Logo
image

আলফা আলোচনাৰ যতি

বহু যুৱক-যুৱতীৰ যোগদান, কেম্প চলাবলৈ ধন সংগ্ৰহ আলফাৰ

আমাৰ অসম, ৫ জুলাইঃ কলিতে মৰহিল আলফা-চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়া! ৰাজ্যৰ প্ৰভাৱশালী ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই আলফা-চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়াত  সঁহাৰি জনাইছিল বিদ্ৰোহী সংগঠনটোৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই৷ কিন্তু শেহতীয়াকৈ আলফাৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পাছতেই প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াত সদিচ্ছা নোহোৱা হৈ পৰা বুলি মুকলিকৈ ঘোষণা কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ শুকুৰবাৰে তিনিচুকীয়াৰ কাকপথাৰত সেনা-আৰক্ষীয়ে অভিযান চলাই গুলীয়াই হত্যা কৰিছিল আলফা নেতা জ্ঞান অসম ওৰফে সন্তোষ গগৈক৷ ইয়াৰ পাছতেই শদিয়াৰ আলফা নেতাজনক ‘অমৰ মৃতক’ ঘোষণা কৰিছিল বিদ্ৰোহী সংগঠনটোৱে৷ সেনা-আৰক্ষীৰ এই কঠোৰ স্থিতিৰ পাছতেই সংবাদ মাধ্যমক আলফাৰ মুৰব্বী পৰেশ বৰুৱাই চৰকাৰে আলফাৰ একপক্ষীয় যুদ্ধ বিৰতিক সন্মান নজনালে বুলি স্পষ্ট কৰি দিয়ে৷ আলফাৰ দলটোৱে সেনা-আৰক্ষীক কোনো আক্ৰমণৰ বাবে যোৱা নাছিল বুলি দাবী কৰি শিবিৰৰ সদস্যসকলৰ বাবে ঔষধ-পাতি সংগ্ৰহৰ বাবেহে তিনিচুকীয়াত বাহৰ পতা বুলিহে ব্যক্ত কৰিছে পৰেশ বৰুৱাই৷ অৱশ্যে সেনা-আৰক্ষীয়ে আলফাৰ ওপৰত কৰা আকস্মিক আক্ৰমণৰ কাৰ্যই শান্তি আলোচনা প্ৰক্ৰিয়াত চৰকাৰৰ কোনো যে সদিচ্ছা নাই তাক প্ৰমাণ কৰা বুলি মন্তব্য কৰি সংবাদ মাধ্যমক পৰেশ বৰুৱাই কয়–‘হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াই নিয়া শান্তি আলোচনা প্ৰক্ৰিয়া সফল হ’ব নে নহয়, সেয়া সন্দেহৰ ঊধবৰ্ত নহয়৷ কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে দিল্লীয়ে আমাৰ সৈতে খেল খেলিছে যেনহে মনে ধৰিছে৷ আমি আলোচনাৰ প্ৰতি যি সদিচ্ছা জনাইছিলো তাক চৰকাৰে চেঁচা পানী ঢালিছে৷ আলফাই পূৰ্বে ৯ মাহ যুদ্ধ বিৰতি ঘোষণা কৰিছিল যদিও বৰ্তমান আনুষ্ঠানিকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰা নাই৷ কিন্তু আলোচনাৰ পৰিৱেশৰ স্বাৰ্থত আৰু বৰ্তমান অসম বানত ডুবি থকাৰ সময়ত আলফাই কোনো অভিযান ঘোষণা কৰা নছিল৷ ইয়াৰ বিপৰীতে চৰকাৰী পক্ষই আলফাৰ লিংকমেন সজাই সুৰুজ গগৈক এনকাউণ্টাৰত হত্যা কৰা, আলফাৰ সপেক্ষে ছ’চিয়েল মিডিয়াত পোষ্ট দিয়া যুৱক-যুৱতীক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি জে’ললৈ প্ৰেৰণ কৰা কাৰ্যই চৰকাৰৰ প্ৰকৃততে যে শান্তি আলোচনাৰ প্ৰতি যে সদিচ্ছা নাই তাকে প্ৰতীয়মান কৰিছে৷’ অৱশ্যে পৰেশ বৰুৱাই সংঘৰ্ষত জ্ঞান অসমৰ বাহিৰে আলফাৰ আন কোনো সদস্য হতহত হোৱা নাই বুলি দাবী কৰিছে যদিও এই দাবীক অস্বীকাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে৷ শেহতীয়াকৈ ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাত শিবিৰ চলাবলৈ ধন নথকাৰ বাবেহে অস্ত্ৰসহ একাংশ কেডাৰ ম্যানমাৰৰ পাহাৰৰ পৰা নামি আহি ধন সংগ্ৰহৰ চেষ্টা চলোৱা বুলি বিস্ফোৰক দাবী কৰিছে তিনিচুকীয়া আৰক্ষীয়ে৷ এই সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সোমবাৰে এখন সংবাদ মেলত কয় যে– আলফাৰ ছজনীয়া দলটোৱে ধন দাবী, ধন সংগ্ৰহ আৰু জিলাখনত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্য লৈ আহিছিল৷ ইতিমধ্যে আলফা স্বাধীনে জিলাখনৰ বহু ব্যক্তিক ধন দাবী কৰিছে৷ সংগঠন চলাবৰ বাবে টকাৰ অভাৱ হোৱাত দলটো অসমলৈ নামি আহিছিল৷ আলফাই ঘোষণা কৰা একপক্ষীয় যুদ্ধ বিৰতিৰ সময়ত বহু যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰিছিল৷ বৰ্তমান এই সকল কেডাৰক প্ৰশিক্ষণ আৰু কেম্প পৰিচালনা কৰিবলৈ অৰ্থ সংকটত ভুগিছে৷ আৰু সেই বাবেই ধন সংগ্ৰহ কৰিবলৈ আহিছিল আলফাৰ দলটো৷’ অৱশ্যে আলফাৰ ফালৰ পৰা ঔষধ নিবলৈ অহা বুলি দাবী কৰিছে যদিও এই কথা মানি লোৱা নাই তিনিচুকীয়া আৰক্ষীয়ে৷ আৰক্ষী অধীক্ষকজনৰ মতে আলফা সদস্য জ্ঞান অসমৰ মৃত্যু হোৱাৰ বিপৰীতে দলটোৰ বাকীকেইজন আঘাতপ্ৰাপ্ত হৈছে যদিও আঘাত গুৰুতৰ নোহোৱাৰ বাবে পলাই যাবলৈ সক্ষম হ’ল৷ সম্প্ৰতি তিনিচুকীয়া জিলাৰ  ২৪জন যুৱক-যুৱতীয়ে আলফাত যোগদান কৰা বুলি আৰক্ষী অধীক্ষকজনে সংবাদমেলত জানিব দিয়ে৷

তিনিচুকীয়া জিলাৰ পৰা আকৌ ২৪জন গ’ল আলফালৈ

তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ দ-পথাৰ মাজগাঁৱত ১ জুলাইত সংঘৰ্ষত জড়িত আলফা স্বাধীনৰ দলটো ধন সংগ্ৰহৰ বাবে বাহৰ পাতি আছিল বুলি প্ৰকাশ কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে৷ আজি এক সংবাদমেলত তেওঁ কয় যে যদিও আলফা স্বাধীনৰ ফালৰ পৰা দলটোৱে ঔষধ-পাতি সংগ্ৰহ কৰিবলৈ তিনিচুকীয়া জিলাত প্ৰৱেশ ঘটা বুলি দাবী কৰিছে, প্ৰকৃততে সেই দাবীৰ কোনো ভিত্তি নাই৷ কাৰণ তেওঁলোকে অৰুণাচলৰ পৰাই ঔষধ-পাতি সংগ্ৰহ কৰিব পাৰে৷ তদুপৰি ঔষধ-পাতি সংগ্ৰহ কৰিবলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ অহাৰ গ্ৰহণযোগ্যতা নাই৷ তেনেস্থলত তেওঁলোকে ধন সংগ্ৰহ অভিযানৰ বাবেই  জিলাখনত প্ৰৱেশ কৰা বুলি ক’ব পাৰি৷  উল্লেখ্য, দলটোৱে কাকপথাৰ অঞ্চলৰ দ-পথাৰ মাজগাঁৱত বাবা চাংমাই নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়তে সেনা-আৰক্ষীৰ সৈতে তুমুল সংঘৰ্ষ হয়৷ এই সংঘৰ্ষত উগ্ৰপন্থী দলটোৰ এজন সদস্য নিহত হয়৷ এই সন্দৰ্ভত আৰক্ষী অধীক্ষকজনে কয় যে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত এটা সশস্ত্ৰ উগ্ৰপন্থীৰ দলে বিচৰণ কৰি থকা বুলি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তেওঁলোকে খবৰ লাভ কৰিছিল৷ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত এটা দলৰ কোনো উদ্দেশ্য নথকাকৈ আগমন ঘটাটো বিশ্বাসযোগ্য কথা হ’ব নোৱাৰে৷ যদি কোনোৱে এইদৰে গধুৰ অস্ত্ৰ লৈ প্ৰৱেশ কৰে স্বাভাৱিকতেই নিৰাপত্তা বাহিনীসমূহে তাক প্ৰতিহত কৰিবলৈ যত্নপৰ হ’ব৷ কাকপথাৰৰ সংঘৰ্ষ তাৰে উদাহৰণ বুলি দেউৰীয়ে কয়৷  তেওঁ লগতে কয় যে যিহেতু বহু যুৱকে সংগঠনটোত নতুনকৈ যোগদান কৰিছে তেওঁলোকক চলাই নিবলৈ বহু পৰিমাণৰ অৰ্থৰ প্ৰয়োজন৷ তেনেস্থলত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দলটোৱে অৰ্থ সংগ্ৰহ অভিযানত অহা বুলি ভবাৰ থল আছে৷ নতুবা গোপনে কোনো ব্যৱসায়ীয়ে তেওঁলোকক ধন দি সহায় কৰিবও পাৰে৷ অৰ্থ অবিহনে শিৱিৰ চলোৱা অসম্ভৱ৷ সেইদৰে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিবলৈও বিপুল পৰিমাণৰ অৰ্থৰ প্ৰয়োজন৷ তেনেস্থলত ধন সংগ্ৰহৰ বাবেই দলটোৰ আগমন ঘটা বুলি ধাৰণা কৰিব পাৰি৷ অধীক্ষকজনে আলফা-চৰকাৰৰ আলোচনাৰ প্ৰসংগ উত্থাপন কৰি কয় আলোচনা হোৱাটো আমি প্ৰত্যেকেই বিচাৰো৷ শান্তি হ’লে উন্নয়ন সম্ভৱ৷ কিন্তু যুদ্ধবিৰতিৰ কালছোৱাত ডেৰশ/দুশ ল’ৰাক সংগঠনটোত যোগদান কৰোৱা বিষয়টো সন্দেহজনক৷ তেওঁ লগতে ১ জুলাইৰ সংঘৰ্ষৰ লগত জড়িত দলটোক ৰূপম অসমে নেতৃত্ব দিয়া বুলি উল্লেখ কৰি সংঘৰ্ষৰ দিনটোতে তেওঁলোক নিৰাপদে অসমৰ পৰা বাহিৰ হ’বলৈ সম্ভৱ হোৱা বুলি প্ৰকাশ কৰে৷ আনফালে আলফা স্বাধীনৰ ছয়জনীয়া দলটোৱে আশ্ৰয় লৈ থকা বাবা চাংমাইৰ পৰিয়ালটো সেনা-আৰক্ষীৰ বাবে শলঠেকত পৰিব পাৰে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ তেনে সম্ভাৱনা নাকচ কৰি দলটোৱে বলপূৰ্বক চাংমাইৰ ঘৰত আশ্ৰয় লোৱা বুলি কয়৷ তেওঁ লগতে যুদ্ধবিৰতি চলি থকাৰ মাজতে এনে গতি-বিধি গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰি আলফা স্বাধীনৰ একপক্ষীয় যুদ্ধবিৰতিৰ সময়ত এইপৰ্যন্ত তিনিচুকীয়া জিলাৰ ২৪জনে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বুলি জানিবলৈ দিয়ে৷