Logo
image

আৰক্ষী ব্যৰ্থ মই ক্ষমাপ্ৰাৰ্থী

বিনীতৰ ঘৰত মুখ্যমন্ত্ৰীৰ খেদ

আমাৰ অসম, ১০ জুলাইঃ আৰক্ষীৰ পৰা ন্যায় লাভ নকৰি আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা ডিব্ৰুগড়ৰ উদ্যমী যুৱক বিনীত বাগাৰীয়াৰ বাসগৃহত শনিবাৰে উপস্থিত হৈ পৰিয়াল তথা অসমৰ ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা কৰযোৰে বিচাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ দীৰ্ঘদিনৰ পৰা ভাড়াতীয়াৰ সন্ত্ৰাস তথা অত্যাচাৰত নিৰাপত্তাহীনতাত ভোগা পশুপ্ৰেমী হিচাপে পৰিচিত ডিব্ৰুগড় চহৰৰ জালুকপাৰাস্থিত শনি মন্দিৰ পথৰ নিবাসী কৈলাস বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ৰাখাৰীয়াৰ ঘৰত ভাড়াতীয়া হিচাপে থকা দ্যা সঞ্জয় এচেছৰিছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সঞ্জয় শৰ্মা, বৈদুল্লা খান, নিশান্ত শৰ্মা আৰু আজিজ খানৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানা আৰু আৰক্ষী অধীক্ষকক গোচৰ দিয়াৰ পিছতো গোচৰ পঞ্জীয়ন নকৰি আৰক্ষীয়ে অভিযুক্তৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ পৰিয়ালৰ এই অভিযোগ শুনিবলৈ আজি বিনীতৰ বাসগৃহত সো শৰীৰে উপস্থিত হয় মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বহু সময় ধৰি পৰিয়ালৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিযোগসমূহ শুনাৰ অন্ততঃ ৰাজহুৱাভাৱে ক্ষমা খোজে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ডিব্ৰুগড় আৰক্ষী আৰু জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ বাবে এজন উদ্যমী যুৱকক হেৰুৱাবলগীয়া হোৱাটো চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– আইন-শৃংখলা প্ৰতিৰোধ অথবা নিৰপৰাধীক ৰক্ষণাবেক্ষণ দিয়াত ডিব্ৰুগড় আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ পৰিয়ালৰ ওচৰত ইয়াৰ বাবে মই ক্ষমা খুজিছোঁ৷ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত দোষীৰ লগত আৰক্ষী কোনো কাৰণতে বুজাবুজি হ’ব নালাগে আৰু সাধাৰণ মানুহৰ লগত আৰক্ষী থাকিব লাগে বুলি আৰক্ষী প্ৰশাসনলৈ বাৰ্তা প্ৰেৰণ কৰিছিলোঁ৷ আমাৰ ফালৰ পৰা স্পষ্টভাৱে আৰক্ষীলৈ বাৰ্তা যোৱাৰ পিছতো এনেধৰণৰ ঘটনা সংঘটিত হোৱাত অসমবাসী ওচৰত মই ক্ষমা বিচাৰিছোঁ৷ এইটো ঘটনা কেতিয়াও হ’ব নালাগিছিল৷ এতিয়া যি কৰিব লাগে আমি কৰিম৷ এই ঘটনাটোৱে মোক অত্যন্ত দুখ দিলে৷ আনহাতে ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে কৰা ভুল নতশিৰে মূৰ পাতি ল’লে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় মই আৰক্ষীসকলক যিখিনি বাৰ্তা দিব খুজিছিলো, সেইখিনি বাৰ্তা এতিয়ালৈকে ইয়াৰ আৰক্ষীয়ে পোৱাই নাই৷  ইয়াতো আৰক্ষীক বুজোৱাত মইয়ে বাৰ্থ হৈছো৷ আৰক্ষীক সদায় নিৰপৰাধী মানুহৰ পক্ষত থাকিবলৈ কৈ আহিছিলোঁ৷ ডিব্ৰুগড়ৰ দৰে চহৰত যদি এই বাৰ্তাটো এতিয়ালৈকে জিলা প্ৰশাসনে পোৱা নাই তেন্তে বাকী ভিতৰুৱা অঞ্চলসমূহত কি হৈ থাকিব তাৰ উমান পোৱা গৈছে৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্ৰী বিমল বৰা, যোগেন মহন, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু আদি৷ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা বহু সময় ধৰি বিনীতৰ বাসগৃহৰ বাহিৰত আছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত ভিতৰত প্ৰৱেশ কৰে আৰক্ষী অধীক্ষকজন৷ ইফালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আগমণৰ সময়ত বিনীতৎ সতীৰ্থসকলে ন্যায় বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ৷ বিনীত বাগাৰীয়াৰ ফটো সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি উদ্যমী যুৱক বিনীতক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় বিনীতৰ সতীৰ্থসকলে৷