Logo
image

উপৰাষ্ট্ৰপতি? নাকভিৰ মন্ত্ৰিত্ব ত্যাগ

অমাৰ অসম, ৭ জুলাইঃ ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন হ’ব, তাক লৈ বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা আজি পদত্যাগ কৰে সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিয়ে৷ এটা সূত্ৰই দাবী কৰা মতে নাকভি হয়তো এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব পাৰে৷ কেইদিনমান পূৰ্বে ভেংকায়া নাইডুকে পুনৰ উপ-ৰাষ্ট্ৰপতি কৰি ৰখা হ’ব বুলিও চৰ্চা চলিছিল৷ কিন্তু বুধবাৰে পুৱা মুক্তাৰ আব্বাছ নাকভিয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাত তেওঁক এন ডি এৰ পৰা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হ’ব পাৰে বুলি ৰাজনৈতিক পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে৷ অৱশ্যে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্ব পাবলৈয়ে যে নাকভিয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে তেনে নহয়৷ ৰাজ্যসভাৰ সদস্যৰূপে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে নাকভিৰ কাৰ্যকাল উকলিব৷ তদুপৰি তেওঁক পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিয়াৰ বিষয়েও বিজেপিয়ে একো উল্লেখ কৰা নাই৷ এনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পাছতে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে৷ ইপিনে উপ-ৰাষ্ট্ৰপতি পদটোৰ বাবে শাসকীয় দলটোৱে এজন সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি আগবঢ়াব বুলি চিন্তা-চৰ্চা চলাই আছিল৷ এনে ক্ষেত্ৰত মোদী মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী তথা সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিৰূপে মন্ত্ৰিত্ব ত্যাগৰ পাছত নাকভি উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি বিজেপিৰ প্ৰাক্তন নেত্ৰী নুপুৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ মোদী চৰকাৰৰ লগতে বিজেপি দলটো অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰিছে৷ আনকি আৰৱৰ সৈতে থকা ভাৰতৰ সম্পৰ্কতো ব্যাঘাত জন্মিছে৷ এনেক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায় আৰু মুছলিম ৰাষ্ট্ৰসমূহৰ ওচৰত ভাৰত তথা মোদী চৰকাৰৰ ভাৱমূৰ্তি ভাল কৰাৰ বাবে বিজেপিয়ে মুক্তাৰ আব্বাছ নাকভিৰ দৰে প্ৰচুৰ অভিজ্ঞতাসম্পন্ন সংখ্যালঘু প্ৰতিনিধিজনক দেশৰ দ্বিতীয় সৰ্বোচ্ছ পদৰ বাবে প্ৰক্ষেপ কৰাৰ এইটোৱেই সৰ্বোত্তম পথ হ’ব পাৰে বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ যাৰ বাবে মন্ত্ৰিত্ব ত্যাগৰ পাছত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এতিয়া নাকভিক লৈ চৰ্চা আৰম্ভ হৈছে৷ স্মৰ্তব্য যে অহা ১০ আগষ্টত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল উকলিব৷ অহা ১৯ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন৷