Logo
image

নূপুৰৰ সমৰ্থনত অসমৰ কেইবাজনো প্ৰাক্তন আমোলা

এইবাৰ ন্যায়াধীশ পাৰ্ডিৱালাক শতাধিক গণ্যমান্যৰ আক্ৰমণ

আমাৰ অসম, ৬ জুলাইঃ হজৰত মহম্মদ সন্দৰ্ভত চৰম অশালীন মন্তব্য কৰা বিজেপি নেত্ৰী নূপুৰ শৰ্মাৰ সপক্ষে এইবাৰ দেশজুৰি বৃহৎ অভিযানত নামিছে প্ৰাক্তন ন্যায়াধীশ আৰু প্ৰাক্তন আমোলা য’ত অসমত কাৰ্যনিৰ্বাহ কৰা কেইবাজনো প্ৰাক্তন বিষয়াও আছে৷ অৱসৰপ্ৰাপ্ত এই বিষয়াসকলক কোনে সংগঠিত কৰিছে সেয়া অজ্ঞাত, কিন্তু ১৫ জন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, ৭৭ জন প্ৰাক্তন আমোলা, ৫ জন প্ৰাক্তন ৰাষ্ট্ৰদূত আৰু ২৫ জন অৱসৰপ্ৰাপ্ত সশস্ত্ৰ বাহিনীৰ বিষয়াকে ধৰি ১২২ জন প্ৰাক্তন বিষয়াই বিজেপিৰ বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাৰ পক্ষত অৱস্থান গ্ৰহণ কৰি দেশৰ সৰ্বোচ্ছ আদালতক সমালোচনা কৰিছে আৰু ন্যায়াধীশক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো দেশৰ ইতিহাসত উদ্বেগজনক ঘটনা হৈ পৰিছে৷ দুদিন পূৰ্বে নূপুৰ শৰ্মাৰ পক্ষ লৈ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়াই আদালত আৰু দেশৰ ন্যায়পালিকাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনা ভয়াবহ পৰিণামৰ ইংগিত বুলি মন্তব্য কৰিছিল নূপুৰ শৰ্মাৰ এটা গোচৰৰ বিচাৰপীঠৰ অন্যতম ন্যায়াধীশ জে বি পাৰ্ডিৱালাই৷ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়াত হোৱা আক্ৰমণৰ আক্ৰমণকাৰী কোনো পৰিচিত লোক নাছিল৷ তেওঁলোক সমাজৰে অংগ হ’লেও পৰিচয় সন্দৰ্ভত ন্যায়পালিকা অজ্ঞাত আছিল৷ কিন্তু এইবাৰ বিতৰ্কিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাৰ পক্ষ লৈ দেশৰ ন্যায়পালিকা আৰু ন্যায়াধীশৰ পৰ্যবেক্ষণৰ সমালোচনা কৰা প্ৰত্যেকজন ব্যক্তিয়েই সমাজৰ পৰিচিত লোক আৰু তেওঁলোকে এসময়ত দেশৰ বিভিন্ন ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিছিল৷ সন্দেহহাতীতভাৱে কোনো দল বা সংগঠনে এই প্ৰাক্তন আমোলা-বিষয়া-বিচাৰকগণক নূপুৰ শৰ্মাৰ সপক্ষে থিয় কৰি দেশৰ ন্যায়পালিকাৰ মুখ বন্ধ কৰিবলৈ প্ৰয়াস চলাইছে, কিয়নো তেওঁলোকে উচ্ছতম ন্যায়ালয়ক কৰা আক্ৰমণৰ ক্ষেত্ৰত কোনো সংগঠনক প্ৰতিনিধিত্ব কৰা নাই৷

উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্ডিৱালাক ‘লক্ষ্মণৰেখা’ অতিক্ৰম কৰা বুলি আক্ৰমণ কৰা মুকলি চিঠিখনত মুঠতে ১২২ জন প্ৰাক্তন ন্যায়াধীশ, আমোলা-বিষয়াই স্বাক্ষৰ কৰিছে৷ উচ্ছতম ন্যায়ালয়ক সমালোচনা কৰা এই ঘটনাত অসমৰ ৪জন অৱসৰপ্ৰাপ্ত বিষয়া তথা প্ৰাক্তন ন্যায়াধীশ আছে৷ অৱশ্যে তাৰ এজনো অসমীয়া নহয়, প্ৰত্যেকেই অনা-অসমীয়া বিষয়া আৰু তেওঁলোকে কেতিয়াবাই অসম এৰিছে৷ সেই পত্ৰখনত স্বাক্ষৰ কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ কে শ্ৰীধৰ ৰাও, ৰাজ্যৰ দুজন প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ক্ৰমে প্ৰদীপ গুপ্তা তথা এম মোহন ৰাজ আৰু প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব কে কে মিট্টালে৷

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু বিষয়াগনে মুকলি পত্ৰখন লিখিছে দেশৰ মুখ্য ন্যায়াধীশ চি ভি ৰামান্নালৈ৷ তেওঁলোকৰ মতে নূপুৰ শৰ্মাৰ প্ৰতি ন্যায়াধীশ জে বি পাৰ্ডিৱালাৰ পৰ্যবেক্ষণৰ মৌখিক বক্তব্য অতি দুৰ্ভাগ্যজনক আৰু অভূতপূৰ্ব মন্তব্য৷ ন্যায়াধীশৰ সেই মন্তব্যই সৰ্বোচ্ছ আদালত তথা ন্যায়পালিকাৰ লক্ষ্মণৰেখা অতিক্ৰম কৰা বুলি পত্ৰখনত মন্তব্য কৰা হৈছে৷ তেওঁলোকে সেই বক্তব্য অবিলম্বে সংশোধন কৰাৰ বাবেও আদালতক আহ্বান জনাইছে৷ তেওঁলোকে লিখিছে, ন্যায়পালিকাৰ ইতিহাস খুচঁৰিলে দেখা যাব, অতীতত এনে বহু দুৰ্ভাগ্যজনক মন্তব্য কৰা হৈছে৷ বৃহত্তম গণতন্ত্ৰৰ দেশখনত সেয়া মছিব নোৱাৰা দাগ৷ গণতান্ত্ৰিক মূল্যবোধ আৰু দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত যি গুৰুতৰ পৰিণতি হৈছে, তাৰবাবেই এই বক্তব্য অবিলম্বে সংশোধন কৰা হওক৷ তদুপৰি সৰ্বোচ্ছ আদালতৰ এই বক্তব্য নূপুৰ শৰ্মাৰ গোচৰটোৰ ক্ষেত্ৰত সামঞ্জস্যহীন বুলিও পত্ৰত উল্লেখ কৰা হৈছে৷ দেওবাৰে এটা অনুষ্ঠানত ভাগ লৈ ন্যায়াধীশ জে বি পাৰ্ডিৱালাই নূপুৰ শৰ্মাৰ গোচৰৰ ক্ষেত্ৰত তেওঁলোকৰ মৌখিক পৰ্যবেক্ষণৰ প্ৰত্যুত্তৰত ছ’চিয়েল আৰু ডিজিটেল মিডিয়াই সৰ্বোচ্ছ আদালত আৰু ন্যায়াধীশক ব্যক্তিগত আক্ৰমণ কৰাতো দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি ভয়াৱহ ইংগিত বুলি মন্তব্য কৰিছিল৷ তেওঁ ডিজিটেল-ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন বুলিও মন্তব্য কৰিছিল৷ সেয়া আছিল অনামী লোকৰ সমালোচনা৷ কিন্তু তাৰ পাছতে যে দেশৰ প্ৰাক্তন ন্যায়াধীশ, প্ৰাক্তন ৰাষ্ট্ৰদূত, প্ৰাক্তন আৰক্ষী-সেনা বিষয়া, প্ৰাক্তন আই এ এছ বিষয়াই এনেদৰে দেশৰ ন্যায়পালিকাক অজ্ঞাত কাৰোবাৰ উচটনি আৰু নিৰ্দেশত এনেদৰে আক্ৰমণ কৰিব সেয়া সৰ্বোচ্ছ আদালতৰ ন্যায়াধীশজনে সম্ভবতঃ কল্পনাও কৰিব পৰা নাছিল৷ এতিয়া এই ক্ষেত্ৰত সৰ্বোচ্ছ আদালতে ন্যায়পালিকাৰ নিৰপেক্ষতা অক্ষুণ্ণ ৰাখি বিচাৰ ব্যৱস্থাৰ মৰ্যাদা অটুত ৰাখিব নে এই সমালোচনা মানি লৈ একপক্ষীয় কিন্তু প্ৰবল জনমতৰ ওচৰত হাৰ মানিব সেয়া লক্ষণীয় বিষয় হৈ পৰিব৷