Logo
image

চৰকাৰৰ প্ৰতিবেদন নাকচ শীৰ্ষ আৰক্ষীৰ বিৰুদ্ধে গোচৰ

ছেমৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়!

আমাৰ অসম, ৯ জুলাইঃ ‘কা’বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত শ্বহীদ হোৱা ১৬ বছৰীয়া ছাত্ৰ ছেম ষ্টেফৰ্ডৰ কথা আপোনাৰ মনত আছেনে? জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত ছেমসহ পাঁচজন তেজাল যুৱক শ্বহীদ হোৱাৰ বিপৰীতে আন্দোলনৰ নামত একাংশই ৰাজনৈতিক ভৱিষ্যতো নিষ্কণ্টক কৰিলে৷ ‘কা’বিৰোধী আন্দোলনৰ পৰা বহুতৰে ৰাজনৈতিক লাভালাভ হ’লেও ছেমসহ পাঁচ তেজাল অসমীয়া যুৱকৰ আত্মবলিদানক সময়ৰ লগে লগে অসমীয়াই যেন পাহৰি পেলাইছে৷ পুত্ৰৰ শোকত ভাগি পৰি ন্যায়ৰ আশাত বন্দী ছেম ষ্টেফৰ্ডৰ মাতৃ অসুখীয়া হৈ পৰিল যদিও পুত্ৰৰ ন্যায় কিন্তু আজিও লাভ নকৰিলে৷ ইফালে গুচৰীয়া পক্ষৰ অৱহেলাৰ বাবে মানৱাধিকাৰ আয়োগে ছেমৰ পৰিয়ালক ন্যায় দিয়াত ব্যৰ্থ হয় যদিও শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ এটা নিৰ্দেশনাৰ পাছতেই কিঞ্চিৎ হ’লেও আশাৰ ৰেঙনি দেখা পাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে৷ ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া ছয় বজাত মহানগৰীৰ হাতীগাঁৱত আৰক্ষীৰ নিৰ্বিচাৰ গুলীত থিতাতে ঢলি পৰি মৃত্যুক আঁকোৱালি লৈছিল ছেম ষ্টেফৰ্ডে৷ এই ঘটনাৰ গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে আদালতত ছেম ষ্টেফৰ্ডক গুলীচালনা কৰা কাৰ্য ভুলবশতঃ হোৱা বুলি স্বীকাৰ কৰি ঘটনাটোৰ বাবে কোনো আৰক্ষীকে দায়ী কৰিব পৰা নাযায় বুলিহে চূড়ান্ত প্ৰতিবেদন দাখিল কৰে৷ এজন স্কুলীয়া ছাত্ৰক গুলীয়াই হত্যা কৰাৰ পাছতো তদন্তকাৰী আৰক্ষীয়ে এনে কাংক্ষিত প্ৰতিবেদন দাখিল কৰাত ছেম ষ্টেফৰ্ডৰ পিতৃয়ে আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদনত অসন্তুষ্টি প্ৰকাশ কৰাত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ প্ৰতিবেদনক নাকচ কৰি গোচৰটোৰ অভিযোগৰ গোচৰ [কমপ্লেইন কেছ] হিচাপে পঞ্জীয়নভুক্ত কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ছেমক গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত আদালতে ৰুজু কৰা গোচৰটোত মূল অভিযুক্ত কৰা হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙক৷ লক্ষণীয় বিষয়টো হৈছে ‘কা’বিৰোধী আন্দোলনক দমনৰ বাবে আই পি এছ বিষয়া এছ এন সিঙ দায়িত্বত আছিল যদিও ‘ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা’ৰ দিল্লীস্থ কাৰ্যালয়ত কেন্দ্ৰীয় ডেপুটেশ্বনত থকা অসম-মেঘালয়ৰ কেডাৰৰ শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙে অসম আৰক্ষীত যোগদানৰ দিনটোৰ [১২/১২/২০১৯] সন্ধিয়ালৈ ‘কা’বিৰোধী আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনা আৰম্ভ হোৱা বুলিও সেই সময়ত অভিযোগৰ আঙুলি উঠিছিল৷ অৱশ্যে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙক পক্ষ কৰি ৰুজু হোৱা ৪৩৩৯/২০২২ নম্বৰ গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ ৩০২ [হত্যা]/৩২৬ [চোকা অস্ত্ৰৰে আঘাত] ধাৰা সন্নিৱিষ্ট কৰিছে৷ ছেম ষ্টেফৰ্ডৰ গোচৰটোৰ আইনী অগ্ৰগতিৰ সন্দৰ্ভত শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিগন্ত বৰ্মন, অৰূপজ্যোতি ভূঞা আৰু বনদীপ দত্তই এখন সংবাদ মেল সম্বোধন কৰি কয় যে – ২০১৯ চনত কেন্দ্ৰৰ বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ় লৈ উঠিছিল৷ গুৱাহাটী মহানগৰীত এই আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ধাৰণ কৰাত অসম আৰক্ষীৰ গুলীত ৫ জনকৈ চফল ডেকাই প্ৰাণ দিবলগীয়া হৈছিল৷ ইয়াৰ এজন কিশোৰ আছিল হাতীগাঁৱৰ ছেম ষ্টেফৰ্ড৷ ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া ৬ বাজি ৩০ মিনিটত ছেম ষ্টেফৰ্ডক আৰক্ষীয়ে হাতীগাঁৱত গুলীয়াই হত্যা কৰিছিল৷ এই ঘটনাৰ পাছতে প্ৰবীণ মহন্ত নামৰ এজন অধিবক্তাই হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ হাতীগাঁও আৰক্ষী থানাই এই এজাহাৰৰ ভিত্তিত ৯২৩/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ ভাৰতীয় দণ্ড বিধিৰ ৩২৬/৩০২ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে হাতীগাঁও আৰক্ষী আৰু চি আই ডিয়ে৷ শেহতীয়াকৈ ২০২১ চনৰ ৩ মাৰ্চত এই তদন্ত সম্পূৰ্ণ কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তদন্তৰ চূড়ান্ত প্ৰতিবেদন [ফাইনেল ৰিপ’ৰ্ট] দাখিল কৰে৷ আৰক্ষীয়ে তদন্ত প্ৰতিবেদনত ঘটনাক ভুলৱশতঃ সংঘটিত হোৱা বুলি উল্লেখ কৰি সমগ্ৰ ঘটনাক গাপ দিবলৈ প্ৰয়াস কৰিছে৷ আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদন সন্দৰ্ভত আদালতে শ্বহীদ ছেম ষ্টেফৰ্ডৰ পিতৃলৈ জাননী জাৰি কৰে৷ অৱশ্যে শ্বহীদ পিতৃৰ অনুৰোধ মৰ্মে তদানীন্তন ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ছেমৰ পিতৃৰ সৈতে আলোচনা মৰ্মে আইনী সাহায্য দিয়াৰ ব্যৱস্থা কৰে আৰু শ্বহীদ পিতৃ বিজু ষ্টেফৰ্ডে আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি চলিত বৰ্ষৰ ২৭ জানুৱাৰীত আদালতত লিখিত আবেদন দাখিল কৰে৷ পিতৃ বিজু ষ্টেফৰ্ডৰ আপত্তি আবেদনৰ ওপৰত আদালতে শুনানি গ্ৰহণ কৰি বিগত ২৮ জুনত হাতীগাঁও আৰক্ষীৰ তদন্তকাৰী বিষয়াই তদন্ত কৰি দাখিল কৰা চূড়ান্ত প্ৰতিবেদন নাকচ কৰে আৰু এই গোচৰটো অভিযোগৰ গোচৰ [complaint case] হিচাপে পঞ্জীয়নভুক্ত কৰে৷ আৰক্ষীৰ চূড়ান্ত তদন্ত প্ৰতিবেদনক নাকচ কৰি পুনৰাই অভিযোগৰ গোচৰ হিচাপে পঞ্জীয়ন কৰা আদালতৰ এই ৰায়ক আদৰণি জনাইছো৷ এই সুযোগতে অসমৰ ‘কা’ বিৰোধী সকলো জাতীয়তাবাদী দল-সংগঠনক শ্বহীদ ছেম ষ্টেফৰ্ডকে ধৰি আটাইকেইজন শ্বহীদক ন্যায় বিচাৰ পোৱাত সহায় কৰিবলৈ সহযোগিতাৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছো৷ উল্লেখ্য, ছেম ষ্টেফৰ্ডৰ গোচৰটোত আদালতত যুক্তি দাঙি ধৰিছিল অধিবক্তা মাধুৰ্য চৌধুৰী আৰু প্ৰিৰ্চাড আহমেদে৷