Logo
image

ৰাজীৱ ভৱনত আজমল ‘নিষিদ্ধ’, নাম লোৱাও পাপ!

আমাৰ অসম, ১০ জুলাইঃ ৰাজীৱ ভৱনত নিষিদ্ধ বদৰুদ্দিন আজমলৰ নাম৷ ধৰ্মৰ নামত প্ৰলাব বকা আজমলৰ নাম ল’ব নোৱাৰিব কংগ্ৰেছৰ কোনো নেতাকৰ্মীয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিছে এইকথা৷ শনিবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– আজমল ধৰ্মৰ নামত প্ৰলাপ বকা নেতা৷ কংগ্ৰেছৰ কোনো নেতা-কৰ্মীয়ে নাম ল’ব নালাগে আজমলৰ নাম৷ এনে নেতাৰ নাম লোৱা উচিত নহয়৷ এনে লোকৰ নাম লোৱাও পাপ৷ আমি প্ৰলাপ সংলাপকলৈ ব্যস্ত নহয়৷ আমি ৰাইজৰ চিন্তাক লৈ ব্যস্ত৷ ৰাইজৰ চিন্তাই আমাৰ চিন্তা৷ কেৱল ধৰ্মীয় কথা বতৰাৰে আমি ৰাইজৰ নামত বিভেদ সৃষ্টি কৰিব নিবিচাৰো৷ ইফালে, গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল আয়োজন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰঞ্জিত ৰঞ্জনে কয়– সন্ত্ৰাসবাদী আৰু বিজেপি ভাই ভাই৷ সন্ত্ৰাসবাদ বা উগ্ৰপন্থাৰ দৰে গুৰুতৰ বিষয়সমূহক লৈ ৰাজনৈতিক খেল খেতি মুনাফা আদায় কৰাৰ পক্ষপাতি নহয় ভাৰতীয় জাতীয় কংগ্ৰেছ৷ কিন্তু আজিৰ প্ৰেক্ষাপটত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থাকি ধৰা পৰা একাংশ ব্যক্তিৰ লগত বিজেপিয়ে যি ধৰণে সম্পৰ্ক বজাই ৰাখিছে তাৰ পটভূমিত শাসনাধিষ্ঠিত দলটোৰ ভাৰতীয় জাতীয়তাবাদৰ ধাৰণাটোক লৈ কেতবোৰ প্ৰত্যক্ষ প্ৰশ্নৰ উদ্ৰেক হৈছে৷ কিছুদিনৰ আগতে ৰাজস্থানৰ উদয়পুৰত কানহায়ালাল নামৰ এগৰাকী দৰ্জীক নৃশংসভাৱে হত্যা কৰা হত্যাকাৰীৰ দলটোৰ এজন সদস্য আছিল বিজেপিৰ কৰ্মকৰ্তা মহম্মদ ৰিয়াজ আটাৰী৷ ৰাজস্থান বিধান সভাৰ বিজেপি দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী গুলাৰচান্দৰ কাটাৰিয়াৰ উপস্থিতিতে হত্যাকাৰী মহম্মদ ৰিয়াজে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছিল৷ সংবাদ মাধ্যমৰ মতেই উক্ত হত্যাকাৰী মহম্মদ ৰিয়াজক বিজেপিৰ বিভিন্ন কাৰ্যসূচীত দলীয় নেতৃবৰ্গৰ সৈতে সততে দেখা গৈছিল৷ জম্মু-কাশ্মীৰত গাঁওবাসীয়ে আটক কৰা লস্কৰ-ই-তৈবাৰ সদস্য তালিৰ হুছেইন শ্বাহ বিজেপিৰ দলীয় কৰ্মকৰ্তা বুলি ইতিমধ্যে ওলাই পৰিছে৷ ৰাজ্যখনৰ জ্যেষ্ঠ বিজেপি নেতাসকলৰ সৈতে তালিৰ হুছেইন শ্বাহে দলৰ কেন্দ্ৰীয় নেতা অমিত শ্বাহৰ লগত উঠা ফটো ইতিমধ্যে সৰ্বত্ৰ প্ৰকাশ পাইছে৷ এজন সন্ত্ৰাসবাদীয়ে স্বীকাৰ কৰিছে যে বৰ্তমান  চলি থকা অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকলক আক্ৰমণ কৰাৰ প্ৰস্তুতিত এই তালিৰ হুছেইন শ্বাহ জড়িত হৈ আছিল৷ মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ ‘কেমিষ্ট’ উমেশ কোহলীৰ হত্যাকাণ্ডৰ মূল ‘মাষ্ট্ৰৰমাইণ্ড’ ইৰফানখান ‘নিৰ্দলীয়’ সাংসদ নৱনীত ৰাণা আৰু তেওঁৰ স্বামী ৰবি ৰাণাৰ সৈতে সম্পৰ্কিত৷ ২০২০ চনত জম্মু-কাশ্মীৰত ‘হিজবুল মুজাহিদিন’ৰ কামাণ্ডাৰ নবীদ বাবুৰ হৈ অস্ত্ৰ ক্ৰয়ৰ অভিযোগত বিজেপি নেতা তথা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তাৰিক আহমেদ মীৰক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ‘হিজবুল মুজাহিদিন’ৰ কামাণ্ডৰ নবীদ বাবুক ইয়াৰ আগেয়ে ডি এছ পি দাভিন্দৰ সিঙৰ সৈতেও সন্ত্ৰাসবাদীলৈ অস্ত্ৰ যোগানৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এ’ তেতিয়া নিশ্চিত কৰিছিল যে তাৰিক আহমেদ মীৰ ডি এছ পি দাভিন্দৰ সিঙৰ এগৰাকী ঘনিষ্ঠ সহযোগী ৷ দাভিন্দৰ সিং গোচৰৰ তদন্ত সম্পূৰ্ণ হোৱা হ’লেই সত্য উদ্‌ঘাটন হ’লহেঁতেন৷ কিন্তু হঠাতে তদন্তৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হ’ল৷ ২০১৭ চনত মধ্যপ্ৰদেশৰ ‘এণ্টি টেৰৰিজম স্কোৱাড’ [এ টি এছ]এ অবৈধ টেলিপোন এখছেজৰ ৰহস্য উদ্‌ঘাটন কৰোতে আই এছ আইৰ ১১ জন সদস্য গ্ৰেপ্তাৰ হৈছিল৷ তাৰ মাজত বিজেপিৰ আই টি চে’লৰ সক্ৰিয় সদস্য ধ্ৰুৱ ছাকছেনাও আছিল৷ এই ধ্ৰুবৰ ফটো মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে দেখা গৈছিল৷ ইয়াৰ ঠিক দুবছৰৰ পাছত ২০১৯  চনত মধ্যপ্ৰদেশৰ সন্ত্ৰাসবাদীক ধন যোগানৰ অভিযোগত বজৰং দলৰ নেতা বলৰাম সিং গ্ৰেপ্তাৰ হৈছিল৷ ২০১৭ চনত এন আই এ’ৰ বিশেষ আদালতে অসমত সন্ত্ৰাসবাদীক ধন যোগানৰ অভিযোগত বিজেপি নেতা নিৰঞ্জন হোজাইক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল৷ এওঁ চৰকাৰী ৰাজকোষৰ এহাজাৰ কোটিৰ বিত্তীয় কেলেংকাৰীত  জড়িত থকাৰ কথাও প্ৰমাণ হৈছিল আৰু এই চৰকাৰী ধন এটা সন্ত্ৰাসবাদী সংগঠনক যোগান ধৰা হৈছিল আৰু সেই অস্ত্ৰ দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল৷  আনকি ক্ষমতা দখলৰ স্বাৰ্থত সকলো জানি-বুজিও বিজেপিয়ে শ্ৰীনগৰ পৌৰ নিৰ্বাচনত  ৩৩ নং ৱাৰ্ডৰ পৰা কুখ্যাত সন্ত্ৰাসবাদী মাডত আজহাৰৰ সম্পৰ্কীয় মহম্মদ ফাৰুক খানক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলীয় মনোনয়ন প্ৰদান কৰিছিল৷