পাচলি, চাউল, দাইল আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ভৰ খহাটো৷ ৰাজ্যৰ ক’তো এতিয়া কিলোত ৮০-৯০ টকা দৰৰ তলত কোনো এবিধ পাচলি পাবলৈ নাই৷ ঠায়ে ঠায়ে পাচলিৰ দাম কিলোত ১২০-১৪০ টকা পৰ্যন্ত হৈছেগৈ৷ আজিৰ তাৰিখত গুৱাহাটীৰ বজাৰত জিকাৰ দাম কিলোত ৮৫/৯০টকা, ভাত কেৰালাৰ দাম ৮০/৯০ টকা, বেঙেনাৰ দাম ৮৫ টকা, পটলৰ দাম ৬০/৭০ টকা, বিলাহীৰ দাম ৭০/৮০ টকা, লেচেৰাৰ দাম ৮০ টকা, ভেণ্ডিৰ দাম ৮০ টকা, তিতা কেৰেলাৰ দাম ১০০ টকা, জাতি লাও একোটাত ৬০/৭০ টকা, ৰঙা লাও কিলোত ৪০ টকা৷ মাছ-মাংস, কণীৰ দামো ভয়ংকৰ হাৰত বৃদ্ধি পাইছে৷ বানৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীৰ বাবে মাছ-মাংস-কণী খোৱাটো সাধাৰণ মানুহৰ বাবে কেৱল কল্পনাৰ বিষয় হৈ পৰিছে৷ কিলোত ৪০০-৫০০ টকাৰ তলত স্থানীয় মাছ, কিলোত ৬৫০-৭০০ টকাৰ তলত স্থানীয় কুকুৰাৰ মাংস পাবলৈ নাই৷ ছাগলীৰ মাংসৰ দামো বৃদ্ধি হৈছে অভাৱনীয়ভাৱে৷ কণীৰ দামো বৃদ্ধি পাইছে দুৰ্বাৰ গতিত৷ কণী প্ৰতি প্লেটৰ দাম ২০০-২২০ টকালৈ বৃদ্ধি পাইছে৷ ইতিমধ্যে বানে কাবু কৰা ৰাজ্যবাসীৰ ওপৰত শাক-পাচলিৰ পৰা মাছ-মাংস কণীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পাছতো নিৰ্লিপ্ত হৈ আছে ৰাজ্য চৰকাৰ৷ গভীৰ নিদ্ৰাত ৰাজ্যৰ কৃষি বিভাগ, কৃষি বিপণন পৰিষদ আৰু পশুধন উন্নয়ন নিগম৷ ইতিমধ্যে নিত্যৱ্যৱহাৰ্য দৰবৰ দামো ১০-১৫ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাত উপায়ন্তৰ হৈ পৰিছে সাধাৰণ জনতা৷ উল্লেখ্য, শেহতীয়া বানত বহু ঠাইত ভঁৰালতে ধান, মাহ নষ্ট হৈছে৷ ফলস্বৰূপে অচিৰেই চাউল, দাইলৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷