Logo
image

এইবাৰৰ বানে প্ৰাণ ল’লে ৬৫টি শিশুৰ

সন্ধান নোলাল উটি যোৱা ৩৭জনৰ

আমাৰ অসম, ১১ জুলাইঃ অসমত বানপানী মানে শাসক দলৰ একাংশ নেতা-মন্ত্ৰী, বিভাগীয় বৰমূৰীয়া আৰু ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহ যদিও বান মানে বহুতৰ বাবে আকৌ সোণৰ সপোন ভাগি যোৱা হুমুনিয়াহ৷ বান হ’লেই ৰাজ্যৰ এনে একাংশ ব্যক্তিৰ পকেট গধুৰ হ’লেও আন একাংশৰ নৈপৰীয়া লোকৰ জীৱনলৈ কাল অমানিশা নামি আহে৷ বলিয়া বানে চকুৰ সন্মুখতে আপোন ঘৰখন নিঃশেষ কৰি নিয়াৰ লগতে বহুতে আত্মীয়-স্বজনকো হেৰুৱাবলগীয়া হয়৷ যদিহে প্ৰলয়ংকাৰী বানে নিজৰ সন্তানটোক উটুৱাই নিয়ে, তেনেহ’লে দুৰ্ভগীয়া পৰিয়ালটোৰ কি পৰিস্থিতি হ’ব পাৰে সেয়া নকলেও অনুমেয়৷ আপুনি শুনিলে হতচকিত হৈ পৰিব যে– চলিত বৰ্ষৰ বান তথা প্ৰাকৃতিক দুৰ্যোগে এই মুহূৰ্ততলৈ ৬৫টি শিশুৰ প্ৰাণ কাঢ়ি নিছে৷ বাঢ়নী পানীত সলিল সমাধি ঘটা এইসকল শিশুৰ মাজত আছে চাৰি মহীয়া নৱজাতকো৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত দুটা মাহৰ ভিতৰতে এই অভিলেখ সংখ্যা শিশু-কিশোৰে বানত প্ৰাণ হেৰুৱালে৷ বাঢ়নী পানীত ডুব গৈ মৃত্যু হোৱা শিশুসকলৰ অধিকাংশই হৈছে কাছাৰ আৰু নগাঁও জিলাৰ৷ লক্ষণীয়ভাৱে চলিত বৰ্ষত বান আৰু ভূমিস্খলনত এই পৰ্যন্ত শিশুকে ধৰি মুঠ ১৯২জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত বানত সলিল সমাধি ঘটা লোকৰ সংখ্যা হৈছে ১৭৩জন আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৯জন৷ বিগত ২৪ ঘণ্টাত বৰাকৰ হাইলাকান্দি জিলাৰ আলগাপুৰত বাঢ়নী পানীত পৰি মৃত্যু হয়  দুজন লোকৰ৷ দুৰ্ভাগ্যজনকভাৱে বানে উটুৱাই নিয়া ৩৭জন লোকৰ আজিও সন্ধান পোৱা নগ’ল৷ ইয়াৰ ভিতৰতে কাছাৰ জিলাতে সৰ্বাধিক আঠজন লোক সন্ধানহীন হৈ আছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে অসম তথা চুবুৰীয়া ৰাজ্যকেইখনত শেহতীয়াকৈ বৰষুণৰ মাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত অসমৰ নদ-নদীসমূহত হঠাতে প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হোৱাত ৰাইজে সুৰক্ষাৰ বাবেও সময় নাপালে৷ বিগত ১৭ জুনত হোজাইৰ যোগীজানত নাওঁ দুৰ্ঘটনাত একেলগে তিনিটি শিশুৰ মৃত্যু হয়৷ আনহাতে, পহিলা জুলাইৰ দিনটোতে বৰপেটাত দুটি শিশুৰ লগতে কাছাৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু নগাঁও জিলাত সৰ্বমুঠ ছয়টি শিশুৰ বানত মৃত্যু হয়৷ ইফালে শুকুৰবাৰে হাইলাকান্দিৰ জমিৰাত ভূমিস্খলনত পাহাৰৰ মাটিয়ে হেঁচি ধৰাত কুৰবান আলী নামৰ এটি শিশু শোৱাপাটিতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়৷ ইফালে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান বজালী, কাছাৰ, চিৰাং, ডিমা-হাচাও, কামৰূপ, মৰিগাঁও আৰু তামুলপুৰ জিলাৰ ১১,৭১৯ টি শিশু প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰতে আছে৷ আশ্ৰয় শিবিৰত থকা এইসকল শিশুৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে দুৰ্ভগীয়া অভিভাৱকসকল৷