Logo
image

কেতিয়া কেনেকৈ আৰম্ভ হৈছিল ভগৱন্ত মান আৰু গুৰপ্ৰীত কৌৰৰ প্ৰেম!

আমাৰ অসম, ৮ জুলাইঃ বৃহস্পতিবাৰে দ্বিতীয়বাৰলৈ বিয়াত বহে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান৷ তেওঁৰ বিয়াত বহিবলৈ লোৱাৰ খবৰ বুধবাৰে দেশজুৰি বিয়পি পৰাৰ পাছতহে কইনা ডাঃ গুৰপ্ৰীতৰ বিষয়ে জানিবলৈ সকলো আগ্ৰহী হৈ পৰে৷ উল্লেখ্য, ২০১৫ চনত প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছৰে পৰাই অকলশৰে আছিল ভগৱন্ত মান৷ তেতিয়া তেওঁ আছিল লোকসভাৰ সাংসদ৷ কিন্তু এতিয়া পঞ্জাবৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ দ্বিতীয়বাৰলৈ সংসাৰ আৰম্ভ কৰে৷ বৃহস্পতিবাৰে ডাঃ গুৰপ্ৰীতক পত্নী হিচাপে আদৰি লয় ভগৱন্ত মানে৷ দুয়োৰে বয়সৰ পাৰ্থক্য হৈছে ১৬ বছৰ৷ এতিয়া এই কথা পোহৰলৈ আহিছে যে দুয়ো বিগত চাৰি বছৰে পৰস্পৰক ভালদৰে জানিছিল৷ কিন্তু দুয়োৰে পৰিয়ালৰ লোকে এই সম্পৰ্কটো সম্পূৰ্ণ গোপনে ৰাখিছিল৷ আনকি বুধবাৰলৈকে দুয়োৰে বিয়াৰ কথা সম্পূৰ্ণ গোপনে ৰাখিছিল৷ ডাঃ গুৰপ্ৰীতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভগৱন্ত মানৰ হৈ প্ৰচাৰো চলাইছিল৷ আনকি অলপতে ভগৱন্ত মানে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা অনুষ্ঠানতো উপস্থিত আছিল ডাঃ গুৰপ্ৰীত কৌৰ৷ কিন্তু দুয়োৰে মাজৰ প্ৰেমৰ কথা কেৱল ভগৱন্ত মানৰ মাতৃ আৰু বায়েকেহে জানিছিল৷