Logo
image

শুৱালকুছিত অভিভূত সপত্নীক ছিংগাপুৰৰ মন্ত্ৰী

আমাৰ অসম, ৬ জুলাইঃ ছাঁতে শুকোৱা মুঠিতে লুকোৱা ঐতিহ্যমণ্ডিত বস্ত্ৰশিল্প দেখি অভিভূত হৈ পৰিল সুদূৰ ছিংগাপুৰৰ পৰা অহা মন্ত্ৰী থাৰমান শনমুগাৰত্নম আৰু তেওঁৰ সহধৰ্মিণী ইটোগী যানে৷ আজি ছিংগাপুৰৰ মন্ত্ৰীজন সপত্নীক কামৰূপ জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুৱালকুছিত উপস্থিত হয়৷ পুৱা দহ বজাত তেওঁলোকে শুৱালকুছিৰ দামোদৰদৱ মন্দিৰ পথৰ ‘ৰিংকি চিল্ক উইভিং ফেক্টৰী’ত উপস্থিত হৈ প্ৰথমে মুগা লেটা কিদৰে উৎপন্ন হয় তাক নিৰীক্ষণ কৰে৷ তাৰ পাছতে মুগা লেটাৰ পৰা মুগা সূতা উৎপাদন পদ্ধতি, সূতাৰ পৰা মহুৰা ফুৰোৱা, ববীন ফুৰোৱা আদি প্ৰত্যক্ষ কৰে৷ পাছত উক্ত ফেক্টৰীত প্ৰায় ২০খন তাতঁশালত শিপিনীসকলে উৎপাদন কৰি থকা পাট আৰু মুগাৰ কাপোৰ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে৷ তেওঁলোকে কাপোৰ উৎপাদন সন্দৰ্ভত শিপিনীসকলৰ পৰা দোভাষীৰ জৰিয়তে শিল্পটোৰ ভিন্ন কথা জানিবলৈ চেষ্টা কৰাৰ লগতে শিপিনীসকলৰ মনৰো বুজ লয়৷ তেওঁলোকে নিজৰ ভাৱ প্ৰকাশ কৰি এনে শিল্পী বিশ্বতে বিৰল বুলি দোহাৰে৷ পাছত মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে সমীপতে থকা দামোদৰদেৱ মন্দিৰ পূজা মণ্ডপত অনুষ্ঠিত প্ৰদৰ্শনী এখনত উপস্থিত হৈ বিভিন্ন আত্মসহায়ক গোট আৰু ভিন্নজনে অস্থায়ীভাৱে স্থাপন কৰা পাট, মুগা, এৰী কাপোৰৰ বিপণীসমূহ প্ৰত্যক্ষ কৰি অত্যন্ত আপ্লুত হৈ পৰে৷ পাট-মুগাৰ কাপোৰবোৰ দুয়োজনে লিৰিকি-বিদাৰি চাই ইয়াৰ বিষয়ে জানিব বিচাৰে৷ এই সন্দৰ্ভত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ নিহাৰঞ্জন কলিতাই তেওঁলোকক বিস্তৃতভাৱে বুজাই দিয়াত তেওঁলোকে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে৷ ছিংগাপুৰৰ দলটোৰ লগত অসমৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন, ৰেচম সঞ্চালিকা কাজৰি ৰাজখোৱা, হস্ততাঁত বস্ত্ৰ বিভাগৰ সঞ্চালক পৰাগমণি মহন্ত, আই এছ বিষয়া দিলীপ কুমাৰ বৰা প্ৰমুখ্যে কেইবাজনো উচ্ছ পদস্থ বিষয়া উপস্থিত থাকে৷ মন্ত্ৰী থাৰমান শনমুগাৰত্নম আৰু পত্নী ইটোগী যানে শুৱালকুছিত দুটা গছপুলিও ৰোপণ কৰে৷ ইয়াৰ পাছত দলটো গুৱাহাটী আইআইটিলৈ যায়৷

চিংগাপুৰৰ মন্ত্ৰীৰ উপস্থিতিত উত্তৰ-পূব দক্ষতা কেন্দ্ৰ অসম ৰাজ্যিক দক্ষতা মিছনক হস্তান্তৰ

গুৱাহাটীৰ বেতকুছিস্থিত উত্তৰ পূব দক্ষতা কেন্দ্ৰটো [এন ই এছ চি]  মঙলবাৰে অসম ৰাজ্যিক দক্ষতা মিছনলৈ [এ এছ ডি এম] আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰা হয়৷ ২০১৬ চনৰ অক্টোবৰ মাহত  অসম চৰকাৰ আৰু চিংগাপুৰৰ আই টি ই শিক্ষা সেৱাৰ মাজত হোৱা বুজাবুজিৰ  চুক্তি অনুসৰি  এন ই এছ চিটো ইমানদিনে চিংগাপুৰে পৰিচালনা কৰিছিল৷ বুজাবুজিৰ চুক্তিৰ মূল লক্ষ্য আছিল অসমৰ যুৱক যুৱতী সকলক বিশেষ বিশেষ কেতবোৰ বিষয়ত দক্ষতাৰ প্ৰশিক্ষণ দি তেওঁলোকক স্বাৱলম্বী কৰি তোলা৷ আনহাতে মঙলবাৰে চিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰমান শনমুগাৰত্নমৰ উপস্থিতিত  কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে এ এছ ডি এমলৈ হস্তান্তৰ কৰা হয়৷ এই সন্দৰ্ভত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত থাৰমান শনমুগাৰত্নমে  আশা প্ৰকাশ কৰি কয়  অত্যাধুনিক প্ৰযুক্তিৰ দক্ষতা প্ৰদান কৰিব অসম দক্ষতা বিকাশ মিচনে৷ ৰাজ্যত প্ৰয়োজন অনুসৰি দক্ষতাৰ প্ৰশিক্ষণ দিব  বিশেষ কেন্দ্ৰটোৱে৷ আগন্তক সময়তো চিংগাপুৰৰ আৰ্হিৰে অসমৰ যুৱক-যুৱতীক দক্ষতা প্ৰদান কৰিবলৈ চিংগাপুৰ চৰকাৰ সাজু বুলি থাৰমান শনমুগাৰত্নমে সদৰি কৰে৷ অনুষ্ঠানত অসম চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, উদ্যোগ মন্ত্ৰী বিমল বৰা, দক্ষতা বিকাশ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী,  এ এছ ডি এমৰ মিছন সঞ্চালক অংকুৰ জৈন, ভাৰতস্থিত চিংগাপুৰৰ হাই কমিচনাৰ চিমন য়ং, জ্যেষ্ঠ বিষয়া লিম বুন টিয়ং উপস্থিত থাকে৷