Logo
image

দুদিনত ২৪বাৰ! মুহুৰ্মুহু জোকাৰণিত থানবান আন্দামান

আমাৰ অসম, ৬ জুলাইঃ অসমৰ পৰা প্ৰায় দুই হাজাৰ কিঃমিঃ আকাশী দূৰত্বৰ, বঙ্গোপ সাগৰৰ মাজত থকা সাগৰীয় দ্বীপপুঞ্জ আন্দামানত সোমবাৰ আৰু মঙলবাৰে দুটা দিনত যেন ভূমিকম্পৰ বৰষুণহে আহিছে৷ কিয়নো সোমবাৰে দিনে নিশাই ১৮টা নিম্ন আৰু উচ্ছ - মধ্য প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত মঙলবাৰেও সন্ধিয়া পৰ্যন্ত পুনৰ ৬ টাকৈ উচ্ছ আৰু মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় অনুসৰি মঙলবাৰে পুৱা ৪.৪৫ বজাৰ পৰা বিয়লি ৩.১৪ বজালৈ উচ্ছ আৰু মধ্যমীয়া কম্পনাংকৰ মুঠ ৬ টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আন্দামান দ্বীপপুঞ্জত৷  ইয়াৰ মাজতে দিনৰ ১১ বাজি ৩ মিনিট আৰু ৪৮ চেকেণ্ডত এটা মৃদু কম্পনাংকৰ ভূমিকম্পই অসম আৰু মণিপুৰৰ এক বিস্তীৰ্ণ অঞ্চল জোকাৰি যায়৷  বতৰ বিজ্ঞান বিভাগে সদৰি কৰা মতে মঙলবাৰে ভাৰতীয় মান সময় অনুসৰি ইয়াৰে প্ৰথমটো ভূমিকম্পৰ জোকাৰণি পুৱা  ৪ বাজি ৪৫ মিনিটত  অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল ৪.৫  কম্পনাংক৷ তাৰ পাছত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় পুৱা ৫ বাজি ৫৭ মিনিটত৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্যৰ পৰিমাণ আছিল ৫.০ কম্পনাংক৷ তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় পুৱা ৮ বাজি ৫ মিনিটত আৰু ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৪.৩ কম্পনাংক৷ চতুৰ্থটো জোকাৰণি অনুভূত হয় দিনৰ ১১ বাজি ৩৬ মিনিটত আৰু ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৫.০ কম্পনাংক৷ পঞ্চমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বিয়লি ১ বাজি ১৮ মিনিটত আৰু ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৪.৭ কম্পনাংক৷ যষ্ঠটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বিয়লি ৩ বাজি ১৪ মিনিটত আৰু ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৪.৭ কম্পনাংক৷ উল্লেখযোগ্য যে আটাইকেইটা ভূমিকম্পই আছিল উচ্ছ আৰু মধ্যমীয়া কম্পনাংকৰ৷ বতৰ বিজ্ঞান বিভাগৰ একাংশ বিজ্ঞানীয়ে আকাংক্ষা ব্যক্ত কৰা অনুসৰি দুটা দিনত ২৪ টাকৈ জোকাৰণি অনুভূত হোৱা বিষয়টোৱে আগন্তক সময়ত সাগৰীয় চুনামি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ ইফালে ভু-তাত্বিক দিশৰ পৰা অতিশয় সংবেদনশীল অঞ্চল হিচাপে পৰিচিত উত্তৰ পূৱৰ তলত থকা হিমালয়ান প্লেটত ইয়াৰ ফলত চাপৰ সৃষ্টি হব পাৰে৷ তেতিয়া হলে যদি চাপৰ ফলত যদি হিমালয়ান প্লেটখন সামান্যও লৰচৰ হয় তেতিয়া হলে ভু - কম্পন অঞ্চল হিচাপে পৰিগণিত হৈ অহা অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত আগন্তক সময়ছোৱাত যিকোনো সময়তে উচ্ছ-মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্প আহিব পাৰে৷  উল্লেখযোগ্য যে বিগত সময়চোৱাত অসমৰ উপৰি মণিপুৰৰ গাতে ম্যানমাৰ সীমান্ততো কেবাটাও মৃদু আৰু মধ্যমীয়া প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গৈছে ৷  তেনেদৰে ২০২১ বৰ্ষৰ ২৮ এপ্ৰিলত পুৱা অনুভূত হোৱা উচ্ছ প্ৰাব্যলৰ ভূমিকম্পৰ পাছত পৰ্যন্ত ১৪ মাহত  প্ৰায় ৪৫  টাৰো অধিক  আৰু ৰিখটাৰ স্কেলত ৩ ৰপৰা ৫.২ কম্পনাংকৰ মৃদুৰ পৰা মজলীয়া আৰু উচ্ছ  প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখন জোকাৰি গৈছে৷ লক্ষণীয় যে ইয়াৰে ৪৫ শতাংশৰো অধিক ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তবৰ্তী অঞ্চল ৷ আনহাতে একাংশ ভু-তত্ত্ববিদে মঙলবাৰে অসম আৰু মণিপুৰত জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ আন্দামানৰ ভূমিকম্পৰ সৈতে সম্পৰ্ক আছে বুলি সদৰি কৰিছে৷