Logo
image

বায়ুসেনাত আৱেদনে ৰচিলে ইতিহাস

অগ্নিপথলৈ অভূতপূৰ্ব সঁহাৰি

আমাৰ অসম, ৭ জুলাইঃ কেন্দ্ৰীয় চৰকাৰে সেনাৰ তিনিওটা শাখাৰ জোৱান নিযুক্তিৰ বাবে আৰম্ভ কৰা নতুন আঁচনি অগ্নিপথলৈ অভূতপূৰ্ব সঁহাৰি আহিছে৷ অগ্নিপথৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে ব্যাপক ৰাজনীতি অৰু মাজে মাজে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে এই আঁচনিৰ অধীনত নিযুক্তি লাভৰ বাবে অভিলেখসংখ্যক যুৱক-যুৱতীয়ে আৱেদন কৰিছে৷ বায়ুসেনাই ২৪ জুনৰ পৰা আৱেদন প্ৰক্ৰিয়া গ্ৰহণৰ কাম আৰম্ভ কৰিছিল আৰু এতিয়া এই কথা পোহৰলৈ আহিছে যে বায়ুসেনাৰ অগ্নিবীৰৰ বাবে ৭,৪৯,৮৯৯জনে আৱেদন কৰিছে৷ ইয়াৰ পূৰ্বে সেনাতনিযুক্তিৰ বাবে কেতিয়াও ইমান আৱেদন অহা নাছিল৷ সেনাৰ পুৰণি নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত সৰ্বাধিক ৬,৩১,৫২৮খন আৱেদন লাভ কৰা হৈছিল৷ কিন্তু এইবাৰ বায়ুসেনাৰ বাবেই এবাৰতে ইমান বেছি আৱেদন আছে৷ ভাৰতীয় বায়ুসেনাই বুধবাৰে টুইট কৰি এই কথা ৰাজহুৱা কৰে৷ চাৰি বছৰৰ বাবে নিযুক্তি পাবলগীয়া এই অগ্নিবীৰসকলৰ ২৫ শতাংশক স্থায়ী নিযুক্তি দিয়া হ’ব৷