Logo
image

কংগ্ৰেছ জিৰো মুখ্যমন্ত্ৰী হিৰো

আজমলৰ ৰাজহুৱা ঘোষণা

আমাৰ অসম, ৮ জুলাইঃ বিজেপি নহয়, কংগ্ৰেছ হে এতিয়া এআইইউডিএফৰ শত্ৰু৷ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ মতে কংগ্ৰেছ জিৰো৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা হিৰো৷ উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ৰে পৰা কংগ্ৰেছ আৰু এআইইউডিএফ বিপৰীত মেৰুত অৱস্থান কৰিছে৷ সততে শক্তিশালী বিৰোধী ঐক্যৰ শ্লোগান আওৰোৱা কংগ্ৰেছ আৰু এআইইউডিএফে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগ উত্থাপন কৰিয়ে আছে৷ বৃহস্পতিবাৰে সাংবাদ মাধ্যমৰ আগত পুনৰ কংগ্ৰেছ বিৰোধীস্থিতি গ্ৰহণ কৰি আজমলে মুখ্যমন্ত্ৰীৰ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷ তেওঁ কয়–‘আমাৰ মুখ্যমন্ত্ৰী আগতে ভাল মানুহ আছিলে৷ তেওঁ এতিয়াও ভাল মানুহ৷ কেতিয়াবা কেতিয়াবা কোনোবাই তেওঁক ৰাতি ভিডিঅ’ দেখুৱাই দিয়ে৷ যোগী আদিত্যনাথে এই কৰি আছে, সেই কৰি আছে৷ তেতিয়া তেওঁ উঠি যায় আৰু তেনেকোৱা কাম কৰিবলৈ ইচ্ছা কৰে৷ মুখ্যমন্ত্ৰী আগতে আমাৰ লগতে আছিল৷ মুছলমানৰ ঘৰৰ ৰন্ধনীশাল পৰ্যন্ত তেওঁ চিনাকী৷ ইমান  জ্ঞানী মানুহ অসমত কোনো নাই৷ তেওঁ সকলো জানে৷ কোনটো চকলেট খালে মুছলমানে মানি ল’ব তেওঁ জানে৷ সেই চকলেট তেওঁ মাজে মাজে খুৱাই দিয়ে৷ অসমত কংগ্ৰেছ আছে নেকি? অসমতো কংগ্ৰেছ নাইয়ে৷ অসমত কংগ্ৰেছ জিৰো৷ যেতিয়ালৈকে আজমল বাচি থাকিবচ এআইইউডিএফ বাছি থাকিব, তেতিয়ালৈকে ভূপেন বৰাৰ নিচিনা মানুহ ওপৰত উঠিব  নোৱাৰে৷ কংগ্ৰেছত আছে কি? কংগ্ৰেছৰ জ্জজন বিধায়ক যদি বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে তেন্তে অন্য ৫/৭জন বিধায়ক আমাৰ লগত আছে৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়ালৈ বিৰোধীৰ দুখনকৈ বৈঠক হৈছে দিল্লীত৷ তালৈ আমাৰ প্ৰতিনিধি হিচাপে আমিনুল ইছলামক পঠিয়াইছো৷ কিন্তু এই বিষয়ত আমাৰ মাজত এতিয়ালৈকে একো আলোচনা হোৱা নাই৷ কংগ্ৰেছৰ বিভিন্ন নেতাসকলে আমাৰ ওপৰত আক্ৰমণ চলাই আছে৷ এনডিএ বিৰোধী মঞ্চকহে আমি সমৰ্থন দিও৷ কংগ্ৰেছক নহয়৷ হঠাতে কংগ্ৰেছত কিয় জুই লাগি গ’ল নাজানো৷ কংগ্ৰেছে হঠাত আমাৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰি দিলে৷ সেয়ে এতিয়া আমি সমগ্ৰ বিষয়টো চিন্তা কৰাৰ কথা কৈছো৷ আগৰ পৰাই আমাৰ স্থিতি বিজেপিবিৰোধী৷ ৰাষ্ট্ৰপতি নিৰ্বাচনে হওক বা অন্য নিৰ্বাচন হওক, মুখ্যমন্ত্ৰীৰ পৰা যিসকলে ডাঙৰ ডাঙৰ টোপোলা লৈছে, যিয়ে বেছি টোপোলা পাইছে, সিয়ে আমাক বেছিকৈ গালি পাৰি আছে৷ যোৱাবাৰো ৰাজ্যসভা নিৰ্বাচনত যিসকলে টকা খাইছিলে সেইসকলে বিজেপিত ভোট দিছে৷ ক্ৰছ ভোটিং কৰিছে৷ কিন্তু দোষটো আমাৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছে৷ এইবাৰো একে পন্থা লৈছে৷ কমলাক্ষই এটা কথা কয়, সৰুক্ষেত্ৰীৰ বিধায়কে আন এটা কথা কয়৷ ভূপেন বৰাইতো কৈয়ে আছে আমাৰ বিৰুদ্ধে৷ আমাৰ সিদ্ধান্ত বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হ’ব৷ ধৰ্মনিৰপক্ষেতাৰ ধাৰাৰ সৈতে আমি আছো৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰো মুখ্যমন্ত্ৰীৰ পৰা টোপলা লয় আৰু পিছদিনাই আমাৰ বিৰুদ্ধে কয়৷ ভাৰতবৰ্ষৰ কোনোবা এটা বিমানবন্দৰত আমাৰ দোকান দেখুৱাই দিবলৈ কংগ্ৰেছৰ আজি শেষবাৰৰ বাবে প্ৰত্যাহ্বান জনালো৷ যদি দেখুৱাই দিব পাৰে তেন্তে মই জীৱনৰ কাৰণে ৰাজনীতি এৰি দিম৷ ৪৫খন ৰাষ্ট্ৰত আমাৰ ব্যৱসায় আছে৷ আমি ব্যৱসায়িক মানুহ৷ ২৫০খন আমাৰ দোকান আছে৷ বিজেপি আৰু মোদীৰ জন্মৰ পূৰ্বৰে পৰা মোৰ দেউতাই ব্যৱসায় কৰি আছে৷ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় বনোৱাৰ বাবে টকা নাই৷ সেয়ে এতিয়া কাৰ্যালয়টোক বিক্ৰী কৰি তাতে শ্ব’পিং মল বনাব৷ কিন্তু কংগ্ৰেছৰ কিয় টকা নাই৷ অসমত ৫০-৬০ বছৰ কংগ্ৰেছৰ শাসন আছিল৷ ৰাষ্ট্ৰপতি নিৰ্বাচন ক্ষেত্ৰত আমাৰ ইচ্ছা স্পষ্ট৷ কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰীৰ পৰা টকা লোৱা কংগ্ৰেছীসকলে আমাৰ বিৰুদ্ধে অভিযোগ দি আছে৷ আজমলে যাতে খং কৰি ইফালৰ ভোট সিফালে দিয়ে৷ কিন্তু এই ষড়যন্ত্ৰ সহজে সফল হ’ব নিদিও৷ কংগ্ৰেছৰ ৫-৬জন বিধায়ক আমাৰ লগত যোগাযোগত আছে৷ কালিও আমাৰ বিধায়কৰ লগত মিটিং কৰিছে৷ যিকোনো মুহূৰ্তত কংগ্ৰেছৰ বিধায়কসকল আহি যাব৷ কংগ্ৰেছৰ শেষত কেৱল ভূপেন বৰাহে থাকিব৷