Logo
image

কালৰূপ লৈছে এন্‌কেফেলাইটিচে ৰাজ্যত মৃত ২২

আমাৰ অসম, ৭ জুলাইঃ ৰাজ্যৰ ২০খন জিলা বানত ডুব গৈ থকাৰ মাজতে এইবাৰ এন্‌কেফেলাইটিছে সৰ্বত্ৰ সংহাৰ ৰূপ লৈছে৷ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এই মুহূৰ্তত ক’ভিডৰ সমান্তৰলাভাৱে জাপানিজ এন্‌কেফেলাইটিছ আৰু এন্‌কেফেলাইটিচসদৃশ ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে৷ ইফালে ৰাজ্যত বানৰ মাজতে এতিয়া ঠায়ে ঠায়ে জাপানিজ এন্‌কেফেলাইটিছ আৰু এন্‌কেফেলাইটিছ সদৃশ ৰোগেও গুৰুতৰ ৰূপ হৈছে৷ চৰকাৰী তথ্য মতে এই পৰ্যন্ত ৰাজ্যত জাপানিজ এন্‌কেফেলাইটিছ আৰু এন্‌কেফেলাইটিছ সদৃশ ৰোগত ১৯১জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২২জন ৰোগীৰ মৃত্যু হৈছে৷ এন্‌চেফেলাইটিছ সদৃশ ৰোগত সৰ্বাধিক ১৪৩জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৬জন ৰোগীৰ৷ আনহাতে, জাপানিজ এন্‌কেফেলাইটিছত বৰ্তমানলৈ ৮৪জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৬জন ৰোগীৰ মৃত্যু হৈছে৷ সম্প্ৰতি জি এম চি এইছতজে ইত আক্ৰান্ত ৯জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ইয়াৰে ৫জনেই আই চি ইউত আছে৷ লক্ষণীয়ভাৱে জে ইত মৃত্যু হোৱাসকলৰ ভিতৰত দুজন ৰোগী হৈছে নগাঁও জিলাৰ বাসিন্দা৷ মৃত লোক দুজন হৈছে দগাঁৱৰ হামিদুল ইছলাম আৰু খুটিকটীয়াৰ সদানন্দ বৰুৱা৷ আনহাতে, জিলাখনত বৰ্তমান জাপানিজ এন্‌কেফেলাইটিছত আক্ৰান্ত হৈ থকা ৬জন ব্যক্তিৰ ভিতৰত এটি ৯ বছৰীয়া শিশুও আছে৷ ইফালে বৰপেটাতে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ পলাশমণি দাস নামৰ এজন যুৱক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে৷ আনহাতে, কৃত্ৰিম বানৰ পাছতেই গুৱাহাটী মহানগৰীতো দুজন লোক জাপানিজ এন্‌কেফেলাইটিছত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ ৰাজ্যিক বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কতৃৰ্পক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি জাপানিজ এন্‌কেফেলাইটিছত যোৰহাটত দুজন লোকৰ মৃত্যু হৈছে৷ তদুপৰি কামৰূপ, লখিমপুৰ আৰু ধেমাজি জিলাতে এজনকৈ লোকৰ মৃত্যু হৈছে৷ ইফালে ৰাজ্যত এতিয়া ডেংগুৱেও সংহাৰ আৰম্ভ কৰিছে৷ চৰকাৰী তথ্য মতে এই পৰ্যন্ত ডেংগুত আক্ৰান্ত হৈছে ১৯জন লোক৷ অৱশ্যে এন এইচ এম কতৃৰ্পক্ষই জাপানিজ এন্‌কেফেলাইটিছৰ নমুনা পৰীক্ষাৰ বিনামূলীয়া ব্যৱস্থা কৰিছে যদিও ৰোগৰ বাহকৰ ভূমিকা বহন কৰা মহৰ বসতি ধবংস কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷

লখিমপুৰত জাপানিজ এনকেফেলাইটিচত মহিলাৰ মৃত্যু

বিগত কিছুদিনৰ পাছত পুনৰ লখিমপুৰ জিলা জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাৰ্দুভাৱে মূৰ দাঙি উঠিছে৷ ইতিমধ্যে লখিমপুৰৰ নকাৰীত এগৰাকী মহিলা এই ৰোগত মৃত্যুবৰণ কৰাৰ লগতে দুজন জে ই আৰু ৫জন এ ই এছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰ অনুসৰি, ৩০ জুনত নকাড়ী ২ নং ৱাৰ্ড নিৱাসী মীৰা দাসৰ [৬০] ডিব্ৰুগড়লৈ নিয়াৰ পথত জাপানিজ এনকেফেলাইটিছ ৰোগত মৃত্যু হয়৷ প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে জ্বৰ, কাহ আদিত ভুগি থকাৰ পাছত চিকিৎসকৰ কাষ চপাত চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি তেওঁ জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়৷ সেই অনুসৰি, মহিলাগৰাকীক লখিমপুৰৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ পাছতে পথতে তেওঁৰ মৃত্যু হয়৷ আনহাতে, এইপৰ্যন্ত লখিমপুৰত ২জন লোক জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ লগতে ৫জন লোক এ ই এছ ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে৷ আটাইকেইজনকে স্বাস্থ্য বিভাগে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকা বুলিও সূত্ৰটোত প্ৰকাশ৷