Logo
image

চৰকাৰৰ এবছৰ নৌহওঁতেই হেলিকপ্টাৰত ব্যয় ২০ কোটি

আমাৰ অসম, ৯ জুলাইঃ আৰ্থিকভাৱে জুৰুলা ৰাজ্য চৰকাৰ৷ বিভাগীয় কাম-কাজ কৰিবলৈ ঋণৰ উপৰি ঋণ ল’বলগা হৈছে চৰকাৰে৷ কিন্তু এনে সময়ত এবছৰ নৌহওঁতেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ নামত কিমান টকা ব্যয় কৰিছে সেয়া জানিলে সাধাৰণ মানুহৰ চকু কঁপালত উঠিব৷ ৰাজ্যকোষ টনকীয়াল নোহোৱাৰ সময়তো ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানত ব্যয় কৰিছে প্ৰায় বিশ কোটি টকা৷ আৰ টি আই প্ৰতিবেদনত উন্মোচিত হৈছে উক্ত তথ্য৷ মৰিগাঁও জিলাৰ ‘সহায় অসম’ নামৰ এটা বেচৰকাৰী সংগঠনৰ হৈ জগদীশ মহন্ত নামৰ লোকে দাখিল কৰা আৰ টি আইৰ তথ্য মতে কেৱল ২০২১-২২ বিত্তীয় বৰ্ষটোতে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিছে ১৯ কোটি ৭১ লাখ ৪২ হাজাৰ ৬০১ টকা৷ হাজাৰ হাজাৰ সমস্যাত ভাৰাক্ৰান্ত ৰাজ্য৷ ক’ভিড বিধবস্ত কৰিছে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি৷ এনে সময়তো কেৱল এটা বছৰত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানত উৰাৰ নামত বিপুল পৰিমাণৰ পুঁজি ব্যয় হোৱা কাৰ্য্যত স্তম্ভিত ৰাজ্যবাসী৷ এই সময়ত ৰাজ্যবাসীৰ প্ৰশ্ন– যদি চৰকাৰে ৰাজ্যৰ বান খহনীয়া আদি জলন্ত সমস্যাৰ সমাধানৰ বাবে আগতীয়াভাৱে এনেদৰে পুঁজি ব্যয় কৰিলেহেঁতেন ৰাজ্যবাসী বানত ককবকাই থাকিব নালাগিলহেঁতেন৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১০ মে’ত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল৷ আৰ টি আই তথ্যত ২০২২ চনৰ ৩১ মাৰ্চ পৰ্যন্ত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ ব্যয় অন্তৰ্ভুক্ত কৰা হৈছে৷ অৰ্থাৎ চৰকাৰখনত এবছৰ পূৰ হ’লৈ প্ৰায় ডেৰ মাহ বাকী থকা সময়তে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানত ব্যয় হৈছে প্ৰায় বিশ কোটি টকা৷