Logo
image

বানে ছিঙিলে ১৮৭টা মথাউৰি

৩,৬৬১টা পথ, ১৯৩খন দলং আৰু ২,৬৮১টা অংগনৱাড়ী কেন্দ্ৰ বিধবস্ত

এইবাৰৰ বানত আনুমানিক ক্ষতি ৩,০০০ কোটি টকা

আমাৰ অসম, ১২ জুলাইঃ ৰাজ্যৰ বান পৰিস্থিতি প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিলেও বানপীড়িতৰ দুৰ্দশাৰ আজিও অন্ত পৰা নাই৷ কিয়নো বলিয়া বানে বিধবস্ত কৰি থৈ যোৱা ঘৰখনলৈ উভটি যাব পৰা নাই সহস্ৰাধিক দুৰ্ভগীয়া পৰিয়ালে৷ ফলত আশ্ৰয় শিবিৰত উজাগৰী ৰাতি পাৰ কৰিছে ২০ হাজাৰ লোকে৷ চলিত বানত হাজাৰ হাজাৰ লোকৰ বাসগৃহ বালি-বোকাত পোত যোৱাৰ বিপৰীতে বহুতৰে আপোন ঘৰখনো বানে উটুৱাই লৈ যায়৷ চৰকাৰী তথ্য মতে ৰাজ্যৰ ৩০ হাজাৰো অধিক লোকৰ বাসগৃহত প্ৰলয়ংকাৰী বানত সম্পূৰ্ণৰূপে উছন হৈছে৷ লক্ষণীয়ভাৱে এইবাৰৰ বান দশকটোৰ ভিতৰত অন্যতম প্ৰলয়ংকাৰী বান হিচাপে চিহ্নিত কৰা হৈছে৷ চলিত বৰ্ষত বৰ্তমানলৈ দুটাকৈ বানে জোকাৰি যোৱা অসমৰ গাঁৱে ভূঞে ব্যাপক ক্ষয় ক্ষতি কৰিছে৷ চৰকাৰী প্ৰাৰম্ভিক জৰীপ অনুসৰি এইবাৰৰ বানে ৰাজ্যৰ ১৮৭টা মথাউৰি ভাঙি নিছে৷ তদুপৰি ১৯৩ খন দলং ভাঙি নিয়াৰ বিপৰীতে ৩,৬১১ টা পথত খহনীয়াৰ সৃষ্টি কৰে৷ একেদৰে প্ৰলয়ংকাৰী বানত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰো আন্তঃগাঁথনিৰ ব্যাপক ক্ষয়-ক্ষতি কৰে৷ বিশেষকৈ বানে ৰাজ্যৰ ২৬৮১টা অংগনৱাড়ী কেন্দ্ৰ ক্ষয়-ক্ষতি কৰাৰ লগতে শতাধিক শিক্ষানুষ্ঠানো ধবংস কৰি থৈ যায়৷ ইফালে স্বাস্থ্য বিভাগৰ জৰীপ অনুসৰি প্ৰায় ৮০ খন চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰ বানত বিস্তৰ ক্ষতি হয়৷ দুৰ্ভাগ্যজনকভাৱে এইবাৰৰ বানে শ শ হেক্টৰ কৃষিভূমি চিৰ দিনলৈ ধবংস কৰি থৈ যায়৷ অৰ্থাৎ কৃষি পথাৰত বালিয়ে পুতি পেলোৱাত উক্ত ভূমিত কৃষিকৰ্মক লৈ মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে৷ কিয়নো বালিয়ে পুতি পেলোৱা কৃষিভূমিত যে অনাগত দিনত ধান খেতিৰ সম্ভৱ হ’ব সেয়া সন্দেহজনক৷ অৱশ্যে কৃষক ৰাইজৰ কিমান ভূমিত বালিয়ে পুতি পেলালে তাৰ জৰীপ অব্যাহত ৰাখিছে কৃষি বিভাগে৷ মুঠৰ ওপৰত এইবাৰৰ বাবে সাধাৰণ ৰাইজৰ লগতে চৰকাৰৰ বাবেও যেন কাল অমানিশা হৈ নামি আহিল৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা মতে বানত ক্ষয়-ক্ষতিৰ পৰিমাণে  ৩,০০০ কোটি টকাৰো অধিক হ’ব৷ ইফালে ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰীকাই সোমবাৰে দিছপুৰৰ জনতা ভৱনত বিভাগৰ উচ্ছ পদস্থ বিষয়াসকলৰ লগত পীয়ূষ হাজৰিকাই পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত মন্ত্ৰীজনে বিভাগৰ মুখ্য অভিযন্তা আৰু আন বিষয়াৰ পৰা শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা সমষ্টিসমূহৰ বিষয়ে বিষদভাৱে খতিয়ান লয়৷ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মথাউৰি নিৰ্মাণৰ বিষয়ে আলোচনা কৰি মন্ত্ৰী হাজৰিকাই বিভাগীয় অভিযন্তাৰ পৰা সমষ্টি অনুসৰি ক্ষতি হোৱা অথবা নিৰ্মাণৰ প্ৰয়োজনীয়তা থকা মথাউৰিৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে৷ হোজাই, ৰঙিয়া, বঢ়হমপুৰ, তামুলপুৰ, কমলপুৰ, ছিপাঝাৰ, নলবাৰি, বজালি, বৰমা, পাটাচাৰকুচী, ভৱানীপুৰ, যমুনামুখ, নগাঁও, বৰক্ষেত্ৰী, হাজো আদিকে ধৰি মধ্য আৰু নামনি অসমৰ লগতে বৰাক উপত্যকাৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ মথাউৰিৰ সবিশেষ বিভাগক দিনটোৰ ভিতৰতে সাজু কৰিবলৈও নিৰ্দেশ দিয়ে৷ আনহাতে মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে প্ৰতি ৫ অথবা ৬ কিল’মিটাৰৰ অন্তত মথাউৰিসমূহত শ্লুইছ গেট বনোৱাৰ বিষয়টো প্ৰযুক্তিগতভাৱে অধ্যয়ন কৰিবৰ বাবেও মন্ত্ৰী হাজৰিকাই বিভাগীয় অভিযন্তাক আহ্বান জনায়৷