Logo
image

ছেমৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে! সমুজ্জ্বল

আমাৰ অসম, ১০ জুলাইঃ ‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে চৰকাৰে৷ ছেমৰ হত্যাকাৰীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব– এই ভাষ্য আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ৷ ছেমৰ হত্যাক লৈ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ প্ৰতিবেদন অগ্ৰাহ্য কৰি গোচৰটোৰ অভিযোগ গোচৰ হিচাপে পঞ্জীভূক্ত কৰাৰ পিছতে আছুৰ মুখ্য উপদেষ্টাজনে এনে মন্তব্য আগবঢ়োৱাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই আজি পুনৰ অতি স্পষ্ট আৰু দৃঢ়তাৰে কয়– ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডক কোনে হত্যা কৰিছিল সেই তথ্য অসম চৰকাৰৰ হাতত আছে আৰু সেই হত্যাকাৰীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰক৷ হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয়৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– শ্বহীদ ছেম ষ্টেফৰ্ডৰ হত্যাকাণ্ড সম্পৰ্কত হাতীগাঁও থানাই দাখিল কৰা চূড়ান্ত প্ৰতিবেদনখনত কামৰূপৰ ন্যায়িক দণ্ডাধীশৰ আদালতে নাকচ কৰা ঘটনাই প্ৰমাণ কৰিছে যে– হাতীগাঁও আৰক্ষী থানাই সত্যক লুকুৱাইছে৷ অসম চৰকাৰ আৰু আৰক্ষী বাহিনীয়ে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিবলৈ পদক্ষেপ লৈছে৷ এই কথা কেতিয়াও মানি লোৱা নহ’ব৷ গুৱাহাটীৰ মাজমজিয়াত এজন ফুলকুমলীয়া ছাত্ৰৰ হত্যাকাৰীয়ে শাস্তি পাবই লাগিব৷ ২০১৯ চনৰ ১২ ডিচেম্বৰত হাতীগাঁও অঞ্চলত সন্ধিয়া কোন আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী বাহিনীৰ তহল [পেট্ৰলিং] চলিছিল সেই তথ্য অসম চৰকাৰৰ হাতত আছে৷ সেই সময়ত কোন আৰক্ষী বিষয়া আৰু আৰক্ষীৰ বন্দুকেৰে গুলি ফুটিছিল সেই তথ্যত অসম চৰকাৰ তথা আৰক্ষী বাহিনীৰ হাতত আছে৷ অৰ্থাৎ শ্বহীদ ছেম ষ্টেফৰ্ডক কোনে হত্যা কৰিছিল সেই তথ্য অসম চৰকাৰ তথা আৰক্ষী বাহিনীৰ হাতত আছে৷ সেয়ে ফুলকুমলীয়া ছাত্ৰজনৰ হত্যা কৰা হত্যাকাৰীক অসম চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিয়ক৷ ছেম ষ্টেফৰ্ডৰ মৃত্যুক লৈ গুচৰীয়া পক্ষৰ অৱহেলাৰ বাবে মানৱাধিকাৰ আয়োগে ছেমৰ পৰিয়ালক ন্যায় দিয়াত ব্যৰ্থ হয় যদিও শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ এটা নিৰ্দেশনাৰ পাছতেই কিঞ্চিৎ হ’লেও আশাৰ ৰেঙনি দেখা পাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে৷ ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া ছয় বজাত মহানগৰীৰ হাতীগাঁৱত আৰক্ষীৰ নিৰ্বিচাৰ গুলীত থিতাতে মৃত্যুক আঁকোৱালি লৈছিল ছেম ষ্টেফৰ্ডে৷ এই ঘটনাৰ গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে আদালতত ছেম ষ্টেফৰ্ডক গুলীচালনা কৰা কাৰ্য ভুলবশতঃ হোৱা বুলি স্বীকাৰ কৰি ঘটনাটোৰ বাবে কোনো আৰক্ষীকে দায়ী কৰিব পৰা নাযায় বুলিহে চূড়ান্ত প্ৰতিবেদন দাখিল কৰে৷ এজন স্কুলীয়া ছাত্ৰক গুলীয়াই হত্যা কৰাৰ পাছতো তদন্তকাৰী আৰক্ষীয়ে এনে অনাকাংক্ষিত প্ৰতিবেদন দাখিল কৰাত ছেম ষ্টেফৰ্ডৰ পিতৃয়ে আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদনত অসন্তুষ্টি প্ৰকাশ কৰাত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ প্ৰতিবেদনক নাকচ কৰি গোচৰটোৰ অভিযোগৰ গোচৰ [কমপ্লেইন কেছ] হিচাপে পঞ্জীয়নভুক্ত কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ছেমক গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত আদালতে ৰুজু কৰা গোচৰটোত মূল অভিযুক্ত কৰা হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙক৷ লক্ষণীয় বিষয়টো হৈছে ‘কা’বিৰোধী আন্দোলনক দমনৰ বাবে আই পি এছ বিষয়া এছ এন সিঙ দায়িত্বত আছিল যদিও ‘ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা’ৰ দিল্লীস্থ কাৰ্যালয়ত কেন্দ্ৰীয় ডেপুটেশ্বনত থকা অসম-মেঘালয়ৰ কেডাৰৰ শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙে অসম আৰক্ষীত যোগদানৰ দিনটোৰ [১২/১২/২০১৯] সন্ধিয়ালৈ ‘কা’বিৰোধী আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনা আৰম্ভ হোৱা বুলিও সেই সময়ত অভিযোগৰ আঙুলি উঠিছিল৷ অৱশ্যে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙক পক্ষ কৰি ৰুজু হোৱা ৪৩৩৯/২০২২ নম্বৰ গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩২৬ ধাৰা সন্নিৱিষ্ট কৰিছে৷ হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা ৯২৩/২০১৯ নম্বৰৰ গোচৰৰ বিপৰীতে ২০২১ চনৰ ৩ মাৰ্চত এই তদন্ত সম্পূৰ্ণ কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে৷ আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদন সন্দৰ্ভত আদালতে শ্বহীদ ছেম ষ্টেফৰ্ডৰ পিতৃলৈ জাননী জাৰি কৰে৷ অৱশ্যে শ্বহীদ পিতৃৰ অনুৰোধ মৰ্মে তদানীন্তন ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ছেমৰ পিতৃৰ সৈতে আলোচনা মৰ্মে আইনী সাহায্য দিয়াৰ ব্যৱস্থা কৰে আৰু শ্বহীদ পিতৃ বিজু ষ্টেফৰ্ডে আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি চলিত বৰ্ষৰ ২৭জানুৱাৰীত আদালতত লিখিত আবেদন দাখিল কৰে৷ পিতৃ বিজু ষ্টেফৰ্ডৰ আপত্তি আবেদনৰ ওপৰত আদালতে শুনানি গ্ৰহণ কৰি বিগত ২৮ জুনত হাতীগাঁও আৰক্ষীৰ তদন্তকাৰী বিষয়াই তদন্ত কৰি দাখিল কৰা চূড়ান্ত প্ৰতিবেদন নাকচ কৰে আৰু এই গোচৰটো অভিযোগৰ গোচৰ হিচাপে পঞ্জীয়নভুক্ত কৰে৷