Logo
image

অমৰত্বৰ আশ্বাসৰ পাছতো ক’ভিডত মৃত্যু, চৰকাৰৰ অস্বস্তি

আমাৰ অসম, ৯ জুলাইঃ অসমত ক’ভিড তৃতীয় ঢৌ আৰম্ভ হোৱাই নহয়, ক’ভিডে যেন পুনৰবাৰ মৃত্যুৰ ঘাতা খুলিলে৷ ৰাজ্য চৰকাৰৰ কেবিনেটে এইবাৰৰ ক’ভিডৰ পৰা কোনো ভয়ৰ কাৰণ নাই বুলি আভুৱা ভাঁৰাৰ চেষ্টা চলাইছিল যদিও অৱশেষত বৃহস্পতিবাৰে নতুনকৈ এজন লোকৰ ক’ভিডত মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে ৰাজহুৱা কৰিছে৷ চিকিৎসক-বিশেষজ্ঞই গঠিত মেডিকেল ব’ৰ্ডে ক’ভিডত এজন ৰোগীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিলেও চিকিৎসকৰ উক্ত প্ৰতিবেদন মানি ল’ব বিচৰা নাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে৷ এক কথাত যেন নাও বুৰিলেও টিঙৰ পৰা নামিব নিবিচৰা আঁকোৰগোঁজ স্থিতিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ স্বাস্থ্য বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰা কেশৱ মহন্তৰ মতে বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে ক’ভিডত মৃত্যু হোৱা বুলি প্ৰকাশ কৰা ৰোগীজন প্ৰকৃততে পজিটিভ হ’লেও আন ৰোগৰ বাবেহে মৃত্যু মুখত পৰে৷ অথচ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বুলেটিনত প্ৰকাশ পোৱা মতে বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ অসমতে ২৭৩ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে গুৱাহাটীত এজন ক’ভিড ৰোগীৰ মৃত্যু হয়৷ অৱশ্যে শুকুৰবাৰে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই কয়– ‘এতিয়া ক’ভিডত প্ৰত্যক্ষভাৱে কোনো মানুহৰ মৃত্যু হোৱা নাই৷ বৃহস্পতিবাৰে যিজন ৰোগীৰ মৃত্যু হৈছে তেওঁ ক’মৰ্বিডিটীৰ বাবেহে মৃত্যু হয়৷ অন্যান্য ৰোগত আক্ৰান্ত হৈ থকাত চিকিৎসাৰ বাবে ৰোগীজনক হাস্পতাললৈ আনিছিল যদিও ৰোগীজনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ ক’ভিড নহয়৷ অন্যান্য ৰোগৰ কাৰণেহে তেওঁৰ মৃত্যু হৈছিল৷ এতিয়া দৈনিক ২০০ ভিতৰতে পজিটিভ কেছ পোৱা গৈছে৷ বৰ্তমান যি ক’ভিড ভেৰিয়েণ্ট ৰোগীৰ দেহত পোৱা গৈছে৷’ সেই ভেৰিয়েণ্টটো বৰ শক্তিশালী নহয় যে ৰোগীজনক আক্ৰমণ কৰিব পাৰে৷ অসমৰ প্ৰায় সংখ্যক লোকেই ক’ভিডৰ দুটা বা তিনিটা ড’জ প্ৰতিষেধক গ্ৰহণ কৰিছে৷ গতিকে সকলোৰে ইমিউনিটী যথেষ্ট বৃদ্ধি পাইছে বাবেই ক’ভিডৰ লগত যুঁজ দিব পাৰিছে৷ সেয়েহে ক’ভিড সংক্ৰমণক লৈ শংকা কৰিব লগা নাই বা চিন্তা কৰিবলগা নাই৷ ক’ভিডত লৈ নতুনকৈ এছ অ’ পি দিয়াৰ কথা ভৱা নাই যদিও চিকিৎসকৰ বাবে হাস্পতালৰ বেড সাজু কৰি ৰাখিছে৷’’ লক্ষণীয় বিষয়টো হৈছে বিগত মঙলবাৰে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা বিষয়টোৱে স্থান পাইছিল যদিও মৃত্যুৰ হাৰ শূন্য হোৱাৰ বাবেই ক’ভিড বাধা নিষেধাজ্ঞা আৰোপৰ পৰা বিৰত থাকে কেবিনেট৷ ক’ভিড ভেক্‌চিন গ্ৰহণ কৰাৰ পাছত কাৰ্যতঃ অমৰত্ব পোৱা বুলি দাবী কৰিয়েই মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যবাসীক প্ৰাথমিক প্ৰতিৰোধমূলক অস্ত্ৰ হিচাপে বাধ্যতামূলক মাস্ক পৰিধানতো নিৰ্দেশনা জাৰি কৰাৰ প্ৰয়োজন বোধ কৰা নাছিল৷ কিন্তু এনে অমৰত্বৰ পাছতো দুৰ্ভাগ্যজনকভাৱে বৃহস্পতিবাৰে ক’ভিডে প্ৰাণ কাঢ়ি নিয়ে এজন ৰোগীৰ৷ এই মুহূৰ্তত ৰাজ্যত প্ৰায় ১,৫০০ ৰোগী ক’ভিড সক্ৰিয় হৈ থকাৰ বিপৰীতে ইয়াৰে কেইবাজনো আই চি ইউত ভৰ্তি হৈ আছে৷ স্বাস্থ্য বিভাগে চৰকাৰী হাস্পতালসমূহৰ পৰা বিনামূলীয়া ক’ভিড পৰীক্ষাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিলেও গুৱাহাটীৰ লগতে কামৰূপ, দৰং, ডিব্ৰুগড়, শিৱসাগৰ, গোৱালপাৰা আদি কেইবাখনো জিলাত সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কেৱল চহৰেই নহয়, ৰাজ্যৰ গাঁৱে-ভূঞে এতিয়া সংক্ৰমণ বৃদ্ধি পাইছে৷ অধিকাংশ লোকৰ ঘৰতে ক’ভিড লক্ষণ জ্বৰ-কাঁহে দেখা দিছে যদিও চৰকাৰী হাস্পতালত ক’ভিড পৰীক্ষা উপলব্ধ নোহোৱাত ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰি ৰাজহুৱা স্থানতো ঘূৰি ফুৰিছে এনে সন্দেহজনক ৰোগীসকলে৷ অৱশ্যে ৰাজ্য চৰকাৰে ক’ভিড পৰীক্ষাত গুৰুত্ব দিব নিবিচৰা কাৰ্যক ইতিমধ্যে চিকিৎসক-বিশেষজ্ঞই সতৰ্ক কৰি দিয়াও দেখা গৈছে৷ ইফালে, বৃহস্পতিবাৰে এজন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে শুকুৰবাৰে পুনৰ দুজন ক’ভিড ৰোগী মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ স্বাস্থ্য বিভাগৰ বুলেটিন অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৯৪জন লোক৷ একেদৰে ক’ভিড পজিটিভিটীৰ হাৰ ১১.২০ শতাংশলৈ বৃদ্ধি পাইছে৷ শুকুৰবাৰে গুৱাহাটীৰ সৰ্বোচ্ছ ৯২জন লোক আৰু কামৰূপত ৪২জন আক্ৰান্ত হৈছে৷ চৰকাৰী তথ্যমতে, গুৱাহাটীতে শুকুৰবাৰে দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷