Logo
image

বিদ্যুৎ নোহোৱাকৈ চলিব এচি

গুৱাহাটী আইআইটিৰ চমকপ্ৰদ উদ্ভাৱন

আমাৰ অসম, ৫ জুলাইঃ জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠান আইআইটি, গুৱাহাটীৰ  ইলেক্ট্ৰ’নিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগৰ এটা গৱেষকৰ দলে শেহতীয়াকৈ এটা চমকপ্ৰদ উদ্ভাৱন কৰি নজিৰ সৃষ্টি কৰিছে৷ এই উদ্ভাৱনৰ দ্বাৰা এতিয়া বিদ্যুৎ নোহোৱাকৈয়ে যিকোনো লোকে চলাব পাৰিব এ চি৷ ‘ৰেডিয়েটিভ কুলাৰ’ নামৰ এই যন্ত্ৰটো শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যাব৷ ৰেডিয়েটিভ কুলাৰ সাংঘাতিক ব্যয়বহুলো নহয়৷ এই এচিটো দিনত আৰু ৰাতিও চলাব পাৰিব৷ আইআইটি গুৱাহাটীৰ ইলেক্ট্ৰ’নিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগৰ গৱেষক ছাত্ৰ আশীষ কুমাৰ চৌধুৰীৰ তত্ত্বাৱধানত আৰু সহকাৰী অধ্যাপক দেৱব্ৰত শিকদাৰৰ পৰ্যৱেক্ষণত এই চমকপ্ৰদ যন্ত্ৰটো উদ্ভাৱন কৰা হৈছে৷ দুয়োগৰাকী গৱেষক ছাত্ৰই বিভিন্ন অধ্যয়ন আৰু পৰ্যৱেক্ষণৰ অন্তত ‘ৰেডিয়েটিভ কুলাৰ’ৰ মডেল প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে৷ বিদ্যুৎবিহীনভাৱে চলিবলগীয়া এই এ চিক লৈ ৰাইজৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ হৈছে৷ ইতিমধ্যে এই কুলাৰৰ তাত্ত্বিক মডেলৰ পৰীক্ষা-নিৰীক্ষা কৰি সফল হৈছে গৱেষক দলটো৷ এম টেকৰ ছাত্ৰ অনুৰাগ ৰেড্ডীৰ সহযোগত এই উদ্ভাৱন সাৰ্থক কৰি তুলিবলৈ সক্ষম হৈছে গৱেষক কেইজনে৷ গৱেষক দলটোৱে  প্ৰকাশ কৰা অনুসৰি–‘এই যন্ত্ৰটো কম খৰচতে সকলো লোকে ব্যৱহাৰ কৰিব পাৰিব৷ দিন- ৰাতি সমানেই কাৰ্যক্ষম হৈ থাকিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা এই যন্ত্ৰটোৱে তাৰ চাৰিওফালৰ পৰিৱেশৰ শীত- তাপ নিয়ন্ত্ৰণ কৰিব পাৰিব৷ সম্পূৰ্ণ সৌৰশক্তিৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এই যন্ত্ৰটোৰ পৰীক্ষামূলক পৰ্যৱেক্ষণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে৷’