দিব্যাংগ কণমানিৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে
আমাৰ অসম,১৩ জুলাইঃ মঙলবাৰে বঙাইগাঁও জিলাৰ মালেগড়ৰৰ গোবিন্দপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি থকা সময়তে চাৰি বছৰীয়া এটি কণমানি মুখ্যমন্ত্ৰীৰ চকুত পৰে৷ পিতৃৰ কোলাত থকা বিশেষ ভাবে সক্ষম শিশুটিৰ কাষলৈ গৈ মুখ্যমন্ত্ৰীয়ে নিজেই কোলাত তুলি লৈ মৰম স্নেহ কৰে৷ পৰিমল দাসৰ পুত্ৰ অভিজিৎ দাস নামৰ কণমানি শিশুটিক মুখ্যমন্ত্ৰীয়ে কোলাত তুলি লৈ মৰম স্নেহ কৰাৰ উপৰি শিশুটিৰ চিকিৎসাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে৷ এই ঘোষণাৰ পাছতে জটিল ৰোগত আক্ৰান্ত শিশুটিৰ বাসগৃহত উপস্থিত হয় জিলা উপায়ুক্ত৷ শীঘ্ৰে শিশুটিক গুৱাহাটীলৈ প্ৰেৰণ কৰা কৰা হ’ব উন্নত চিকিৎসাৰ বাবে৷ ইয়াৰ বাবে জিলা উপায়ুক্তই শিশুটি সন্দৰ্ভত সকলো তথ্যসংগ্ৰহ কৰি প্ৰতিবেদন আকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিব৷ ইয়াৰ পাছতে আৰম্ভ হ’ব শিশুটিৰ চিকিৎসা৷