Logo
image

আজমল আৰএছএছৰ এজেণ্ট, সন্দেহ কংগ্ৰেছৰ

আমাৰ অসম, ৬ জুলাইঃ ঈদৰ কোৰবানীত গো বাদ দিবলৈ বদৰুদ্দিন আজমলে জনোৱা আহ্বানক লৈ গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতে জমিয়ত উলামাৰ সভাপতি হিচাপে আজমলেও কোৰবানীত গো বাদ দিয়াৰ আহ্বানক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সৰ্বস্তৰৰ লোকে৷ ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়–বদৰুদ্দিন আজমল বিজেপি আৰ এছ এছৰ এজেণ্ট৷ নিজৰ ব্যৱসায়ৰ বাবে বিজেপি আৰ এছ এছৰ বিৰোধিতা নকৰে আজমলে৷ একে সুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়–বদৰুদ্দিন আজমলে দীৰ্ঘদিন ধৰি বিজেপিৰে সু সম্পৰ্ক ৰাখি আহিছে৷ বিগত ৰাজ্যসভাৰ নিৰ্বাচনতে সেই কথা প্ৰমাণ হৈছে৷ বিজেপি আাৰ এছ এছক সন্তুষ্ট কৰিবলৈ তেওঁ কোৰবানীত গো বাদ দিয়াৰ আহ্বান জনাইছে৷ সংখ্যালঘুৰ ত্ৰানকৰ্তা বুলি দাবী কৰি অহা আজমলে সংখ্যালঘুক ৰাজনীতিৰ অস্ত্ৰৰূপেহে ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰ বিপৰীতে ইউ ডি এফ বিধায়ক ৰফিকুল ইছলামে আজমলৰ আহ্বানক আদৰণি জনাইছে৷ তেওঁ কয়– গো হত্যা কৰিলে যদি কাৰোবাৰ অন্তৰত আঘাত লাগে আৰু আমাৰ হাতত বিকল্প আছে বিকল্প লোৱাত আপত্তি কিয়? ইফালে আজমলৰ আহ্বানৰ পাছত একাংশ ইছলাম ধৰ্মী লোকৰ আহ্বান –ঈদত গো কোৰবানী দি অসমৰ মুছলিম সমাজে ইউ ডি এফক কোৰবানী দিয়ক৷ ইয়াৰ বিপৰীতে ইউ ডি এফ বিধায়ক আমিনুল ইছলামে কয়–অকল গৰু কোৰবানী কৰিব লাগিব তেনে কথা নাই৷ কিন্তু গৰু কোৰবানী দিলেনো আপত্তি ক’ত? ধৰ্মক ৰাজনীতিৰ লগতে একাকাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়৷ অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া  ঈদত কোৰবাণীৰ বাবে গৰুৰ বিকল্প জন্তু ব্যৱহাৰ কৰাৰ বাবে ইছলাম ধৰ্মালম্বী লোকসকলক আহ্বান জনোৱাৰ পাছতে দেশৰ আন আন ঠাইতো এনে আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ খবৰ আহিছে৷ এইবাৰ দেশৰ বিখ্যাত দৰগাহ আলা হজৰতে ঈদ-ঊল-আজহা [বকৰিদ]ত দিয়া কোৰবাণীৰ ক্ষেত্ৰত ৰাইজক এক বিশেষ আহ্বান জনাইছে৷ দৰগাহ আলা হজৰতৰ সজ্জানাছিন মুফতি আহছান মিঞাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়– ‘ভাল মুছলমানৰ দায়িত্ব পালন কৰি ত্যাগ কৰাৰ সময়ত আন ধৰ্মৰ অনুভূতিৰ প্ৰতি চকু ৰাখি মুকলিকৈ কোনেও কুৰবাণী দিব নালাগে৷ এক বন্ধ ঠাইত কুৰবাণী দিয়ক আৰু ইয়াৰ অৱশিষ্টবোৰ এটা গাঁতত পুতি থওক৷ লগতে কোৰবাণীৰ তেজ নলাবোৰলৈ প্ৰবাহিত হ’বলৈ নিদিব৷ ‘ছ’চিয়েল মিডিয়াত কোৰবানীৰ ফটো বা ভিডিঅ’ ভাইৰেল নকৰিব৷’ এই আহ৩ান দৰগাহ আলা হজৰতৰ সজ্জানাছিন মুফতি আহছান মিঞাৰ৷ ইপিনে, দৰগাহ আলা হজৰতৰ মিডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া নাছিৰ কুৰেশ্বিয়ে এই সন্দৰ্ভত কয়– ‘দৰগাহ আলা হজৰতৰ ছাজাদনশ্বীন মুফতি আহছান ৰাজা কাদৰী [আহছান মিঞা]য়ে দিনী মাচিলৰ বিষয়ে আলোচনা কৰি কয় যে হজৰত ইব্ৰাহিম আলহেছালামৰ স্মৃতিত ঈদ-উল-আজহা উৎসৱ উদ্‌যাপন কৰা হয়৷ কোৰবানী হৈছে তেওঁলোকৰ চুন্নত৷ সমগ্ৰ দেশৰ মুছলমানসকলে সুখেৰে এই চুন্নত আদায় কৰা উচিত৷ ঈদ-উল-আজহা হৈছে এক ধৰ্মীয় উৎসৱ আৰু লগতে মানৱতাৰ উৎসৱ৷ এইটো সেই অনুভূতিবোৰৰ উৎসৱ যি মানৱতাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ যেতিয়া আমি দুয়োজন মুছলমান ঈদলৈ আহো, সেই দিনটো দুটা ৰাকাত নামাজ ৱাজিবৰ সৈতে আৰম্ভ হয়৷ ‘আনহাতে, ৰাজা কাদৰীয়ে এই প্ৰসংগত কয়– ‘কেৱল এনেধৰণৰ জন্তু কোৰবাণী দিয়ক যিবোৰ ভাৰতীয় আইনৰ দ্বাৰা আমাক অনুমতি দিয়া হৈছে৷ শাসন-ই-হিন্দৰ দ্বাৰা নিষিদ্ধ কৰা জন্তুবোৰ কোৰবাণী নিদিব৷ কোৰবাণীৰ দিনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিশেষ যত্ন ল’ব৷