Logo
image

আজি ঈদ

কোৰবানিত চৰ্তসাপেক্ষে অনুমতি ন্যায়ালয়ৰ

আমাৰ অসম, ১০ জুলাইঃ দেওবাৰে ইছলামধৰ্মী ৰাইজৰ ঈদ-উল-আজহা বা বকৰি ঈদ৷ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ঈদক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে৷ ইছলাম ধৰ্মী লোকসকলে ঈদব প্ৰস্তুতি চলাইছে৷ ঈদৰ দুই ৰাকাত ৱাজিব নমাজ পঢ়িবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ ময়দান, মছজিদ সুন্দৰ কৈ সজাই পৰাই তুলিছে৷ বজাৰ ভৰিছে বিভিন্ন ধৰণৰ বাদ্য সামগ্ৰীৰে৷ ফল, পাচলি, মাছ-মাংস, মিঠাইৰ বিপণীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে৷ অসমৰ বাকী জিলাসমূহৰ দৰে গুৱাহাটীতো ঈদৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে৷ বজাৰ ঈদ বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে৷ ঈদৰ নামাজত পৰিধান কৰা নানা ৰঙীণ টুপিৰ লগতে আতৰ, চেৱৈ, খেজুৰ আদিৰ লগতে ঈদৰ লগত সংগতি ৰাখি ব্যবহাৰ হোৱা বিভিন্ন সামগ্ৰী বজাৰত ভৰি পৰিছে৷ অৱশ্যে এই সময়ত প্ৰথম বাৰৰ বাবে বজাৰত গ্ৰাহকৰ ভিৰ কিছু সীমিত দেখিবলৈ পোৱা গৈছে৷ কিন্তু বিয়লিলৈ বজাৰত যথেষ্ট গ্ৰাহকৰ ভিৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে ব্যবসায়ীসকলে৷ বিগত প্ৰায় দুবছৰত কভিডে কিছু পৰিমাণে ঈদৰ আনন্দত হেঙাৰ হৈছিল যদিও এইবাৰ ক’ভিডৰ ভয়াৱহতা কিছু হ্ৰাস হোৱাৰ লগে লগে ইছলাম ধৰ্মীলোকসকলৰ মাজত ঈদক লৈ আনন্দ উল্লাহে বিৰাজ কৰিছে৷ অৱশ্যে বজাৰৰ মূল্যবৃদ্ধিয়ে এইক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিছে৷ প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূলাৰ বাবে বহু লোকে পূৰ্বৰ দৰে বহলভাবে ঈদ উদযাপন কৰিব নোৱাৰিব বুলিও আশংকা কৰিছে৷ ইয়াৰ মাজতে শেহতীয়াকৈ হৈ যোৱা বানেও বহু ঠাইত ঈদ আনন্দ উল্লাহ ম্লান পেলোৱা দেখা গৈছে৷ সমান্তৰালকৈ বকৰি ঈদৰ কোৰবাণী সম্পৰ্কে অসম চৰকাৰে কৰা ঘোষণাক লৈও বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বহু লোকে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে ইছলাম ধৰ্মী একাংশ লোকে ইয়াৰ বিৰোধিতা কৰিছে৷ ইপিনে, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ উপলক্ষে উক্ত ধৰ্ম বিশ্বাসী অসমবাসী ৰাইজক শুভেচ্ছা জনাইছে মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, , ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ৰাজ্যিক তৃণ মূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকাৰ জ্যোতি বৰুৱাই এক বিবৃতিত কয় যে ইছলাম ধৰ্মাৱলম্বী ভাতৃ-ভগ্নীসকলৰ পৱিত্ৰ ঈদুল আজহা শান্তি আৰু ভাতৃত্বৰ উৎসৱ৷ এই উৎসৱে সমাজলৈ সমিলমিলৰ বাতাৱৰণ কঢ়িয়াই বুলিও বিশ্বাস৷ এইবাৰৰ ঈদুল আজহাই অসমৰ জনজীৱনলৈ শান্তি কঢ়িয়াই অনাৰ লগতে সামাজিক আৰু সম্প্ৰদায়গত ভাতৃত্ববোধ কঢ়িয়াই অনাৰ কামনা কৰে সকলোৱে৷

আনৰ ধৰ্মীয় অনুভূতিত আঘাত নিদিয়াকৈ কোৰবানি দিয়কঃ মুখ্যমন্ত্ৰী

অন্য ধৰ্মৰ লোকে বাস কৰা অঞ্চলত ইছলামধৰ্মী লোকে দিব নোৱাৰিব গৰুৰ কোৰবানি৷ ডিব্ৰুগড়ত আজি অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাৰ পাছতে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ইছলামধৰ্মী লোকসকললৈ এই আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ঈদ-উদ-আজহা উপলক্ষে ইছলামধৰ্মী লোকসকলৰ পৰম্পৰাগত গো কোৰবানি প্ৰথাৰ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি কৰি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে, যেতিয়া আমি ভগৱান বা আল্লাৰ হৈ প্ৰাৰ্থনা কৰোঁ, যেতিয়া আমি সকলো শ্ৰদ্ধাৰে উপচাই দিওঁ তেতিয়া আমি সদায় মনত ৰাখিব লাগে যে, ইয়াৰ ফলত ওচৰ-চুবুৰীয়া মানুহেও আনন্দত অংশগ্ৰহণ কৰিব পাৰে৷ ওচৰ-চুবুৰীয়া মানুহে দুখ পোৱা সেই প্ৰাৰ্থনা আল্লা বা ভগৱানে কেতিয়াও মঞ্জুৰ নকৰে৷ মই ইছলামধৰ্মী ৰাইজক অনুৰোধ কৰিব খুজিছোঁ যে, ইতিমধ্যে গৃহীত হোৱা গো সংৰক্ষণ আইনখনৰ মতে আন ধৰ্মৰ লোক থকা অঞ্চলত গৰু কোৰবানি কৰা বা গৰু মাংস খোৱাটো অপৰাধ৷ মই আহ্বানহে জনাম, ইয়াত ব্যৱস্থা লোৱা, শাস্তি দিয়া বা পুলিচ যোৱাৰ কোনো কথা নাই৷ তেওঁলোকৰ ওপৰত মোৰ অযুত বিশ্বাস আছে৷ মই তেওঁলোকক বিনম্ৰতাৰে আহ্বান জনাম যাতে আন ধৰ্মৰ লোক থকা অঞ্চলত আপোনালোকে এনেকুৱা মাংসৰ কোৰবানি নিদিব বা এনেকুৱা কঠোৰ কোৰবানি নিদিব যাতে আনজনৰ মনত দুখ পায়৷ অৱশ্যে ধৰ্মীয় ৰীতি-নীতিৰে উদ্‌যাপন কৰাত কাৰোৰে আপত্তি নাথাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ইতিমধ্যে আৰক্ষীকো কাৰো পাছত দৌৰাদৌৰি নকৰিবলৈ নিৰ্দেশ দিয়াৰ কথা সদৰি কৰিছে৷ তেওঁ আৰু কয় যে, মোৰ ইছলামধৰ্মী ৰাইজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে৷ বিবেচনা কৰিব আৰু গ্ৰহণ কৰিব৷ অৱশ্যে অন্য ধৰ্মৰ মানুহ নথকা অঞ্চলত তেওঁলোকে ধৰ্মীয় ৰীতি-নীতি যি আছে তাত তেওঁলোকে পালন কৰিব পাৰে৷ কাৰণ আমাৰ গো-সুৰক্ষা আইনত সেই কথা উল্লেখ নাই৷ মুখ্যমন্ত্ৰীয়ে ইছলামধৰ্মী ৰাইজলৈ ঈদ-উদ-আজহাৰ শুভেচ্ছা জ্ঞাপন কৰি সুকলমে ঈদ পালন কৰিবলৈ আহ্বান জনায়৷

চৰকাৰৰ সপক্ষে ৰায় দিলে ন্যায়ালয়ে

ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদৰ প্ৰাকমুহূৰ্তত গৰু, উট বা অন্য জীৱ-জন্তুৰ কোৰবানীত নিষেধাজ্ঞা আৰোপ কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে এই প্ৰতিক্ৰিয়াৰ পাছতেই শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনৰ ধৰ্মীয় অনুভূতিত আঘাত নিদিয়াকৈ ধৰ্মীয় ৰীতি-নীতিৱে ঈদ পালন কৰিব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ অৱশ্যে এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে শনিবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কেন্দ্ৰীয় জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ [কচাইখানা] নিয়মাৱলী ২০০১ৰ ভিত্তিত এনিমেল ৱেলফেয়াৰ বৰ্ডৰ নিৰ্দেশনা অনুসৰি ঈদত গৰু-উটৰ অবৈধ হত্যাত নিষেধাজ্ঞা আৰোপ কৰি জাৰি কৰা এছঅ’পিৰ বাহাল ৰাখিছে৷ উল্লেখ্য বিগত ৪ জুলাইত অসম চৰকাৰৰ গৃহ বিভাগে বক্‌ৰিদত গৰু, গৰুৰ পোৱালি, উট বা অন্য জন্তুৰ অবৈধ হত্যা, পৰিবহণ আদিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনক নিৰ্দেশনা জাৰি কৰি এছঅ’পি প্ৰকাশ কৰিছিল৷ এই নিৰ্দেশনাক লৈ মুছলমান সমাজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত শুকুৰবাৰে নিশাই হাফিজুৰ ৰহমান চৌধুৰী নামৰ এজন অধিবক্তাই গুৱাহাটী উচ্ছ ন্যায়ালয়ত জৰুৰী ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰে৷ ঈদলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো লৈ শনিবাৰে বন্ধ দিনতো উচ্ছ ন্যায়ালয়ে জৰুৰী শুনানি গ্ৰহণ কৰে ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰটোৰ৷ গোচৰীয়া পক্ষই ভাৰতীয় জীৱ-জন্তু কল্যাণ পৰিষদে খাদ্য সুৰক্ষা আৰু মানদণ্ড নিয়মাৱলী ২০১১ ৰ ভিত্তিত জাৰি কৰা নিৰ্দেশনাত কেইবাটাও দফাৰ লগতে অসম গো¸ সুৰক্ষা আইন ২০২১ ৰ ৬ নম্বৰ ধাৰা উলংঘন কৰি ঈদত গো বধত নিষেধাজ্ঞাৰে অসম চৰকাৰে এছঅ’পি প্ৰকাশ কৰা বুলি অভিযোগ কৰিছিল৷ অৱশ্যে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৪৯/২০২২ নম্বৰৰ ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰটো শুনানি গ্ৰহণ কৰি গোচৰীয়া পক্ষৰ অভিযোগ নস্যাত কৰাৰ লগতে অসম গো সুৰক্ষা আইনৰ অধীনত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা বাহাল ৰাখে৷ অৰ্থাৎ ঈদত গৰু, গৰুৰ পোৱালি, উট বা অন্য জন্তুৰ অবৈধ হত্যা তথা বলি নিষেধ থাকিব যদিও অসম গো-সুৰক্ষা আইন অনুসৰি আন লোকৰ ধৰ্মীয় অনুভূতিত আঘাত নকৰাকৈ গো মাংসৰ ব্যৱহাৰ বাহাল থাকিব৷