Logo
image

মন্দিৰত সেৱাৰে দ্ৰৌপদীক সমৰ্থন ঘোষণা আজমলৰ

এনডিএৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীক ইউডিএফৰ সমৰ্থন

আমাৰ অসম, ৫ জুলাইঃ নিৰ্বাচন আহিলেই যেন হঠাৎ অসমলৈ মনত পৰে এআইউডিএফৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ৷ এই পৰ্যন্ত প্ৰতিটো নিৰ্বাচনতে আজমলৰ ভূমিকা আছিল অতি কৌশলপূৰ্ণ৷ সন্মুখত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন৷ সেয়ে পুনৰ বিতৰ্কিত মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিত নিজৰ উপস্থিতিৰ উমান দিছে আজমল৷ বিজেপি দল কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰাৰে পৰা যেন অধিক ৰহস্যজনক হৈ পৰিছে আজমলৰ স্থিতি৷ বিশেষকৈ বিগত লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন, উপ-নিৰ্বাচন আৰু শেহতীয়াভাৱে ৰাজ্যসভাৰ নিৰ্বাচনত আজমল বাহিনীয়ে নিজৰ কথা আৰু কামৰ দ্বাৰা বিজেপি দলৰ প্ৰতি যিমান প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে, অধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে কংগ্ৰেছ আৰু অন্য বিৰোধী দলৰ বাবে৷ বিধানসভাৰ বিগত নিৰ্বাচনত আজমল আৰু এআইউডিএফ দলেই আছিল বিজেপিৰ মূল আক্ৰমণৰ লক্ষ্য৷ বিজেপিয়ে ইয়াক ‘মোগলৰ বিৰুদ্ধে শেষৰখন শৰাইঘাটৰ যুদ্ধ’, ‘সভ্যতাৰ যুজ’ আদি হিচাপে অভিহিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হয়৷ কিন্তু ৰহস্যজনকভাৱে আজমল বাহিনী বিগত বিধানসভাৰ নিৰ্বাচন বা ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যিমান আক্ৰমণাত্মক হ’ব লাগিছিল তাৰ পৰিৱৰ্তে বিৰোধী শিবিৰৰ সৈতেহে মুকলি যুদ্ধ ঘোষণা কৰি নিৰ্বাচনী পৰিৱেশ সম্পূৰ্ণৰূপে ধুঁৱলী-কুঁৱলী কৰি তোলে৷ প্ৰয়োজনীয় সংখ্যা থকাৰ পাছতো ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা পৰাজিত হয়৷ আজমল বাহিনীৰ বিশ্বাসঘাটকতাৰ ফলতে শাসকীয় বিজেপিয়ে দুয়োখন আসনতে জয়ী হোৱা বুলি কংগ্ৰেছে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ এআইউডিএফৰ জ্জজনকৈ বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়া বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ আজি পৰ্যন্ত আজমল বাহিনীয়ে মিছা বুলি প্ৰমাণিত কৰিব নোৱাৰিলে৷ অনুৰূপ ঘটনা বিধানসভাৰ উপ-নিৰ্বাচনৰ সময়তো ঘটে৷ দিল্লীত ছোনীয়া গান্ধীৰে সু-সম্পৰ্ক ৰক্ষা কৰি চলি থকা বদৰুদ্দিন আজমল অসমত উপস্থিত হ’লেই যেন কংগ্ৰেছৰ বিৰুদ্ধে সমুখ সমৰত লিপ্ত হৈ পৰে৷ যাৰ ফলত এইপৰ্যন্ত অসমত বিৰোধী ঐক্য শক্তিশালী ৰূপত ঠন ধৰি নুঠিল৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ আৰু এআইউডিএফৰ মাজৰ আক্ৰমণ প্ৰত্যাক্ৰমণে এটা সময়ত চূড়ান্ত ৰূপ ধাৰণ কৰে৷ অভিযোগ-প্ৰতিঅভিযোগেৰে জৰ্জৰিত হৈ পৰে দুয়োটা দলৰ মাজৰ মিত্ৰতা৷ শেহতীয়াভাৱে পুনৰাবৃত্তি হ’বলৈ গৈ আছে একেই পৰিৱেশৰ৷ ৰাষ্ট˜পতিৰ নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক একপ্ৰকাৰে সমৰ্থনে জনালে আজমলে৷ অতি কৌশলপূৰ্ণভাৱে ইয়াৰ দোষ জাপি দিব বিচাৰিছে কংগ্ৰেছৰ ওপৰত৷ কেৱল দ্ৰৌপদী মুৰ্মুক সমৰ্থন জনোৱাই নহয়, ঈদত গৰু কুৰবানী দিয়াৰ বিৰুদ্ধেও স্থিতি গ্ৰহণ কৰিছে আজমলে৷ আনকি সম্প্ৰতি কাছাৰ জিলাত থকা আজমলে বৰম বাবা মন্দিৰত উপস্থিত হৈ মন্দিৰ প্ৰাংগণত দুপৰীয়াৰ সাজ খায়৷ শিৱ মন্দিৰত প্ৰৱেশ কৰাক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে আজমল৷ ৰাষ্ট˜পতি নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰাৰ যুক্তি প্ৰদৰ্শন কৰি আজমলে কয়– এতিয়ালৈকে বিৰোধীপক্ষৰ সভাত মই উপস্থিত থাকিব পৰা নাই ছোনীয়া গান্ধীয়ে অনুৰোধ কৰাৰ পাছতো৷ আমাৰ দলৰ বিধায়ক আমিনুল ইছলাম এই বৈঠকত উপস্থিত আছিল৷ দুবাৰকৈ অনুষ্ঠিত এই বৈঠকত তেওঁ অংশ লৈছে৷ বিগত দুদিনমানৰ পৰা ভূপেন বৰাই নিজৰ দলৰ সভাপতিৰ মৰ্যাদা নাৰাখি ৰাষ্ট˜পতিৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ ওপৰত আক্ৰমণ কৰি আছে৷ ভূপেন বৰা বিজেপিৰ সৈতে লগ লাগিছে আৰু ইয়াৰ বাবে তেওঁ মোৰ বিৰুদ্ধে কৈ আছে, যাতে মই খং কৰি বিৰোধীৰ ৰাষ্ট˜পতি পদৰ প্ৰাৰ্থীজনক ভোট নিদি এনডিএৰ প্ৰাৰ্থীজনক দিওঁ৷ পাছত যাতে ক’ব পাৰে যে আজমল বিজেপিৰ বি টিম৷ এনে ঘটনাৰ বাবে ১০০ শতাংশই দায়ী হ’ব ভূপেন বৰা৷ আমি এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই৷ আমি মাজত আছো৷ ভূপেন বৰাই আমাৰ সিদ্ধান্তক আদৰণি জনাব লাগিছিল৷ যদি আমি এনডিএৰ বিৰোধী পক্ষত থাকোঁ তেন্তে আমাৰ কিমান বিপদ আছে সকলোৱে জানে৷ তাৰ পাছতো আমি বিৰোধীৰ সভালৈ গৈছিলোঁ৷ কিন্তু ভূপেন বৰাই এইটো বিচৰা নাই৷ ভূপেন বৰাই কেৱল মোৰে অপমান কৰা নাই৷ ছোনীয়া গান্ধীকো অপমান কৰিছে৷ সেয়ে এতিয়া আমি মৌন হৈ আছোঁ৷ আমি শেষ পৰ্যন্ত চাম কাক ভোট দিলে ভাল হ’ব৷ আমি কাৰ লগত যাম-নাযামসেইটো পাছত সিদ্ধান্ত ল’ম৷ আমাৰ ইতিমধ্যে সিদ্ধান্ত হৈ গৈছিল৷ কিন্তু ভূপেন বৰাৰ উল্টা-পুল্টা মন্তব্যৰ কাৰণে আমাৰ দলৰ বিধায়কসকল ক্ষোভিত হৈ পৰিছে৷ সকলোৱে কৈ আছে আমি কিয় কংগ্ৰেছৰ লগত থাকিব লাগে৷ কংগ্ৰেছে সদায় আমাক গালি পাৰি থাকে৷ বিজেপিৰ বি টীম কয়৷ আমি কংগ্ৰেছৰ লগত নাযাও৷ ছোনীয়া গান্ধীয়ে আমাক সন্মান কৰে৷ কিন্তু ভূপেন বৰা ইমান ডাঙৰ মানুহ হৈ গ’ল যে আমাক কেৱল গালিয়ে পাৰি থাকে৷ ভূপেন বৰা আহিছে শূন্যৰ পৰা৷ কোনোবা এটা নিৰ্বাচনত তেওঁ জয়ী হৈছে নেকি? তেওঁ এশ শতাংশই শূন্য৷ জিৰো মানুহ এজনক হিৰো বনোৱাৰ চেষ্টা চলিছে৷ ভূপেন বৰাই বিজেপিৰ এজেণ্ট হৈ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপিক সহায় কৰি আছে৷

মন্দিৰত বদৰুদ্দিন আজমল

৪ দিনীয়া বৰাক উপত্যকা ভ্ৰমণত আহি হঠাৎ কাছাৰ জিলাৰ বড়জালেংগাত থকা বৰম বাবাৰ মন্দিৰ নামে খ্যাত শিৱ মন্দিৰত উপস্থিত হয় ইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল৷ কেৱল ইমানে নহয়, মন্দিৰত উপস্থিত হৈ দুপৰীয়া আহাৰো গ্ৰহণ কৰে আজমলে৷ কিন্তু এই ঘটনাক লৈ এতিয়া বৰাক উপত্যকাত সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ৷ মৌলানা বদৰুদ্দিনে মন্দিৰত পূজা-অৰ্চনা কৰিছে বুলি সামাজিক মাধ্যমত বিদ্ৰুপ কৰিবলৈ আৰম্ভ কৰিছে বিভিন্নজনে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বদৰুদ্দিন আজমলে কয়– মন্দিৰ-মছজিদত যোৱাৰ অৰ্থ কেৱল মাত্ৰ পূজা দিয়া আৰু নামাজ পঢ়া নহয়৷ এই বৰম বাবাৰ মন্দিৰ চৌহদত সোনাই সমষ্টিৰ বিধায়কে ১৫ হাজাৰ দুখীয়া ৰাইজৰ খোৱাৰ ব্যৱস্থা কৰিছিলে৷ ইয়াৰ বাবেই তাত উপস্থিত হৈ আহাৰ গ্ৰহণ কৰোঁ৷ মই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা নাই৷