Logo
image

দ্ৰৌপদী আহিছে, ১৬ বছৰ পূৰ্বৰ কথা মনত পেলাইছে সতীৰ্থই

আমাৰ অসম, ৬ জুলাইঃ অসমলৈ আহিছে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ৷ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট বিচাৰি মঙলবাৰে নিশা প্ৰায় ১১ বজাত  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় মুৰ্মূ৷ মুৰ্মূক বিমান বন্দৰত বৰ্ণিল শোভাযাত্ৰাৰে আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, পীয়ূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, মেয়ৰ মৃগেন শৰণীয়া আৰু বিধায়ক ৰূপক শৰ্মাই৷ ৬ আৰু ৭ জুলাইত মুৰ্মূ উত্তৰ পূৰ্বাঞ্চলতে থাকি শাসক বিৰোধীৰ ভোট বিচাৰিব৷ তেওঁ ৬ জুলাইত গুৱাহাটীৰ পৰা ইটানগৰলৈ যাত্ৰা কৰিব৷ তেওঁ নিশা কটাব গুৱাহাটী হোটেল ৰেডিশ্বন ব্লুত৷ উত্তৰ পূৰ্বাঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই মুৰ্মূৱে কলকাতালৈ যোৱাৰ সম্ভাৱনা আছে৷ ইফালে, বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিন্‌হাই ১২ জুলাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব৷ একে সময়তে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো সিন্‌হাই নিৰ্বাচনী প্ৰচাৰ চলাব৷ মুৰ্মূৰ আগমণকলৈ ১৬ বছৰ পূৰ্বৰ কথা মনত পেলাইছে তেওঁৰ সতীৰ্থ ৰুক্মিণী কিষাণ বৰকটকীয়ে৷ বিশ্বনাথৰ পাভৈৰ বাসিন্দা ৰুক্মিণীয়ে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ সৈতে ২০০৬ চনত ৭ দিন ধৰি ছাঁৰ দৰে লাগি আছিল৷

দ্ৰোপদী মুৰ্মুৱে ২০০৬ চনত বিশ্বনাথত চলাইছিল নিৰ্বাচনী প্ৰচাৰ

বিশ্বনাথৰ এগৰাকী মহিলা এতিয়া বহুতৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এই মহিলাগৰাকীৰ ঘৰ পাভৈত৷ দ্ৰোপদী মূৰ্মূ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ পীছতে বিশ্বনাথ চাৰিআলিৰ এইগৰাকী মহিলাই দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ৷ কাৰণ এটা সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰোপদী মূৰ্মূৰ লগত একেলগে ৭ দিন আছিল মহিলাগৰাকী৷ মহিলাগৰাকীৰ নাম ৰুক্মিণী কিষান বৰকটকী৷ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দ্ৰোপদী মূৰ্মূ নিৰ্বাচিত হোৱাত উৎফুল্ল হৈ পৰিছে বিশ্বনাথৰ এইগৰাকী মহিলা৷ ইয়াৰ কাৰণ হ’ল ২০০৬ চনত বিশ্বনাথ বিধান সভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়াৰ বিধায়ক হৈ থকা দ্ৰোপদী মূৰ্মূ আৰু এইগৰাকী মহিলা দ্ৰোপদী মূৰ্মূৰ সৈতে ছাঁৰ দৰে আছিল৷ উল্লেখ্য যে ২০০৬ চনত দ্ৰোপদী মূৰ্মূ বিশ্বনাথৰ এখন হোটেলত ৭ দিনকৈ আছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলাইছিল৷ সেই সময়ত দিনে-নিশাই ৰুক্মিনীয়ে দ্ৰোপদীক বিভিন্ন ধৰণে সহযোগিতা কৰিছিল৷ আনকি দ্ৰোপদীয়ে ৰুক্মিণীৰ ঘৰলৈও গৈছিল আৰু চাহ খাইছিল বুলিও আজি আনন্দত চকুলো ওলাই অহা ৰুক্মিণীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ তদুপৰি সেই সময়ত আটছাত বিষয়বাব থকা বৰ্তমানৰ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক দ্ৰোপদী মুৰ্মুৰ লগত চিনাকি কৰাই দিছিল এই ৰুক্মীণীয়েই৷ অতি আশ্চৰ্যজনকভাৱে পাভৈৰ বাসিন্দা ৰুক্মিণী কিষান বৰকটকীয়ে আজিও ২০০৬ চনত বৰ্তমানৰ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰুপদী মূৰ্মূয়ে প্ৰদান কৰা এখন শাৰী বিগত ১৬ বছৰ ধৰি সযতনে ৰাখি থৈছে৷ আজি সেই শাৰীখন পিন্ধিয়ে সাংবাদিকৰ সন্মুখত পুৰণি কথাবোৰ এটা এটাকৈ কৈ গ’ল বৰ্তমানৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা ৰুক্মিণী কিষান বৰকটকীয়ে৷