Logo
image

হোটেল-ধাবা ৰেস্তোৰাঁক সেৱাকৰ আদায় দিব নালাগে কোনো গ্ৰাহকে

আমাৰ অসম, ৫ জুলাইঃ দেশৰ কোনো হোটেল বা ৰেস্তোৰাঁই গ্ৰাহকৰ পৰা খাদ্য পৰিৱেশনৰ বিলৰ ওপৰত সেৱাকৰ আৰোপ কৰিব নোৱাৰিব৷ কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ে সোমবাৰে এই বিষয়টো স্পষ্ট কৰি দিছে৷ তেওঁলোকে জনাইছে, কোনো হোটেল আৰু ৰেস্তোৰাঁই গ্ৰাহকৰ পৰা তেওঁ গ্ৰহণ কৰা খাদ্যৰ বিনিময়ত হোৱা মূল্যৰ ওপৰত নিজাববীয়াকৈ সেৱাকৰ ল’ব নোৱাৰিব৷ যদিহে তেওঁলোকৰ ধন আদায়ৰ বিল তৈয়াৰ কৰা ব্যৱস্থাত আপোনা আপুনি সেৱাকৰ সংযুক্ত হৈ যায় তেন্তে তেওঁলোকে সেই ব্যৱস্থা সংশোধন কৰিব লাগিব৷ অৰ্থাৎ  দেশৰ সকলো হোটেল আৰু ৰেস্তোৰাঁই খাদ্যৰ বিনিময়ত প্ৰাপ্য মূল্যহে ল’ব পাৰিব, কোনো কাৰণতে সেৱাকৰ ল’ব নোৱাৰিব৷ অৱশ্যে গ্ৰাহকজনে স্বেচ্ছাই যদি সেৱাকৰ দিবলৈ ইচ্ছা কৰে তেতিয়া হোটেল বা ৰেস্তোৰাঁৰ কতৃৰ্পক্ষ দায়ী নহ’ব৷ অন্যথা হোটেল আৰু ৰেস্তোৰাঁই নিজাববীয়াকৈ সেৱাকৰ আৰোপ কৰিলে গ্ৰাহকে ৰাষ্ট্ৰীয় ক্ৰেতা সুৰক্ষা হেল্পলাইনৰ ১৯১৫ নম্বৰত ফোন কৰি অভিযোগ কৰিব পাৰিব৷ তেনে হোটেল বা ৰেস্তোৰাঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰু আইনগত ব্যৱস্থা লোৱাৰ সুবিধা আছে৷ উল্লেখ্য দেশৰ হোটেল আৰু ৰেস্তোৰাঁই তেওঁলোকৰ মান অনুসৰি গ্ৰাহকৰ পৰা খাদ্যৰ বিলৰ বিনিময়ত ১৮ শতাংশ পৰ্যন্ত সেৱাকৰ আৰোপ কৰি আহিছে৷