Logo
image

আত্মঘাতী অসমীয়া

ৰাজ্যত মহামাৰীৰ ৰূপ লৈছে আত্মহত্যাই, গুৱাহাটীত ৬ মাহত পাঁচ শতাধিক আত্মঘাতী
আমাৰ অসম, ১০ জুলাইঃ যি সময়ত দেশৰ শাসক-বিৰোধী তথা বুদ্ধিজীৱী সমাজে অপ্ৰয়োজনীয়, অগভীৰ তথা অৰ্থহীন বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে, ঠিক সেই সময়তে হতাশ, দিগ্‌ভ্ৰান্ত, দিশহাৰা যুৱ প্ৰজন্মই নীৰৱে আত্মহত্যাকে একমাত্ৰ পথ হিচাপে বাছি লৈছে৷ কৰ্ম সংস্থাপনহীনতা, দৰিদ্ৰতা, প্ৰেম, শিক্ষা, ঘৰুৱা হিংসা, সামাজিক গ্লানি আদি বিভিন্ন কাৰকৰ বাবে হতাশাত মানসিকভাৱে ভাগি পৰি একাংশই মুক্তি বিচাৰি জীৱনৰ যেন চৰম পথ গ্ৰহণ কৰিছে৷ আত্মহত্যাজনিত ঘটনাৰ সন্দৰ্ভত শনিবাৰে গুৱাহাটী আৰক্ষীয়ে ৰাজহুৱা কৰা এক উদ্বেগজনক তথ্যই পৰিস্থিতিৰ জটিলতা প্ৰকট কৰাই নহয়, অনাগত সময়ত যুৱ প্ৰজন্মৰ বাবে প্ৰত্যাহ্বানৰ আন এক অশানি বাৰ্তা যেন দাঙি ধৰিলে৷ কিয়নো যুৱ প্ৰজন্মৰ মাজত আত্মহত্যাৰ প্ৰৱণতাৰ গ্ৰাফডাল ইমানেই দ্ৰুত হাৰত উধবৰ্গামী হ’ব ধৰিছে যে সকলো পক্ষকে এতিয়া চিন্তিত কৰি তুলিছে৷ এক কথাত মহামাৰীৰ ৰূপ লৈছে অসমত আত্মহত্যাৰ ঘটনাই৷ শনিবাৰে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এখন সংবাদ মেল সম্বোধন কৰি কয় যে– চলিত বৰ্ষৰ ছমাহতে কেৱল গুৱাহাটী মহানগৰীতে ৫০০ তকৈ অধিক আত্মহননৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ বিপৰীতে বিগত দহটা বছৰৰ পৰিসংখ্যা যদি চোৱা যায় তেনেহ’লে গুৱাহাটী মহানগৰীত ২০১৩ বৰ্ষত ২২২টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে ২০১৪ বৰ্ষত ২২০ টা, ২০১৫ বৰ্ষত ২৪১টা, ২০১৬ বৰ্ষত ২২৭টা, ২০১৭ বৰ্ষত ২৮৯টা, ২০১৮ বৰ্ষত ২৮৭টা, ২০১৯ বৰ্ষত ২৫৪টা আৰু ২০২০ বৰ্ষত ২৭৭টা আত্মঘাতী ঘটনা সংঘটিত হৈছে৷ আনহাতে ২০২১ বৰ্ষত ৪১৪ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল যদিও চলিত ২০২২ বৰ্ষৰ আধাতে অতি উদ্বেগজনক ৫০০ তকৈ অধিক আত্মহত্যাজনিত ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত৷ এই তথ্যই স্পষ্ট কৰিছে যে আত্মঘাতী হোৱা ঘটনা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে গুৱাহাটীত৷ অৰ্থাৎ তথ্যগতভাৱে যদি চোৱা হয় তেনেহ’লে ২০১৩-১৪ বৰ্ষৰ পৰা আত্মহত্যাৰ ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ সেই ক্ষেত্ৰত চলিত বৰ্ষৰ ছমাহতে আত্মহননৰ ঘটনাৰ পৰিসংখ্যাই ৫০০ৰ ঘৰ অতিক্ৰম কৰাত স্বাভাৱিকতেই এতিয়া বছৰটো সম্পূৰ্ণ হ’লে পূৰ্বৰ দহ বছৰৰ অভিলেখ ভংগ কৰি গুৱাহাটীত আত্মহত্যাৰ হাৰ ৪ গুণলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ কেৱল গুৱাহাটীতে নহয়, সমগ্ৰ অসমত অতি দ্ৰুত হাৰত আত্মহত্যাজনিত ঘটনা বৃদ্ধি পোৱা দেখা গৈছে৷ আৰক্ষীৰ তথ্যত প্ৰকাশ পোৱা মতে ২০২১ বৰ্ষত সমগ্ৰ ৰাজ্যত ৩,৩০২টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ লক্ষণীয়ভাৱে আত্মহত্যা কৰা এইসকল লোকৰ অধিকাংশই যুৱক৷ ৰাজনৈতিক নেতা, তথাকথিত বুদ্ধিজীৱীৰ লগতে সংবাদ মাধ্যমেও হিন্দু-মুছলমান, ধৰ্ম, কোৰবানি আদি বিষয়ক অধিক গুৰুত্ব আৰোপ কৰাত যুৱ প্ৰজন্মৰ কথা তথা সমস্যা শুনিবলৈ- সমাধান কৰিবলৈ কাৰোৱেই যেন সময় নাই৷ বিশেষকৈ ক’ভিডৰ পাছৰ পৰাই গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যত উদ্বেগজনক হাৰত আত্মহত্যাৰ ঘটনা পাইছে৷ একাংশ কম বয়সীয়া ছাত্ৰ-ছাত্ৰীৰ এনে পৰ্যায়ও পাইছেগৈ যে প্ৰেম বিৰহত আশা ভংগ হ’লেও সংযম নোহোৱা হৈ পৰা দেখা গৈছে৷ ফলত আত্মহত্যাকে শেষ পথ হিচাপে বাচি লৈছে এইসকল কণমানিয়ে৷ তদুপৰি কৰ্ম সংস্থাপনহীনতা, দৰিদ্ৰতা, ৰোগাক্ৰান্ত আদি কাৰকৰ লগতে ঘৰুৱা হিংসা আত্মহননৰ অন্যতম কাৰণ হিচাপেও চিহ্নিত হৈছে৷ পতি-পত্নীৰ কাজিয়া, পিতৃ-মাতৃৰ কাজিয়া তথা শাহু-বোৱাৰীৰ কাজিয়াৰ পৰিণতিতো ধৈয্য শক্তি হেৰুৱাই বিভিন্নজনে চৰম পথ বাছি লৈছে৷ একেদৰে পৰকীয়া প্ৰেমকো আত্মহত্যাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি৷ তাৎপৰ্যপূৰ্ণভাৱে ২০২০ বৰ্ষত অসমত ২৩৪ জন নিবনুৱাই আত্মহত্যা কৰিছিল৷ কৰ্মসংস্থাপন নাপাই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰা নিবনুৱাৰ আত্মহত্যাৰ তালিকাত উক্ত বৰ্ষত অসম দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছিল৷ আনহাতে পৰীক্ষাৰ ফলাফলক লৈও হতাশতাত ভূগি ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে৷ সদ্যঘোষিত হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰায় ১০জন শিক্ষাৰ্থীয়ে আত্মঘাতী হৈছিল৷ বহু যুৱক-যুৱতীয়ে হতাশাত ভুগি মানসিক চিকিৎসকৰ ওচৰ চপাৰ চেষ্টা চলাই যদিও গ্ৰামাঞ্চলত চিকিৎসকৰ অভাৱৰ বাবে শেষ মুহূৰ্তত এনে দুৰ্ভগীয়া যুৱ প্ৰজন্মটোৱেও চৰম পথকে বাছি লয়৷ অৱশ্যে আত্মহত্যা ৰোধ কৰাৰ স্বাৰ্থতে অসম আৰক্ষীয়ে শনিবাৰে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে৷ হতাশতে ভোগা ব্যক্তিৰ লগতে আত্মহত্যা সম্পৰ্কীয় বিষয়কলৈ যিকোনো ব্যক্তিয়ে হেল্পলাইন নম্বৰ ৬০২৬৯০০৫৭৪ আৰু ৬০২৬৯০০৫৫২ ত যোগাযোগ কৰি সহায় বিচাৰিব পাৰিব৷ ভুক্তভোগীয়ে নিজেই সমস্যাৰ কথা ব্যক্ত কৰিব পাৰিব নতুবা মেচেজ যোগেও হেল্পলাইন নম্বৰৰ পৰা সহায় ল’ব পাৰিব৷ এই ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰিব আৰক্ষীয়ে৷

হোজাই যমুনামুখ ৰে’লৱে ষ্টেচনৰ মাজমজিয়াত আজি পুৱতি নিশা ৰে’লৰ তলত পৰি মৃত্যু হয় শ্যামল মজুমদাৰ নামৰ লোকৰ৷ লোকজনৰ মৃত্যুক লৈ গভীৰ ৰহস্য সৃষ্টি হৈছে৷ পত্নীৰ বিস্ফোৰক অভিযোগ সমীৰণ নাথ নামৰ এজন লোকৰ পৰা শ্যামল মজুমদাৰে ধাৰত লৈছিল কিছু টকা৷ সেই টকা ঘূৰাই দিয়াত কিছু পলম হোৱাত সমীৰণে মানসিক হেঁচা প্ৰয়োগ কৰিছিল বুলি অভিযোগ কৰিছে৷ বিভিন্নধৰণৰ ভয়-ভাবুকি দিয়াৰো অভিযোগ উঠিছে৷ নিশা সমীৰণে ভাবুকি প্ৰদান কৰাত ভয়ত ঘৰলৈ যোৱা নাছিল শ্যামল৷ তাৰ পাছতে পুৱতি নিশা শ্যামলৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰে পত্নীয়ে৷ পত্নীৰ মতে মানসিক হেঁচা সহ্য কৰিব নোৱাৰি শ্যামলে ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰিছে৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যমুনামুখত৷ অভিযুক্ত সমীৰণক আটক কৰি তদন্ত কৰাৰ দাবী উত্থাপন কৰে ভুক্তভোগী পত্নীয়ে৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে৷