Logo
image

মহিলাক নিৰ্যাতন, দুধনৈ থানাৰ বিষয়াসহ দুজনক নিলম্বন

আমাৰ অসম, ৮ জুলাইঃ  দুধনৈ আৰক্ষী থানাত এগৰাকী গাৰো মহিলাক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন চলোৱাক লৈ উত্তপ্ত হৈ পৰে ডাইনাডুবি অঞ্চল৷ প্ৰাপ্ত তথ্য অনুসৰি, ৪ জুলাইত মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ নগৰপাৰা গাঁৱৰ সম্পৰ্কত স্বামী-স্ত্ৰী চেঙখাল আৰ মাৰাক আৰু মৌচুমী মোমিনক দুধনৈ থানাই এক গোচৰৰ ভিত্তিত সোধা-পোছাৰ বাবে থানালৈ মাতি আনে৷ সোধা-পোছা চলি থকাৰ মাজতে চেঙখাল আৰ মাৰাকে থানাৰ পৰা পলায়ন কৰে৷ তেতিয়া আৰক্ষীয়ে স্বামীৰ লগত যোগাযোগ কৰাৰ বাবে মৌচুমী মোমিনক হেঁচা প্ৰয়োগ কৰে এছ আই বিষ্ণু বাহাদুৰ নেৱাৰ আৰু মহিলা আৰক্ষী মমতা যোশীয়ে৷ তাৰ পাছতো মৌচুমী মোমিনৰ পৰা কোনো সুদুত্তৰ নোপোৱাত আৰক্ষীয়ে মাৰধৰ কৰি শাৰীৰিকভাৱে নিৰ্যাতন চলায়৷ এই ঘটনাৰ পাছত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়৷ মহিলাগৰাকীয়ে আহত অৱস্থাত ঘৰলৈ গৈ অঞ্চলস্থ ৰাইজৰ লগতে আৰক্ষীৰ উৰ্ধতন কতৃৰ্পক্ষক অৱগত কৰে৷ ইয়াৰ পাছতে দুয়োজন আৰক্ষীক নিলম্বন কৰে বিভাগীয়ভাৱে৷ ইপিনে এই ঘটনাত প্ৰতিবাদমুখৰ হৈ উঠে গাৰো সংগঠনসমূহ৷ আজি সোণাৰাম হাইস্কুল খেলপথাৰত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত GSU, AAYF, AHAM, GARO Mothers Union, PJAC, FAF আৰু কেইবাটাও গাৰো এনজিঅ’ আৰু ৰাইজে অংশগ্ৰহণ কৰে৷ মাদাৰছ ইউনিয়নৰ সভাপতি নামবালি আৰ মাৰাক, PJAC ৰ সভাপতি শুটিন মাৰাক,  AHAM ৰ সভাপতি নিৰ্মল চাংমা উপস্থিত থাকে৷ দুয়োজন দোষী আৰক্ষীক বৰ্খাস্ত নকৰালৈকে গাৰো সংগঠনসমূহে এই ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি জানিবলৈ দিয়ে সংগঠনসমূহৰ নেতৃত্বই৷