Logo
image

ৰে’ল বিভাগত চাকৰি পালে ১০মহীয়া কন্যাশিশুৱে

আমাৰ অসম, ১২ জুলাইঃ দেশত কোটি কোটি  শিক্ষিত যুৱক-যুৱতীয়ে এটা চাকৰিৰ বাবে হামৰাও কাঢ়ি আছে আৰু ঠিক তেনে সময়তে ভাৰতীয় ৰে’ল বিভাগে এটি দহমহীয়া শিশুকন্যাক ৰে’ল বিভাগৰ চাকৰিত নিযুক্তি দিছে৷ অবিশ্বাস্য যেন লাগিলেও এই  ঘটনাই বহুতকে আচৰিত কৰি তুলিছে৷ দহমহীয়া এটি কন্যা শিশুৱে কিদৰে ভাৰতীয় ৰে’ল বিভাগত চাকৰি লাভ কৰিলে সেই প্ৰশ্ন অনেকেই উত্থাপন কৰিছে৷ ইপিনে ভাৰতীয় ৰে’ল বিভাগতো এই ঘটনা নজিৰবিহীন হিচাপে পৰিগণিত হৈছে৷ এক বিশেষ পৰিস্থিতিত পৰি ভাৰতীয় ৰে’ল বিভাগে এনে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ ভাৰতীয় ৰে’লৰ সূত্ৰ উদ্ধৃত কৰি সংবাদ সংস্থাই প্ৰকাশ কৰা মতে দহমহীয়া কন্যা শিশুটিৰ পিতৃ-মাতৃ অলপতে ৰে’ল দুৰ্ঘটনাত মৃত্যু  হৈছিল৷ ছত্তীশগড়ৰ বাসিন্দা এই কন্যা শিশুটিৰ পিতৃ ভাৰতীয় ৰে’লত কৰ্মৰত আছিল৷ যোৱা ৰ জুনত এক ৰে’ল দুৰ্ঘটনাত শিশুটিৰ পিতৃ-মাতৃ দুয়োৰে মৃত্যু হ’লেও সৌভাগ্যবশতঃ মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে তেওঁলোকৰ ন-মহীয়া শিশু কন্যাটি৷ শিশুটিৰ পিতৃৰ নাম হৈছে ৰাজেন্দ্ৰ কুমাৰ৷ তেওঁ ছত্তীশগড়ৰ ভিলাইৰ ৰে’লৱে য়াৰ্ডত চাকৰি কৰিছিল৷ উক্ত দুৰ্ঘটনাত শিশুটি অনাথ হৈ পৰাত ভাৰতীয় ৰে’ল বিভাগে এক অভূতপূৰ্ব সিদ্ধান্তৰ জৰিয়তে এতিয়া দহমাহত ভৰি থোৱা শিশুটিক ৰে’ল বিভাগত নিযুক্তি দিয়ে৷ যোৱা ৪ জুলাইত এই কন্যা শিশুটিক দক্ষিণ-পূব মধ্য ৰে’লৱেৰ পাৰ্ছনেল বিভাগত নিযুক্তি দিয়া হয়৷ সেই দিনাই শিশুটিক আত্মীয়ৰ জৰিয়তে ৰে’ল বিভাগৰ কাৰ্যালয়লৈ অনা হয় আৰু তাতে শিশুটিৰ বায়’মেট্ৰিক্স অৰ্থাৎ হাতৰ আঙুলিৰ চাপ লোৱা হয়৷  এই সকলো আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত শিশুটিৰ আত্মীয়ৰ হাতত তেওঁৰ নিয়োগপত্ৰ তুলি দিয়া হয়৷ ৰে’ল বিভাগে জনোৱা অনুসৰি ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে শিশুটিয়ে ভাৰতীয় ৰে’ল বিভাগৰ চাকৰিত যোগদান কৰিব পাৰিব৷ নাবালক হৈ থকালৈকে শিশুটিক ৰে’লবিভাগে মাহিলী দৰমহা প্ৰেৰণ কৰি থাকিব৷ পিছে সেই  দৰমহা শিশুটিক যি তত্ত্বাৱধানত ৰাখিছে সেই আত্মীয়লৈ প্ৰেৰণ কৰা হ’ব৷ ভাৰতীয় ৰে’ল বিভাগৰ এই অভূতপূৰ্ব পদক্ষেপক সকলো পক্ষই  প্ৰশংসা কৰিছে৷ প্ৰকৃততে শিশুটিৰ ৰক্ষণাবেক্ষণ আৰু তেওঁক তুলি-তালি ডাঙৰ দীঘল  কৰাৰ বাবেই ভাৰতীয় ৰে’লবিভাগে এনে অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰে৷ অন্যথা ঘাটমাউৰা শিশুটিৰ ভৱিষ্যত অনিশ্চয়তাৰ গৰ্ভত নিমজ্জিত হ’লহেঁতেন৷