Logo
image

পলাশবাৰী, জাগীৰোড পৰ্যন্ত ৰাজধানী বিস্তাৰৰ যো-জা

আমাৰ অসম, ৮ জুলাইঃ সম্প্ৰসাৰণ হ’ব গুৱাহাটীৰ ৰাজধানী ক্ষেত্ৰ৷ উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ সীমা বৃদ্ধি পাব৷ গুৱাহাটীৰ ৰাজধানী ক্ষেত্ৰ পূব দিশে জাগীৰোড-ৰহালৈ আৰু উত্তৰ-পশ্চিম দিশে বাইহাটা- পলাশবাৰীলৈ সম্প্ৰসাৰণ হ’ব৷ গুৱাহাটীৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে ছিংগাপুৰৰ প্ৰতিষ্ঠানৰ সৈতে মাষ্টাৰ প্লেন প্ৰস্তুতৰ  চুক্তিতো স্বাক্ষৰ কৰিছে ৰাজ্য চৰকাৰে৷ গুৱাহাটীৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণত লৈ বহু দিনৰে পৰা অব্যাহত থকা জল্পনা-কল্পনা অৱশেষত দূৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বৃহস্পতিবাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য বকেয়াৰ চেক বিতৰণ কৰি গুৱাহাটীৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণত ব্যৱহাৰ হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূব দিশে পলাশবাৰীলৈ আৰু উত্তৰ দিশে চাংসাৰি-বাইহাটালৈ মহানগৰীক সম্প্ৰসাৰণ পৰিকল্পনা ৰাজহুৱা কৰে৷ দেশৰ ৰাজধানী চহৰ দিল্লীক গুৰগাঁও-নয়দালৈ সম্প্ৰসাৰণ কৰাৰ আৰ্হিতে গুৱাহাটীকো তিনিও দিশে সম্প্ৰসাৰণ কৰিব ৰাজ্য চৰকাৰে৷ ইতিমধ্যে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে ১০ বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনাও কৰিছে চৰকাৰে৷ জাগীৰোডৰ কাগজ কলৰ ভূমিত অসম বিধানসভাকে ধৰি প্ৰশাসনিক কাৰ্যালয় নিৰ্মাণৰো ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে৷ ৰাজধানীক্ষেত্ৰ সম্প্ৰসাৰণৰ স্বাৰ্থতে গুৱাহাটীৰ পৰা জাগীৰোডলৈ ৰাষ্ট্ৰীয় ঘাইপথটো আঠ লেণ্ডযুক্তকৈ ‘ছুপাৰ হাইৱে’ নিৰ্মাণ কৰিব৷ একেদৰে পলাশবাৰীৰ দিশেও গুৱাহাটীক চেটেলাইট চিটীৰ জৰিয়তে সম্প্ৰসাৰণ কৰিব৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–ৰাজধানী ক্ষেত্ৰ গুৱাহাটীক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছো৷ জাগীৰোড কাগজ কলৰ ভূমি চৰকাৰে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিম৷ জাগীৰোডৰ ফালে বিধানসভা, ন্যায়ালয় বা প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰিম৷ একেদৰে পলাশবাৰী- শুৱালকুছি দলঙৰ জৰিয়তে আমিনগাঁও, কমলপুৰ, চাংসাৰীলৈ চেটেলাইট চিটী নিৰ্মাণেৰে গুৱাহাটীক সম্প্ৰসাৰণৰ চিন্তা কৰিছো৷ ইফালে পলাশবাৰী দিশেও গুৱাহাটীক সম্প্ৰসাৰণৰ চিন্তা কৰা হৈছে৷ দিল্লীক নয়দা-গুৰগাঁৱলৈ সম্প্ৰসাৰণৰ দৰে গুৱাহাটীকো তিনিও দিশে সম্প্ৰসাৰণ কৰা হ’ব৷ জাগীৰোডৰ পৰা বাইহাটা চাৰিআলি আৰু পলাশবাৰীলৈ গুৱাহাটীৰ সম্প্ৰসাৰণ হ’ব৷ ক’ৰবাত যদি বিধানসভা বিল্ডিং নিৰ্মাণ হ’ব আন ক’ৰবাত জনতা ভৱন নিৰ্মাণ কৰা হ’ব৷ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণত সময় লাগিব৷ এইক্ষেত্ৰত ১০বছৰীয়া পৰিকল্পনা কৰা হৈছে৷ ইতিমধ্যে কাম আৰম্ভ হৈছে৷ ছিংগাপুৰ চৰকাৰৰ সৈতে কেপিটেল টেৰিট’ৰিৰ মাষ্টাৰ  প্লেন প্ৰস্তুত কৰাৰ বাবে যি বুজা বুজি হৈছে, তাতে গুৱাহাটী সম্প্ৰসাৰণৰ সকলো দিশ সামৰি ল’ব৷ এটা প্ৰচেষ্টা আছিল গুৱাহাটীখনক তিনিওটা দিশে আগবঢ়াই নিব লাগে৷ গুৱাহাটী-উত্তৰ গুৱাহাটী দলং আৰু পলাশবাৰী- শুৱালকুছি দলঙে মহানগৰীক উত্তৰ পাৰলৈ সম্প্ৰসাৰণ কৰিব৷ জাগীৰোডৰ পৰা গুৱাহাটীলৈ আঠলেণ্ডযুক্ত ‘ছুপাৰ হাইৱে’ নিৰ্মাণ পৰিকল্পনা কৰিছো, যাৰ জৰিয়তে গুৱাহাটীক জাগীৰোড-ৰহালৈকে সম্প্ৰসাৰণ কৰিব৷