Logo
image

মুম্বাইত ১১৯ কোটিৰ ঘৰ কিনিলে ৰণবীৰে

আমাৰ অসম, ১২ জুলাইঃ বলীউডৰ জনপ্ৰিয় আৰু প্ৰভাৱশালী তাৰকা দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে  মুম্বাইত ক্ৰয় কৰে এটা বিলাসী ঘৰ৷ এই বিলাসী ঘৰটোৰ দাম শুনিলে সাধাৰণ আৰু মধ্যবিত্ত লোকৰ মূৰ ঘূৰাই যাব৷ ঠিকেই, ৰণবীৰ আৰু দীপিকাই ক্ৰয় কৰা এই ঘৰটোৰ দাম হৈছে ১১৯ কোটি টকা৷ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খানৰ ঘৰৰ কাষতে থকা এই বিলাসী ঘৰটো ক্ৰয় কৰি ৰণবীৰ আৰু দীপিকাই সপোন পূৰণ কৰে৷ প্ৰকাশিত বাতৰি অনুসৰি ৰণবীৰ-দীপিকাই সাগৰ ৰেশম ৰেচিডেন্সিয়েল টাৱাৰত থকা এই বিলাসী এপাৰ্টমেণ্টটো ক্ৰয় কৰে৷ এই ঘৰৰ পৰা তেওঁলোকে আৰৱ সাগৰৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব৷ অৱশ্যে এতিয়াও এপাৰ্টমেণ্টটোৰ ভিতৰৰ কাম চলি আছে৷ গতিকে তেওঁলোকে এতিয়াই নতুন ঘৰটোলৈ নাযায়৷ ৰণবীৰ-দীপিকাৰ এই এপাৰ্টমেণ্টটো ৰেচিডেন্সিয়েল টাৱাৰৰ ১৬,১৭,১৮ আৰু ১৯ মহলাজুৰি আছে৷ ইয়াৰ মুঠ এলেকা হৈছে ১১,২৬৬ বৰ্গফুট৷ ১,৩০০ বৰ্গফুটৰ বিশেষ চাদ আছে এপাৰ্টমেণ্টত৷ এই এপাৰ্টমেণ্টত আছে ১৯টা পাৰ্কিং এলেকা৷ এই ঘৰটো ক্ৰয় কৰোঁতে ৰণবীৰে ৰাজহ বিভাগক ৭.১৩ কোটি কৰো দিবলগীয়া হয়৷