Logo
image

ৰক্তবীজৰ দৰে বাঢ়িছে নিবনুৱা দেশৰ তৃতীয় স্থানত অসম

আমাৰ অসম, ৭ জুলাইঃ ৰাজ্যত এতিয়া নিবনুৱাৰ বিস্ফোৰণ আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ গঠনৰ এবছৰৰ ভিতৰত এক লাখ নিবনুৱাক গণি গণি চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে৷ অৱশ্যে সেই লক্ষ্য পূৰণৰ বাবে বিজ্ঞাপন দিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ খালী পদৰ বিপৰীতে ৰাজ্যৰ ১১ লাখ নিবনুৱা প্ৰাৰ্থীয়ে আবদেন কৰাৰ উদ্বেগজনক তথ্যও পোহৰলৈ আহিছে৷ এক কথাত চৰকাৰে যদিওবা ২৬ হাজাৰ পদত নিযুক্তি দিব, কিন্তু তাৰ পাছতো প্ৰায় ১০.৫ লাখ নিবনুৱাই কৰ্মসংস্থাপনৰ আশাতে বন্দী হৈ থাকিব৷ চাকৰি বিচাৰি নিবনুৱাৰ এনে হাহাকাৰ পৰিস্থিতিৰ মাজতে অসমৰ ৰক্তবীজৰ দৰে বৰ্ধিত নিবনুৱাৰ হাৰে অবাঞ্ছিত অভিলেখ অৰ্জন কৰিছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি চমুকৈ ‘চিএমআইই’ৰ প্ৰতিবেদন অনুসৰি অসমৰ নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে তৃতীয় স্থানত আছে৷ অৰ্থাৎ কৰ্মসংস্থাপনৰ আশাত বন্দী নিবনুৱাৰ তালিকাত হাৰিয়ানা আৰু ৰাজস্থানৰ পাছতেই আছে অসম৷ ‘চিএমআইই’ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱামতে চলিত জুনত নিবনুৱাৰ হাৰ হৈছে হাৰিয়ানাত ৩০.৬ শতাংশ আৰু ৰাজস্থানত ২৯.৮ শতাংশ৷ এই দুই ৰাজ্যৰ পাছতেই স্থান পাইছে অসমে৷ সেই অনুসৰি চলিত জুনত অসমৰ নিবনুৱাৰ হাৰ হৈছে ১৭.২ শতাংশ৷ অসমৰ লগতে জম্মু-কাশ্মীৰৰো নিবনুৱাৰ হাৰ হৈছে ১৭.২ শতাংশ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমিৰ একেখন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ সময়ত অৰ্থাৎ ২০২১ চনৰ মে’ মাহত অসমৰ নিবনুৱাৰ হাৰ আছিল মাত্ৰ ০.১ শতাংশ৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালতে ৰাজ্যত নিবনুৱাৰ হাৰ ১৭ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে৷ অভিযোগ অনুসৰি চৰকাৰে বিভিন্ন খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰি বিভাগসমূহক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে যদিও অসম লোকসেৱা আয়োগৰ অকৰ্মন্যতাৰ বাবেই বিভিন্ন বিভাগৰ পদৰ নিযুক্তি এতিয়া ন্যায়ালয়ত ওলমি ৰবলগীয়া হৈছে৷ ২০১৮ চনতে বিজ্ঞাপন দিয়া সহকাৰী বন সংৰক্ষকৰ পদ, ২০১৭ চনতে বিজ্ঞাপন দিয়া পলিটেকনিকৰ বিভিন্ন পদৰ পৰীক্ষা ন্যায়ালয়ত ৰুজু হোৱা গোচৰৰ বাবে অনুষ্ঠিত কৰিব পৰা নাই৷ একেদৰে সংযুক্ত প্ৰতিযোগিতামূলক ২০১৮ আৰু ২০২০ বৰ্ষৰ পৰীক্ষাৰো সম্পূৰ্ণ ফলাফল প্ৰকাশ কৰাত ন্যায়ালয়ৰ গোচৰ হেঙাৰ হৈ পৰিছে৷ এনে নিযুক্তিসমূহ সম্পন্ন কৰাৰ বাবে এপিএছচি তথা ৰাজ্য চৰকাৰে গোচৰৰ ক্ষীপ্ৰ মীমাংসাৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উঠিছে৷ আনহাতে, ৰাজ্য চৰকাৰে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰতো একাংশ বিভাগত দুৰ্ভগীয়া আবেদনকাৰীয়ে ১৫-১৬ বছৰ পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হৈছে৷ বিগত চৰকাৰৰ কাৰ্যকালত বিত্তমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ২০১৭চনৰ পৰা অনুকম্পামূলক নিযুক্তি বন্ধ কৰি মৃত কৰ্মচাৰীৰ পৰিয়ালক সম্পূৰ্ণ দৰমহা প্ৰদানৰ ব্যৱস্থা কৰিছিল৷ অৱশ্যে ২০১৭ চনৰ পূৰ্বৰ অনুকম্পামূলক আবেদনকাৰীক যোগ্যতাভিত্তিক নিযুক্তিৰ নিৰ্দেশ দিছিল যদিও পৰিবহণ, হস্ততাঁত-বস্ত্ৰ, ৰেচম, জলসিঞ্চন আদি কেইবাটাও বিভাগত আজিও অনুকম্পামূলক নিযুক্তি নোহোৱাত কাৰ্যালয়ে-কাৰ্যালয়ে তাঁত-বাটি কাঢ়িবলগীয়া হৈছে উপাৰ্জনকাৰী পিতৃ-মাতৃক হেৰুওৱা নিবনুৱা যুৱক-যুৱতীসকল৷ স্বাভাৱিকতেই এতিয়া অভিভাৱকৰ সম্পূৰ্ণ পেঞ্চনৰ পৰা বঞ্চিত অনুকম্পামূলক আবেদনকাৰীসকলে প্ৰতিজন প্ৰাৰ্থীকে মানৱীয়তাৰ খাতিৰ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে৷ ইফালে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত একাংশ মন্ত্ৰী-বিধায়কৰ দুৰ্নীতিৰ বাবেও কেইবাটাও নিযুক্তি পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল৷