Logo
image

কৰ’না নিয়ম উলংঘা কৰিলে ৯ লক্ষাধিক টকাৰ জৰিমনা

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ কৰ’না দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে ব্ৰিটেইনত৷ এক প্ৰকাৰ দেশখনৰ প্ৰশাসন ভয়ত কম্পমান হৈ পৰিছে৷ প্ৰতিদিনে হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে৷ এই ক্ষেত্ৰত কৰ’নাৰ সংক্ৰমণ ৰোধিবলৈ কঠোৰ আইন বলৱৎ কৰিছে ইংলেণ্ডে৷ ক’ভিড আক্ৰান্ত কোনো লোক যদি আইশ্ব’লেছনত নাথাকে তেওঁ ১০ হাজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰা মূল্যত ৯ লাখ ৪২ হাজাৰ টকা জৰিমনা ভৰিব৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে দেশবাসীক সম্বোধি কয় এয়া কৰ’নাৰ বিৰুদ্ধে আমাৰ এক যুদ্ধ৷ উল্লেখ্য দেশখনৰ উত্তৰ-পশ্চিম, উত্তৰ আৰু মধ্য ইংলেণ্ডত কৰ’নাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে৷ ২৮ ছেপ্টেম্বৰৰ পৰা এই আইন কাৰ্যকৰী হ’ব৷ ২৮ ছেপ্টেম্বৰৰ পৰা কোনো লোকৰ যদি কৰ’না পজিটিভ হয় তেওঁ বাধ্যতামূলকভাৱে আইশ্ব’লেছনত থাকিব লাগিব৷ এই আইন ভংগ কৰিলে তেওঁ ১৩ হাজাৰ ডলাৰ জৰিমনা ভৰিব লাগিব৷