Logo
image

নিৰাপত্তাহীনতা! ডিব্ৰুগড়ত হতাশ যুৱকৰ আত্মহত্যা

আমাৰ অসম, ৯ জুলাইঃ আৰক্ষীৰ পৰা ন্যায় আৰু নিৰাপত্তা লাভ নকৰাৰ বাবে আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে পশুপ্ৰেমী হিচাপে পৰিচিত ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াই৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত চহৰখনৰ জালুকপাৰাস্থিত শনি মন্দিৰ পথৰ বাসগৃহত আত্মহত্যা কৰে বিনীতে৷ চহৰখনৰ প্ৰতিষ্ঠিত চাটাৰ্ড একাউনটেণ্ট কৈলাস বাগাৰীয়াৰ একমাত্ৰ পুত্ৰ বিনীত বাগাৰীয়াই আত্মহত্যাৰ পূৰ্বে মোবাইলত থৈ গৈছে এটা চাঞ্চল্যকৰ ৰেকৰ্ডিং৷ ইতিমধ্যে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিনীতৰ এই ভিডিঅ’ ৰেকৰ্ডিং৷ এই ভিডিঅ’ ৰেকৰ্ডিঙৰ জৰিয়তে বিনীতে স্পষ্টভাৱে অভিযোগ কৰিছে যে তেওঁৰ আত্মহত্যাৰ আঁৰত চাৰিজনকৈ লোকৰ অত্যাচাৰৰ কথা৷ বাইদুল্লাহ খান, সঞ্জয় শৰ্মা, নিশান্ত শৰ্মা, আজিজ খান নামৰ লোককেইজনে বিনীতক বহুদিন ধৰি মৃত্যুৰ ভাবুকি দি আছিল৷ এই সন্দৰ্ভত আৰক্ষী আৰু জিলা প্ৰশাসনৰ কাষ চাপিও কোনোধৰণে সঁহাৰি নোপোৱাত চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল বিনীতে৷ ঘটনা সন্দৰ্ভত জানিব পৰামতে, কৈলাস বাগাৰীয়াই কেইবাবছৰ পূৰ্বে জীৱন ফুকন নগৰৰ নিবাসী সঞ্জয় শৰ্মাক নিজৰ ঘৰৰ তলৰ মহলা ‘দ্যা সঞ্জয় একচেছৰিছ’ নামৰ প্ৰতিষ্ঠান ভাড়াত দিছিল৷ কিন্তু প্ৰতিষ্ঠানখনৰ বাবে দুয়োপক্ষৰ মাজত কৰা বুজাবুজি চুক্তিৰ ম্যাদ অন্তঃ পৰাৰ পিছতো ঘৰ খালী নকৰা আৰু ভাড়া আদায়ক লৈ আদালতৰ কাষ চপাত আদালতে ঘৰটো খালী কৰি মালিকপক্ষক ওভতাই দিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতো আদালতৰ ৰায়ক অৱমাননা কৰি সঞ্জয় শৰ্মাই ঘৰ খালী নকৰাকৈ ভাড়া আদায় দিয়াৰ পৰা বিৰত থাকে৷ ইফালে ২০১৬ চনত ‘দ্যা সঞ্জয় এচেছৰিছ’ নামৰ প্ৰতিষ্ঠানখনৰ ট্ৰেড লাইচেঞ্চ বাতিল কৰিছিল ডিব্ৰুগড় পৌৰসভাই৷ অবৈধভাৱে প্ৰতিষ্ঠানটো চলাই অহা সঞ্জয় শৰ্মাই মালিকপক্ষক ভয়-ভাবুকি দি ঘৰটো হস্তগত কৰাৰ চেষ্টা চলাই আহিছিল৷ বৈৰাগীমঠৰ বৈদুল্লা খান, সেউজপুৰৰ নিশান্ত শৰ্মা আৰু আজিজ খানে মিলি বিনীত বাগাৰীয়া আৰু তেওঁৰ পিতৃ কৈলাস বাগাৰীয়াক প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল৷ য’ত মূল ভূমিকা আছিল ভাড়াতীয়া সঞ্জয় শৰ্মাৰ৷ বৈদুল্লা, সঞ্জয়, নিশান্ত আৰু আজিজৰ অত্যধিক ভাবুকিৰ বাবে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছিল বিনীত আৰু তেওঁৰ পৰিয়াল৷ ইয়াৰ মাজতে যোৱা ৩০ জুনৰ বিয়লি প্ৰায় ২.৫৭ বজাত ফোন কৰি বিনীত আৰু তেওঁৰ পিতৃ কৈলাস বাগাৰীয়াক ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পিছত ৰ জুলাইত ডিব্ৰুগড় সদৰ আৰক্ষীৰ কাষ চাপিছিল বিনীতে৷ কিন্তু সদৰ আৰক্ষীয়ে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ কাষ চাপে বিনীত৷ আৰক্ষী অধীক্ষকজনো এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি নজনোৱাত এক প্ৰকাৰ নিৰাশ হৈ পৰিছিল বিনীত বাগাৰীয়া৷ পিতৃ কৈলাস বাগাৰীয়াই আজি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰামতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈয়ো বিনীতে অভিযোগ প্ৰেৰণ কৰিছিল৷ ডিব্ৰুগড় আৰক্ষীয়ে এই অভিযোগৰ ওপৰত গুৰুত্ব দিয়া হ’লে আত্মহত্যাৰ দৰে চৰম পথ কেতিয়াও বাচি নল’লেহেঁতেন বিনীতে৷ আৰক্ষী প্ৰশাসনৰ গাফিলতি আৰু চৰম অমনোযোগিতাৰ বাবে পুত্ৰক হেৰুৱাবলগীয়া হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে পিতৃ কৈলাস বাগাৰীয়াই৷ তেওঁৰ পিতৃয়ে কয়– ‘মই কাৰ বাবে জীয়াই থাকিম৷ মোৰ এটাই ল’ৰা আছিল৷ সিয়েই মোৰ সকলো আছিল৷ এই ৬০ বছৰ বয়সত এতিয়া আমাৰ কি হ’ব? তাৰ বিয়াৰ কাৰণেও সকলো সাজু কৰা হৈছিল৷ ঘৰৰ মেৰামতিৰ কামো চলি আছিল৷’ ইফালে বিনীতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰে৷ সমান্তৰালভাৱে বিনীতক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা চাৰিজন লোকৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে ডিব্ৰুগড় চহৰ৷ আজি চহৰখনৰ থানা চাৰিআলিৰ বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি বিনীতৰ বাবে ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল ৰাইজ৷ উত্তেজিত ৰাইজে সঞ্জয় শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ড-ভণ্ড কৰে৷ এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ ডিব্ৰুগড় চহৰ৷ বিনীতৰ বাবে ন্যায় বিচাৰি নশ্বৰদেহ লৈ বিশাল সমদল বাহিৰ কৰি চহৰখনৰ জালুকপাৰাৰ পৰা এইচ এছ ৰোড, আৰ কে বি পথৰ পৰা সদৰ থানাৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী৷ বিনীত বাগাৰীয়াৰ ফটো সম্বলিত প্লেকাৰ্ড লৈ প্ৰায় ঘণ্টা ধৰি ‘ডিব্ৰুগড় আৰক্ষী হায় হায়’, ‘বিনীতক ন্যায় দিয়ক’ আদি শ্লোগান দি চহৰখন উত্তাল কৰি কঁপাই তোলে৷ প্ৰতিবাদস্থলীত উপস্থিত হোৱা ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাক প্ৰতিবাদকাৰীসকলে জবাবদিহি কৰে৷ কি কাৰণত বিনীতে দিয়া এজাহাৰৰ ভিত্তিত ব্যৱস্থা নল’লে সেই সন্দৰ্ভত উত্তৰ বিচাৰিলে প্ৰতিবাদকাৰীসকল৷ আনহাতে আৰক্ষী অধীক্ষক মিশ্ৰাই প্ৰথমেই প্ৰতিবাদকাৰী আৰু বিনীতৰ পৰিয়ালৰ সন্মুখত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে৷ অৱশ্যে বিনীতৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰা বুলি তেওঁ মন্তব্য কৰিছে৷ অভিযুক্ত চাৰিজনৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীয়ে কেচ ডায়েৰী প্ৰস্তুত কৰিব বুলি উল্লেখ কৰে৷ আৰক্ষী অধীক্ষকজনে লগতে জানিবলৈ দিয়ামতে, বিনীতৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খোৱা বৈদুল্লা খান আৰু নিশান্ত শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ লামডিং ৰে’লৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনাৰ কথা জানিবলৈ দিছে আৰক্ষী অধীক্ষক মিশ্ৰাই৷ অন্যহাতে আন দুই অভিযুক্ত সঞ্জয় শৰ্মা আৰু আজিজ খান বৰ্তমানেও পলাতক হৈ আছে৷ দুই অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলি উল্লেখ কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিয়ে এছ পি মিশ্ৰাই৷ বৈদুল্লা খান হৈছে ডিব্ৰুগড় চহৰৰ প্ৰতিষ্ঠিত ৰয়েল এনফিল্ড ডিলাৰৰ স্বত্বাধিকাৰী৷ বৈদুল্লা খানৰ অধীনতে সঞ্জয় শৰ্মাই চহৰখনৰ জালাকপাৰাস্থিত কৈলাস বাগাৰীয়াৰ বাসগৃহৰ তলত ভাড়াতীয়া হিচাপে আছিল৷ কিন্তু আনৰ সম্পত্তিৰ প্ৰতি থকা লালসাৰ পৰিণতিত বাগাৰীয়া পৰিয়ালটোৰ সম্পত্তি হস্তগত কৰিবলৈ উঠি পৰি লাগিছিল সঞ্জয় শৰ্মা আৰু তেওঁৰ দলটো৷ এজন অতি নম্ৰ আৰু সহজ-সৰল যুৱক বিনীত আছিল অত্যন্ত পশুপ্ৰেমী৷ বাটে-ঘাটে অনাহাৰে ঘূৰি ফুৰা কুকুৰক খুৱাইছিল খাদ্য৷ আনকি লকডাউনৰ সময়ত যথেষ্ট কুকুৰক খাদ্য খুৱাই বিশেষভাৱে চৰ্চালৈ আহিছিল বিনীত৷ বহু বছৰ ধৰি জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছিল বিনীত বাগাৰীয়াই৷ একাংশ যুৱক-যুৱতীক লৈ গঠন কৰিছিল এনিমেল ৱেলফেয়াৰ পিপুল নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা৷ এইজন উদ্যমী যুৱকক হেৰুৱাই ম্ৰিয়মাণ হৈ পৰিছে শুভাকাংক্ষী আৰু আত্মীয়-স্বজন৷ আজি বিনীতৰ অন্তেষ্টিক্ৰিয়া অগণন গুণমুগ্ধৰ উপস্থিতিত চহৰখনৰ শ্মশানপাৰাৰ ৰাজহুৱা শ্মশানত সম্পন্ন কৰা হয়৷ স্থানীয় ৰাইজৰ অভিযোগ আৰক্ষীৰ পৰা প্ৰয়োজনীয় নাপায় হতাশাত ভুগি আত্মহত্যাৰ দৰে পথ বাচি ল’বলৈ বাধ্য হয় বিনীতে৷

তেজপুৰৰ হোটেলত গোলাঘাটৰ যুৱকৰ আত্মহত্যা

আজি পুৱা তেজপুৰৰ মিছন চাৰিআলিস্থিত হোটেল মেকৰ এটা কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় চিৰঞ্জীৱ বৰা [৩৪] নামৰ এজন যুৱকৰ মৃতদেহ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, পাঁচ জুলাইত যুৱকজনে গোলাঘাটৰ দ গাঁৱৰ পৰা স্কুটী চলাই আহি তেজপুৰত উপস্থিত হৈ হোটেলখনত আশ্ৰয় লৈছিল৷ গোলাঘাট নগৰস্থিত টাটা ফাইনেন্স নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল তেওঁ৷ আজি পুৱা হোটেলৰ দুৱাৰ বহু দেৰিলৈকে নোখোলাত হোটেল কতৃৰ্পক্ষই প্ৰায় ১০ বজাত স্থানীয় কছাৰীগাঁও আৰক্ষীক খবৰ দিয়ে আৰু পাছত যুৱকজনক হোটেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে৷ উল্লেখ্য,  চিৰঞ্জীৱ ওৰফে চান্তুৱে মঙলবাৰে কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই গৈছিল গোলাঘাটৰ লৱণঘাট অভিমুখে৷ ফাইনেন্স কোম্পানীৰ ধন সংগ্ৰহৰ বাবে গৈ পুনৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও তেওঁৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ আনহাতে আৰক্ষীয়ে কোনো ধৰণৰ টোকা মৃতদেহৰ পৰা তথা কোঠালিটোত উদ্ধাৰ কৰা নাই বুলি প্ৰকাশ কৰি যুৱকজনৰ আত্মহননৰ স্পষ্ট কাৰণ এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই বুলিও সদৰি কৰিছে৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

পত্নীৰে কাজিয়া কৰি দ্বিতীয় মহলাৰ পৰা জপিয়াই যুৱকৰ আত্মহত্যা

পত্নীৰ লগত কাজিয়া কৰি অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই এজন যুৱকে আত্মহত্যা কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ ওদালবাক্ৰা আৰক্ষী চকীত অন্তৰ্গত ওদালবাক্ৰা লিংক ৰোডত৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ওদালবাক্ৰাত লিংক ৰোডৰ বাসিন্দা দ্বীপ জয় বসুৱে [৩৫] এগৰাকী দুগৰাকী নহয় তিনি গৰাকীকৈ যুৱতী বিয়া কৰায়৷ সৰোপা স্বভাৱৰ দ্বীপজয় বসুৱে কোনোধৰণৰ কাম বন নকৰাৰ বাবে প্ৰথম আৰু দ্বিতীয় পত্নীয়ে দীপজয় বসুক এৰি থৈ গুচি যায়৷ ইয়াৰ পাছত দ্বীপজয় বসুৱে তৃতীয়গৰাকী যুৱতীক বিয়া কৰায়৷ তৃতীয়গৰাকী যুৱতীয়েও একে অভিযোগত দ্বীপজয়ক এৰি থৈ গুচি যায়৷ তৃতীয় গৰাকী পত্নী এৰি থৈ গুচি যোৱাত দ্বীপজয় মানসীক অশান্তিত ভুগি আছিল৷ কালি দিনৰ ১১ বজাত দ্বীপজয় বসুৱে ঘৰৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে৷ আৰক্ষয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা ইউডি গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷

খাটিসোণা হত্যাকাণ্ডৰ ৰহস্য উদ্‌ঘাটনত ব্যৰ্থ  আৰক্ষী

যোৰহাট জিলাৰ মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত খাটিসোণাত সংঘটিত ‘ত্ৰিপল মাৰ্ডাৰ’ৰ মূল অভিযুক্ত তৰুণ দাসৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ঘটনাই নতুন মোৰ লৈছে৷ এই হত্যাকাণ্ডৰ সৈতে তৰুণ দাসৰ উপৰিও আন লোক জড়িত থকা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে৷ ইফালে হত্যাকাণ্ডৰ বলি হোৱা সোণটি বৰাৰ কন্যা মনালিছা বৰাৰ সৈতে তৰুণ দাসৰ অবৈধ সম্পৰ্ক থকা বুলি চৰ্চিত হৈছে৷ কিন্তু সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এইলানি হত্যাকাণ্ডৰ ৰহস্য উদ্‌ঘাটন কৰাত মৰিয়নি থানাৰ আৰক্ষীয়ে তৎপৰতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই হত্যাকাৰীয়ে মুকলি আকাশৰ তলত নিৰ্বিবাদে বিচৰণ কৰি থকা বুলিও অভিযোগ উঠিছে৷ সোণটি বৰাৰ পৰিয়ালৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত তৰুণ দাসৰ ক্ষত-বিক্ষত মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ ঘটনাটোৰ তথ্য প্ৰমাণ নষ্ট কৰিবৰ বাবেই তৰুণ দাসক হত্যা কৰা হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ সোনটি বৰাৰ কন্যা মনালিছা বৰাৰ সৈতে তৰুণ দাসৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা আৰক্ষীয়ে নিশ্চিত কৰিছে৷ কিন্তু স্থানীয় একাংশ লোকে জনোৱা জনোৱা মতে, ইটাভাটাৰ শ্ৰমিকৰ আবাসিক এলেকাত বাস কৰা সোণটি বৰাৰ গৃহলৈ নিৰ্দিষ্ট কিছু লোকৰ সঘন আহ-যাহ আছিল৷ আনকি সোণটি বৰাৰ কিশোৰী কন্যা মনালিছা বৰাক গোপনে দুবাৰকৈ গৰ্ভপাতো কৰোৱা হৈছিল বুলি স্থানীয় সূত্ৰসমূহৰ পৰা জানিব পৰা গৈছে৷ স্থানীয় এক সূত্ৰই জানিবলৈ দিয়া মতে হত্যাকাণ্ড সংঘটিত হোৱাৰ দুমাহ পূৰ্বেও মনালিছাৰ গৰ্ভপাত কৰোৱা হৈছিল৷ সেয়ে মনালিছা কৰা দ্বাৰা অন্তঃসত্তা হৈছিল–তৰুণ দাসৰ নে অন্য লোকৰ –ৰাইজৰ মাজত সেই প্ৰশ্ন উদয় হৈছে৷ জানিব পৰা মতে কিছু দিন পূৰ্বে তৰুণ দাসৰ পত্নী আৰু কন্যা সোণটি বৰাৰ ঘৰলৈ আহি  মনালিছাক পিতৃ তৰুণ দাসৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ সকীয়নি দিছিল৷ তৰুণ দাসৰ সৈতে মনালিছা বৰাৰ সম্পৰ্কৰ বাবেই তৰুণ দাসৰ পৰিয়ালত চৰম অশান্তিৰ সৃষ্টি হৈছিল বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে৷ আনহাতে মনালিছা বৰাৰ সৈতে থকা অবৈধ সম্পৰ্কক লৈ তৰুণ দাসৰ সৈতে  সোণটি বৰাৰ ঘৰলৈ সঘন আহ-যাহ কৰা একাংশ নিৰ্দিষ্ট লোকৰ সংঘাত সৃষ্টি  হৈছিল  নেকি সেই  সম্পৰ্কেও ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে হত্যাকাণ্ডৰ বলি হোৱা সোণটি বৰাৰ পৰিয়ালৰ এজনো লোকৰ ফটো অথবা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুককে ধৰি কোনোধৰণৰ পৰিচয় পত্ৰ উদ্ধাৰ হোৱা নাই৷ দহবছৰ ধৰি নকছাৰি অঞ্চলত সোণটি বৰাই যাৰ অধীনত কাম কৰিছিল সেই ব্যক্তিসকলে পৰিচয়বিহীন সোণটি বৰাক কিয় কৰ্মত নিয়োগ কৰিছিল বা আশ্ৰয় প্ৰদান কৰিছিল বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷ সেই লোকসকলে এতিয়া সোণটি বৰাৰ বিষয়ে সম্পূৰ্ণ  অজ্ঞতা প্ৰকাশ কৰিছে৷ ইফালে সোণটি বৰাৰ পৰিয়ালটোৱে পূৰ্বে আশ্ৰয় লৈ থকা গৃহটো ভাগি পৰাত খাটিসোণাৰ চুড়ী উপাধিৰ এজন লোকে এটা ইটাভাটাৰ স্বত্বাধিকাৰীক অনুৰোধ কৰি ইটাভাটাৰ শ্ৰমিকৰ আৱাসত পৰিয়ালটো থাকিবলৈ ব্যৱস্থা কৰি দিছিল৷ ইটা ভাটাৰ সেই শ্ৰমিক আৱাসলৈ ঘটনা সংঘটিত হোৱাৰ এসপ্তাহৰ পূৰ্বেহে সোনটি বৰাৰ পৰিয়ালটো আহিছিল৷ পৰিয়ালটোক বাসগৃহৰ ব্যৱস্থা কৰি দিয়া ব্যক্তিজনৰ ঘৰৰ ঠিক পিছফালেই আছিল সোণটি বৰাৰ পৰিয়ালটো৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে চুড়ী উপাধিৰ লোকজনে সোণটি বৰাৰ পৰিচয়ৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰা কাৰ্য সন্দেহজনক৷ যদি সোণটি বৰাৰ লগত বিশেষ কোনো চিনা পৰিচয় নাছিল তেন্তে চুড়ী উপাধিৰ ব্যক্তিজনে কি স্বাৰ্থত পৰিয়ালটোক তাত থকাৰ ব্যৱস্থা কৰি দিছিল সেই প্ৰশ্নও উত্থাপন হৈছে৷ জানিব পৰা মতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা খাটিসোণাৰ এটা গৃহত তৰুণ দাসে একাংশ লোকৰ সৈতে সন্ধিয়া সুৰা সেৱন কৰিছিল৷ সেই স্থানৰ পৰা সোণটি বৰাৰ চাইকেলখনো আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ সুৰাৰ ঘাটীৰ পৰাই বন্ধুসহ তৰুণ দাস সোণটি বৰাৰ গৃহলৈ গৈছিল নেকি সেই বিষয়ে অনুসন্ধান কৰিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে৷ সেই স্থানৰ পৰা সোণটি বৰাৰ গৃহলৈ দূৰত্ব মাত্ৰ আধা কিলোমিটাৰ৷ কিন্তু খাটিসোণাত তৰুণ দাসে কোন সতীৰ্থৰ সৈতে সুৰা সেৱন কৰিছিল তাৰ তথ্য উলিয়াবলৈ মৰিয়নি আৰক্ষী সক্ষম হোৱা নাই৷ শেহতীয়াভাৱে সোণটি বৰাৰ হত্যাকাণ্ডৰ ঘটনাটোৰ দৃশ্যপট ঘনে ঘনে সলনি হৈছে৷ স্থানীয় একাংশ লোকে সোণটি বৰাৰ পৰিয়ালটোৱে নকছাৰিত ভুৱা নাম-ঠিকনা দি বাস কৰি আছিল বুলি সন্দেহ কৰিছে৷ ৰাইজে সন্দেহ কৰা মতে, যদি সোণটি বৰা নামটো প্ৰকৃত নাম হ’লহেঁতেন তেন্তে পৰিয়ালটোৰ কোনো আত্মীয়-স্বজন ওলালহেঁতেন৷ কিন্তু কোনো অত্মায়-স্বজন উক্ত স্থানত উপস্থিত নোহোৱাত ৰাইজ শংকিত হৈছে৷