Logo
image

আজি পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া

আমাৰ অসম, ৭ জুলাইঃ পঞ্জাবৰ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানৰ নেতৃত্বত আম আদমী পাৰ্টীয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পাছত মুখ্যমন্ত্ৰী হৈছিল মান৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈয়ে বিভিন্নধৰণৰ চৰ্চিত পদক্ষেপ গ্ৰহণ কৰি অহা ভগৱন্ত মানে এইবাৰ দ্বিতীয় বিয়াত বহাৰ দিশেও আগবাঢ়িছে৷ প্ৰকাশিত বাতৰি অনুসৰি আজি ৰাজধানী চণ্ডীগড়ত তেওঁ ডাঃ গুৰপ্ৰীত কৌৰৰ সৈতে বিয়াত বহিব৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই পৰিয়ালৰ সৈতে এই বিয়াত উপস্থিত থকাৰ কথা৷ চণ্ডীগড়ত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহতে অনুষ্টুপীয়াকৈ এই বিয়া অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্ৰী মানৰ বাবে মাতৃয়ে ডাঃ গুৰপ্ৰীত কৌৰক পছন্দ কৰে৷ উল্লেখ্য, ২০১৫ চনত প্ৰথম পত্নীৰ সৈতে ভগৱন্ত মানৰ বিবাহ বিচ্ছেদ হৈছিল৷ মানে ৰাজনীতিত যোগ দিয়া বাবেই পত্নীয়ে তেওঁৰ সৈতে বিবাহ বিচ্ছেদ লয়৷ তেওঁৰ প্ৰথম পত্নীৰ ফালৰ দুই সন্তান বৰ্তমান আমেৰিকাত থাকে৷