Logo
image

আলফা-চৰকাৰৰ মধুচন্দ্ৰিকা শেষ! ‘নিয়া’ৰ অভিযান

আমাৰ অসম, ৬ জুলাইঃ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত এতিয়া ভয়ংকৰ বিত্তীয় সংকটে দেখা দিছে৷ শেহতীয়াকৈ অসমৰ পৰা আলফালৈ দলে-দলে যুৱক-যুৱতীৰ সোঁত বৈছে যদিও ম্যানমাৰত শিবিৰ পৰিচালনাত এতিয়া সমস্যাত পৰিছে সংগঠনটোৰ নেতৃত্ব৷ ইতিমধ্যে, ম্যানমাৰৰ কেইবাটাও শিবিৰত প্ৰশিক্ষণ সম্পন্ন কৰিছে নতুনকৈ যোগদান কৰা অধিকাংশ যুৱক-যুৱতীয়ে৷ অৱশ্যে আৰ্থিক সংকটৰ বাবেই শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত আলফাৰ একাংশ কেডাৰ অস্ত্ৰ-শস্ত্ৰসহ ম্যানমাৰৰ পাহাৰৰ পৰা নামি আহি ধন দাবী কাৰ্যত নামি পৰিছে৷ আনকি বিদ্ৰোহী সংগঠনটোৱে তৈল কোম্পানীৰ বিষয়া-কৰ্মচাৰীক অপহৰণ কৰি বৃহৎ অংকৰ ধন দাবী কৰাৰ সুযোগৰো সন্ধানত আছে বুলি চৰ্চা লাভ কৰিছে৷ আলফাৰ এনে পৰিকল্পনাৰ তথ্য শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে ৰাজহুৱা কৰাৰ পৰা বিৰত আছে যদিও বিগত সপ্তাহত তিনিচুকীয়াৰ কাকপথাৰত সংঘৰ্ষৰ পাছতেই থেৰো-গেঁৰো¸কৈ হ’লেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে স্মাৰ্ট অসম আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে পৰেশ বৰুৱাই চৰকাৰৰ এই আক্ৰমণাত্মক স্থিতিয়ে শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ প্ৰতি সদিচ্ছা নোহোৱাৰ ইংগিত দিয়াৰ পাছতেই এইবাৰ আলফাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই৷ অসমৰ একাংশ যুৱক-যুৱতীৰ লগতে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ পৰা আন একাংশ অসমীয়া যুৱক-যুৱতী আলফামুখী হোৱাৰ কাৰ্যৰ তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত নিয়াই নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি অসমীয়া যুৱ প্ৰজন্মৰ আলফামুখী হোৱাৰ কাৰণ উদ্‌ঘাটনত নামি পৰিছে৷ স্বাভাৱিকতেই নিয়াৰ এই অভিযানৰ পাছতেই আলফা-চৰকাৰৰ মধুচন্দ্ৰিকাৰ অন্ত পৰা বুলিও চৰ্চা লাভ কৰিছে৷ আলফা আৰু ভাৰত চৰকাৰৰ ৰাজনৈতিক সংঘাতৰ সমাধান সূত্ৰ উলিয়াবলৈ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ যোগ্য মুখ্যমন্ত্ৰী বুলি ৰাজহুৱাকৈ প্ৰশংশাৰে ওপচাই পেলোৱা পৰেশ বৰুৱাই এতিয়া সেনা-আৰক্ষীৰ সংঘৰ্ষত আলফাৰ জ্ঞান অসম নামৰ কেডাৰজনৰ মৃত্যু হোৱাৰ পাছতেই বিদ্ৰোহী সংগঠনটোৰ একপক্ষীয় যুদ্ধ বিৰতিত অসম চৰকাৰে সন্মান নজনালে বুলিহে আক্ষেপ কৰা দেখা গৈছে৷ আনকি শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ নামত হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে আলফাৰে সৈতে খেল খেলিছে বুলিও আক্ষেপ ব্যক্ত কৰিছে পৰেশ বৰুৱাই৷ তিনিচুকীয়াত আলফাৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে চলোৱা অভিযানে শান্তি আলোচনাত যতি পৰাটো স্পষ্ট হৈ পৰিল যদিও ইয়াৰ পূৰ্বেই কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে পৰেশ বৰুৱাক অপমান কৰি পৰৱৰ্তী সময়ত আলফাক ক্ষমা বিচৰা ঘটনাত কেন্দ্ৰীয় চৰকাৰ ক্ষুব্ধ হৈ পৰা কাৰ্যই শান্তি আলোচনাক লৈ চৰকাৰ স্থিতিৰ ইংগিত পোৱা গৈছিল৷ অৱশ্যে এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে শেহতীয়াকৈ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ এন চি আৰতো কৰ্মসূত্ৰে বা অধ্যয়নৰ বাবে বসবাস কৰা কেইবাজনো অসমীয়াই আলফাত যোগদান কৰা চাঞ্চল্যকৰ তথ্যত প্ৰকাশ পাইছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনত৷ অসম আৰক্ষীৰ বিশেষ  শাখাৰ চকুত ধূলি দি ম্যানমাৰৰ শিবিৰৰ পৰা আলফা নেতাই দিল্লীত থকা অমসীয়া যুৱক-যুৱতীৰ সৈতে সঘনাই যোগাযোগ অব্যাহত ৰখাৰ ভয়ংকৰ তথ্য সদৰি কৰি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই গৃহ মন্ত্ৰণালয়ক সতৰ্ক কৰি দিছিল৷ চোৰাংচোৱাৰ এই সতৰ্কীকৰণৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সমগ্ৰ বিষয়টো নিয়াক তদন্তৰ নিৰ্দেশ দিছিল৷ সেই অনুসৰিয়েই নিয়াই এটা গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে আলফাৰ লৈ যোৱা যুৱক-যুৱতীৰ সন্দৰ্ভত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ আৰক্ষীৰ পৰা তথ্য-পাতি সংগ্ৰহ কৰিছে৷ আনকি নিয়াৰ তদন্তকাৰী বিষয়াই শদিয়াৰ চপাখোৱাৰ স্থানীয় ৰাইজৰ পৰাও আলফাৰ সম্পৰ্কত সাক্ষ্য গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত নিয়াৰ শীৰ্ষ বিষয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সদৰি কৰি কয় যে– আলফাত যোগদান কৰা প্ৰতিজন যুৱক-যুৱতীৰে সবিশেষ তথ্য জনাৰ বাবে চেষ্টা চলাই থকা হৈছে৷ নতুনকৈ যোগদান কৰা বহু যুৱকে ইতিমধ্যে সামৰিক অভিযানৰ বাবে ম্যানমাৰৰ শিবিৰতত প্ৰশিক্ষণ আৰম্ভ কৰিছে৷