Logo
image

ন্যায়াধীশো আক্ৰমণৰ লক্ষ্য! পাৰ্ডিৱালাৰ উদ্বেগ

আমাৰ অসম, ৫ জুলাইঃ বিজেপিৰ বিতৰ্কিত নেত্ৰী নূপূৰ শৰ্মাক এটা গোচৰৰ শুনানিত ভৎৰ্সনা কৰি প্ৰবল ব্যক্তিগত আক্ৰমণৰ সন্মুখীন হৈছে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্ডিৱালা৷ নূপুৰ শৰ্মাই তেওঁৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত ৰুজু হোৱা সকলো গোচৰ দিল্লীত একত্ৰিত কৰাৰ বাবে উচ্ছতম ন্যায়ালয়ত আবেদন জনাইছিল৷ সৰ্বোচ্ছ আদালতৰ যিখন অৱসৰকালীন বিচাৰপীঠে নূপুৰ শৰ্মাৰ সেই আবেদন নাকচ কৰিছিল তাৰ দুজন বিচাৰপতি আছিল ন্যায়াধীশ সূৰ্যকান্ত আৰু জে বি পাৰ্ডিৱালা৷ শুনানিৰ পৰ্যৱেক্ষণত তেওঁ নূপুৰ শৰ্মাক ভৎৰ্সনা কৰি তেওঁৰ জিভা লৰক-ফৰক বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ আপত্তিজনক মন্তব্যৰ বাবে দেশত জুই জ্বলা বুলি কৈ তাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল৷ তাৰ পাছৰ পৰাই ন্যায়াধীশজন সংবাদ মাধ্যমত, মূলতঃ ছ’চিয়েল মিডিয়াত তীব্ৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে৷ সেই ব্যক্তিগত আক্ৰমণক তেওঁ দেশৰ বাবে ভয়ংকৰ পৰিণামৰ ইংগিতবাহী ঘটনা বুলি অভিহিত কৰিছে৷ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই প্ৰসংগত কয়– ‘কোনো গোচৰৰ ৰায়ৰ বাবে ন্যায়াধীশক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনা ভয়াৱহ পৰিণামৰ ইংগিত৷ তেনেহ’লে আইনে কি ভাবিছে বা বিধান দিছে সেই বিষয়ে নাভাবি সংবাদ মাধ্যমে কি ভাবিছে ন্যায়াধীশে সেয়া ভাবিব লাগিব৷ সেয়া হ’ব আইনৰ শাসনৰ পৰিপন্থী৷ সামাজিক আৰু ডিজিটেল মাধ্যমে এতিয়া ন্যায়াধীশৰ ৰায়ৰ গঠনমূলক সমালোচনা কৰাৰ পৰিৱৰ্তে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ দেশত আইন বলৱৎ কৰি ৰখাৰ বাবে এতিয়া ডিজিটেল আৰু সামাজিক মাধ্যমক বাধ্যতামূলকভাৱে নিয়ন্ত্ৰণ কৰা অধিক প্ৰয়োজনীয় হৈ পৰিছে৷ অন্যথা প্ৰচলিত আইন-আদালতৰ গুৰুত্ব নোহোৱা হৈ পৰিব৷’

প্ৰসংগতঃ, নূপুৰ শৰ্মাৰ প্ৰতি ন্যায়াধীশৰ মন্তব্য অতি কঠোৰ আছিল যদিও সেয়া লিখিত নাছিল, বৰং মৌখিক পৰ্যৱেক্ষণহে আছিল৷ তাৰ পাছতে ছ’চিয়েল মিডিয়াত সমগ্ৰ দেশজুৰি ন্যায়াধীশ পাৰ্ডিৱালাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়৷ ছ’চিয়েল মিডিয়াত ন্যায়াধীশজনক অতি অশালীন ভাষাৰে অনেকেই আক্ৰমণ কৰে৷ নূপুৰ শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবেই তেওঁক সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ পৰা ছ’চিয়েল মিডিয়াত প্ৰবলভাৱে আক্ৰমণ কৰা হয়৷  এনে ঘটনা ইয়াৰ পূৰ্বে দেখা নগৈছিল৷ স্বাভাৱিকভাৱে আদালতৰ পৰ্যৱেক্ষণৰ প্ৰতি দেশৰ ধৰ্মান্ধ নাগৰিকৰ এনে আচৰণত বিস্ময় প্ৰকাশ কৰিবলৈ বাধ্য হৈছে ন্যায়াধীশজনে৷ আনকি এই ক্ষেত্ৰত দেশৰ আইনমন্ত্ৰী কিৰেন ৰিজিজুৱেও পৰোক্ষভাৱে উক্ত পৰ্যৱেক্ষণৰ বিৰুদ্ধেই মন্তব্য কৰে৷ হায়দৰাবাদত দেওবাৰে তেওঁক এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত ৰিজিজুৱে কৈছিল– ‘প্ৰথম কথা, দেশৰ আইনমন্ত্ৰী হিচাপে এটা আদালতৰ নিৰ্দেশ আৰু পৰ্যৱেক্ষণৰ ক্ষেত্ৰত মন্তব্য কৰাৰ এয়া সঠিক স্থান নহয়৷ যদিওবা মই আদালতৰ এই নিৰ্দেশ বা পৰ্যৱেক্ষণ সঠিক বুলি নাভাবো কিম্বা ইয়াৰ বিৰুদ্ধে মোৰ তীব্ৰ আপত্তি আছে, তথাপি মই এই বিষয়ত ইয়াত মন্তব্য কৰিব নোৱাৰো৷’