Logo
image

৮৪বিধ ঔষধৰ দাম কমোৱাৰ নিৰ্দেশ

আমাৰ অসম, ৬ জুলাইঃ ঔষধৰ অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰোগীক জলাকলা খুওৱাৰ সময়তে এইবাৰ ঔষধ কোম্পানীক নাকী লগাবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ৷ ফাৰ্মা কোম্পানীসমূহে জধে-মধে ঔষধৰ দাম বৃদ্ধি কৰাত ঔষধ ক্ৰয় কৰাটো দুখীয়া ৰোগীৰ বাবে একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ বিগত এপ্ৰিলত একাধিক ঔষধৰ মূল্য ১০.৭ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছিল৷ ঔষধৰ এনে মূল্যবৃদ্ধিৰ পাছতেই অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণকাৰী প্ৰাধিকৰণে [নেশ্বনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী] ৮৪ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কৰি দিছে৷ অৰ্থাৎ এতিয়াৰে পৰা উচ্ছ ৰক্তচাপ, হৃদৰোগ, মধুমেহ আদি ৰোগত ব্যৱহূত ৮৪ বিধ ঔষধৰ দাম ফাৰ্মা কোম্পানীসমূহে ইচ্ছা কৰিলেই বৃদ্ধি কৰিব নোৱাৰিব৷ দেওবাৰে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণকাৰী প্ৰাধিকৰণে ঔষধৰ মূল্য নিৰ্ধাৰণ আইন-২০১৩ৰ অধীনত নিৰ্দিষ্ট ঔষধৰ খুচুৰা মূল্য স্পষ্ট কৰি দিছে৷ সেই অনুসৰি উচ্ছ ৰক্তচাপ আৰু হূদৰোগৰ লগতে টাইপ-২ ডায়েবেটিছ ৰোগত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৱহৃত ঔষধত নিৰ্দিষ্ট ফৰ্মূলাৰ জৰিয়তে মূল্য সুনিৰ্দিষ্ট কৰাৰ নিৰ্দেশ দিছে৷ জিএছটি বাদ দি ভোগলিবছ আৰু [আৰ এছ] মেটফৰ্মিন হাইড্ৰ’ক্লোৰাইড টেবলেটৰ দাম ১০.৪৭ টকা, জ্বৰ হ’লে ব্যৱহৃত পেৰাচিটামলৰ প্ৰতিটো টেবলেটৰ মূল্য ২.৮৮ টকাতকৈ অধিক ল’ব নোৱাৰিব৷ একেদৰে কেফেইনৰ এটা টেবলেটৰ দাম ২.৮৮ টকা, ৰ’ছ’ভাষ্টেটিন এছপিৰিন আৰু ক্লপিড’গ্ৰেলৰ প্ৰতিটো টেবলেটৰ মূল্যও সৰ্বাধিক ১৩.৯১টকা নিৰ্ধাৰণ কৰা হৈছে৷ এনপিপিএ নিৰ্দেশনাটোৰ মতে ঔষধ কোম্পানীসমূহে নিৰ্ধাৰিত উক্ত খুচুৰা দামত ৰোগীয়ে ঔষধ ক্ৰয় কৰাটো সুনিশ্চিত কৰিব লাগিব৷ যদিহে নিৰ্দেশনাৰ বিপৰীতে অধিক মূল্য আদায় কৰা হয়, তেনেহ’লে গ্ৰাহকক অতিৰিক্ত মূল্য সুতসহ ঘূৰাই দিব লাগিব৷ গ্ৰাহকে ঔষধৰ দাম অৱগত হোৱাৰ বাবে এতিয়াৰে পৰা ফাৰ্মাচীসমূহত ঔষধৰ মূল্য তালিকা গ্ৰাহকে দেখাকৈ ওলোমাই ৰাখিব লাগিব৷ উল্লেখ্য, নেশ্বনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী হৈছে কেন্দ্ৰীয় চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা সংস্থা৷ ইফালে, চিপলা কোম্পানীয়ে প্ৰস্তুত কৰা এটৰ’ভাষ্টেটিন আৰু ফেন’ফাইব্ৰেট টেবলেটৰ দামো প্ৰতিটোৰে ১৩.৬ টকা নিৰ্ধাৰণ কৰিছে৷ তদুপৰি টাইপ-২ ডায়েবেটিছ চিকিৎসাৰ বহুল ব্যৱহৃত চিটাগ্লিণ্টিন ফছফেটৰ ১০টা টেবলেটৰ দাম ৩৪৮ টকা নিৰ্ধাৰণ কৰিছে৷ স্বাভাৱিকতেই এই নিৰ্দেশনাৰ পাছত একাধিক ঔষধৰ মূল্য কিছু হ্ৰাস পোৱাটো নিশ্চিত হৈ পৰিছে৷