Logo
image

বায়ুসেনাত একেলগে বিমান চলাই পিতৃ-কন্যাৰ ইতিহাস

আমাৰ অসম, ৭ জুলাইঃ এজন পিতৃৰ বাবে আটাইতকৈ গৌৰৱৰ আৰু সুখৰ ক্ষণ হৈছে সন্তানে লাভ কৰা সফলতা বা সন্তানে কৰা ভাল কাম৷ ভাৰতীয় বায়ুসেনাত কৰ্মৰত পিতৃ আৰু কন্যাই একেলগে এখন বিমান উৰুৱাই ইতিহাস ৰচে৷ কন্যাৰ সৈতে এই কাম কৰিবলৈ পাই পিতৃৰ বুকু গৰ্বত ফুলি উঠে৷ পিতৃ আৰু কন্যাৰ এই বিশেষ কাৰ্যৰ কথা মঙলবাৰে প্ৰকাশ কৰে ভাৰতীয় বায়ুসেনাই৷ বায়ুসেনাই এই কথা প্ৰকাশ কৰাৰ লগে লগে দেশৰ জনতায়ো ইয়াক লৈ গৰ্ব কৰে৷ এই গৰ্বিত কাম কৰা পিতৃ আৰু কন্যাৰ নাম হ’ল এয়াৰ কমোড’ৰ সঞ্জয় শৰ্মা আৰু ফ্লায়িং অফিচাৰ অনন্যা শৰ্মা৷ তেওঁলোক দুয়ো কৰ্ণাটকৰ বিদাৰৰ বায়ুসেনা ষ্টেচনত হ’ক-১৩২ বিমান একেলগে চলায়৷ চলিত বৰ্ষৰ ৩০ মে’ত দুয়ো এই কাম কৰে যদিও ৫ জুলাইতহে এই বষয়ে প্ৰকাশ কৰে বায়ুসেনাই৷ এয়াৰ কমোড’ৰ সঞ্জয় শৰ্মাৰ কন্যা অনন্যাই ২০২১ চনৰ ডিচেম্বৰ মাহত বায়ুসেনাৰ ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছিল৷ তাৰ পাছৰে পৰাই অনন্যাই বায়ুসেনাৰ বিমান চলোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে৷ ইয়াৰ পাছত তেওঁ লাহে লাহে আৰু অধিক উচ্ছ খাপৰ যুঁজাৰু বিমান চলোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব৷ কিন্তু ইয়াৰ পূৰ্বে ভাৰতীয় বায়ুসেনাত পিতৃ-আৰু কন্যাই একেলগে বিমান চলোৱাৰ কোনো নজিৰ নাছিল৷ গতিকে দুয়োৰে সফলতাৰ কথা দেশজুৰি বিয়পি পৰাত সকলোৱে তেওঁলোকক লৈ গৰ্ব কৰিছে৷