Logo
image

তাজমহলৰ তলত মন্দিৰ নাই!

আৰ্কিঅ’লজীৰ ঘোষণা

আমাৰ অসম, ৫ জুলাইঃ ‘অযোধ্যা ছিৰ্ফ ঝাকি হ্যে, কাশী-মথুৰা বাকী হ্যে’– অযোধ্যাৰ বিতৰ্কিত বাবৰি মছজিদ থকা টিলাসদৃশ অংশটো উচ্ছতম ন্যায়ালয়ে ৰামৰ জন্মভূমি বুলি ৰায়দান কৰাৰ পাছতে গোড়া হিন্দুৱে আন এক দাবী তুলি নতুন হিন্দুত্ব ধবনিৰ সৃষ্টি কৰিছিল৷ তাৰ অসমীয়া ৰূপান্তৰ হ’ব– ‘অযোধ্যা কেৱল এক নমুনাহে, কাশী-মথুৰা দখল কৰিবলৈ এতিয়াও বাকী আছে৷’ হিন্দুত্ববাদীয়ে সেই ধবনিৰে দেশৰ  খ্যাত-অখ্যাত মছজিদৰ অভ্যন্তৰত হিন্দুৰ দেৱ-দেৱীৰ মন্দিৰ কিম্বা মূৰ্তি থকা বুলি আৰু সেয়া যিকোনো মূল্যৰ বিনিময়ত  দখল কৰিবই বুলি নিজৰ মনোভাৱ স্পষ্ট কৰি দিছিল৷ এনে সময়তে সম্প্ৰতি জ্ঞানবাপী মছজিদৰ ভিতৰত এটা শিৱলিংগ থকা  বুলি দাবী উঠাত দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈ আছে৷ পিছে তাৰো পূৰ্বে আগ্ৰাত থকা প্ৰেমৰ প্ৰতীক, বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃত তাজমহলৰ ভিতৰত খটখটীৰ তলত হিন্দু দেৱ-দেৱীৰ মূৰ্তি থকা বুলি ব্যাপক প্ৰচাৰ আৰম্ভ হৈছিল৷ বিজেপিৰ কেইবাজনো সাংসদ, বিধায়কে তাজমহল এসময়ত শিৱৰ মন্দিৰ আছিল  বুলিও দাবী কৰি আহিছে৷ একাংশ হিন্দুত্ববাদীৰ মতে তাজমহল ইছলামধৰ্মীৰ সমাধি নহয়, বৰং ইয়াৰ নাম তেজোমহল আৰু ই এটা হিন্দুৰ মন্দিৰহে৷ শেহতীয়াকৈ তাজমহলৰ ভিতৰত যি ‘আণ্ডাৰগ্ৰাউণ্ড’ কক্ষ আছে, তাত হিন্দু দেৱ-দেৱীৰ মূৰ্তি আছে বুলি প্ৰবল দাবী উত্থাপন হৈছিল৷ কিন্তু ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে সেই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে৷ এখন আৰটিআই আবেদনৰ প্ৰত্যুত্তৰত একেটা বাক্যতে প্ৰত্নতাত্বিক জৰীপ বিভাগে তাজমহলৰ ভিতৰৰ খটখটীৰ তলত থকা কক্ষত কোনো হিন্দু দেৱ-দেৱীৰ মূৰ্তি নাই বুলি মন্তব্য কৰিছে৷ যোৱা ৩ জুনত কেইজনমান আবেদনকাৰীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগক তাজমহলৰ খটখটীৰ তলত থকা কক্ষৰ পৰা হিন্দু দেৱ-দেৱীৰ মূৰ্তি স্থানান্তৰ কৰাৰ বাবে দাবী উত্থাপন কৰি আবেদন জনাইছিল৷ পিছে সেই সময়তে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ছাকেট গোখলেই ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগলৈ এখন আৰটিআই আবেদন প্ৰেৰণ কৰি প্ৰশ্ন কৰে যে তাজমহলৰ অভ্যন্তৰত থকা ‘আণ্ডাৰগ্ৰাউণ্ড’ কক্ষত কি দেৱ-দেৱীৰ মূৰ্তি আছে? ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে সেই প্ৰশ্নৰ উত্তৰত স্পষ্টভাৱে কয় যে তাজমহলৰ খটখটীৰ তলত থকা ‘আণ্ডাৰগ্ৰাউণ্ড’ কক্ষত হিন্দু দেৱ-দেৱীৰ কোনো মূৰ্তি নাই৷ তেওঁলোকে তাজমহলৰ ভিতৰৰ ২০টা তলা মাৰি থোৱা ‘আণ্ডাৰগ্ৰাউণ্ড’ কক্ষ জৰীপ কৰিছে আৰু তাত কোনো দেৱ-দেৱীৰ মূৰ্তি থকাৰ প্ৰমাণ পোৱা নাই৷ তদুপৰি তেওঁলোকে তাজমহল নিৰ্মাণ কৰা ভূমিভাগৰ তলতো কোনো হিন্দুৰ মঠ-মন্দিৰ থকাৰ প্ৰমাণ পোৱা নাই বুলি সেই আবেদনৰ উত্তৰত জনাইছে৷ ধাৰণা কৰা হৈছে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে এই স্পষ্ট উত্তৰ দিয়াৰ পাছত তাজমহলক লৈ হিন্দুত্ববাদী একাংশই চলাই থকা প্ৰচাৰৰ অন্ত পৰিব৷ উল্লেখ্য বিগত কেইমাহত সেই প্ৰচাৰ তুংগত উঠিছিল৷