Logo
image

ক’ভিড বাঢ়িছে, আজি কেবিনেটৰ ‘সিদ্ধান্ত’

আমাৰ অসম, ৫ জুলাইঃ ৰাজ্যত অতি সংগোপনে শিপা মেলিছে ক’ভিড ভাইৰাছে৷ চৰকাৰী তথ্যত ৰাজ্যত দৈনিক ক’ভিড পজিটিভ ৰোগীৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিলেও প্ৰকৃতাৰ্থত উক্ত পৰিসংখ্যাতকৈ কেইবাগুণো অধিক লোক দৈনিক সংক্ৰমিত হোৱা বুলিহে চিকিৎসক-বিশেষজ্ঞমহলে সন্দেহ ব্যক্ত কৰিছে৷ ৰাজ্যত ক’ভিডৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ তথ্যগত বিশ্লেষণ ‘আমাৰ অসম’ত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱাৰ পাছতেই চকু মেল খাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ৷ ‘আমাৰ অসম’ত প্ৰকাশ পোৱাৰ বাতৰিৰ পৰিপ্ৰেক্ষিততে কাইলৈ বিয়লি দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত ক’ভিড সংক্ৰমণৰ বিষয়টোৱে বিশেষ গুৰুত্ব পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ এই কেবিনেট বৈঠকতে ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিবলগীয়া সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কীয় এছ অ’ পি প্ৰকাশৰ সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে৷ বিশেষকৈ চৰকাৰী হাস্পতালত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা আৰু পজিটিভ ৰোগীয়ে হোম কোৱাৰেণ্টীনৰ নীতি-নিয়ম পালন নকৰা বিষয়টোৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ পৰা কঠোৰ নিৰ্দেশ দিয়াৰো সম্ভাৱনা ব্যক্ত কৰিছে দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই৷ লক্ষণীয় বিষয়টো হৈছে অম্বুবাচী মেলা আৰু মহাৰাষ্ট্ৰৰ বিৰোধী বিধায়কে ৰেডিচন ব্লু হোটেলত বাহৰ পতাৰ পাছৰে পৰা ৰাজ্যত বিশেষকৈ গুৱাহাটীত দ্ৰুত হাৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে৷ বহু লোকে ক’ভিড উপ-সৰ্গই দেখা দিয়াৰ পাছতো ক’ভিড পৰীক্ষা অবিহনেই ঘূৰি ফুৰাৰো অভিযোগ উঠিছে৷ যাৰ ফলত ৰাজ্যত ক’ভিডে দ্ৰুত হাৰত সংক্ৰমণ হোৱা বুলিও চিকিৎসকসকলে সন্দেহ কৰিছে৷ ইফালে শেহতীয়াকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যৰ প্ৰতিখন আদালতৰ চৌহদতে মাস্ক-সামাজিক ব্যৱধান বাধ্যতামূলক কৰিছিল যদিও বাস্তৱত কোনেও সেই নিৰ্দেশনা পালন কৰা নাছিল৷ স্বাভাৱিকতেই কাইলৈ হ’বলগীয়া কেবিনেট বৈঠকত ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱাৰো পূৰ্ণ সম্ভাৱনা আছে৷ অতি উদ্বেগজনকভাৱে  বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১৬১জন লোক৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে সৰ্বাধিক ৯০জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ তদুপৰি কামৰূপত ২৪জন, ডিব্ৰুগড়ত ১১জন আৰু দৰঙত ৭জন লোকৰ পজিটিভ ধৰা পৰিছে৷ বৰ্তমান ৰাজ্যত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭১০জন৷ আনহাতে পজিটিভিটিৰ হাৰ হৈছে ৯.৮৭শতাংশ৷