Logo
image

মন্ত্ৰীসহ বহু শীৰ্ষ বিষয়া চাইবাৰ অপৰাধীৰ কৱলত

সাৰি যোৱা নাই ডিজিপি আৰু উপায়ুক্তও

আমাৰ অসম, ১৩ জুলাইঃ ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰলৈ পৰ্যৱসিত হৈছে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগ৷ কোটি কোটি টকাৰ ব্যয়ৰে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ কাহিলিপাৰা চাইবাৰ ড্ৰোম স্থাপন কৰিলেও বাস্তৱত সকলো ফুটুকাৰ-ফেনতহে পৰিগণিত হৈছেগৈ৷ ‘বেজৰ নাকতে খৰ’ শীৰ্ষক প্ৰচলিত এই বাক্যশাৰীৰ দৰেই চাইবাৰ অপৰাধীয়ে যেন এতিয়া নাকত ধৰি চাকত ঘূৰাইছে খোদ স্মাৰ্ট অসম আৰক্ষীক৷ কিয়নো আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা আৰম্ভ কৰি উপায়ুক্তলৈ বিভিন্নজন শীৰ্ষ আমোলা-বিষয়া চাইবাৰ অপৰাধীৰ টাৰ্গেটৰ পৰা ৰক্ষা পোৱা নাই৷ কিছুদিন পূৰ্বে খোদ আৰক্ষী সঞ্চালকপ্ৰধানৰ ফটো ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে হোৱাটছএপ যোগে বিভিন্নজনৰ পৰা ধন বিচাৰি মেচেজ প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছিল৷ আৰক্ষী বাহিনীৰ মুৰব্বীজনকে চাইবাৰ অপৰাধীয়ে টাৰ্গেট কৰিবলৈ সাহস কৰিছিল যদিও আজিলৈকে স্মাৰ্ট আৰক্ষীয়ে এই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম নহ’ল৷ অৱশ্যে এই দুষ্কাৰ্য পোহৰলৈ অহাৰ সময়ত ডিজিপি ভাস্কৰজ্যোতি মহন্তই আৰক্ষীৰ হস্তক্ষেপত দুবৃৰ্ত্তই নিজেই হোৱাটছএপ নম্বৰ ব্লক কৰা বুলি সন্তুষ্টি লাভ কৰিছিল যদিও একেটা চাইবাৰ অপৰাধী চক্ৰই একে কৌশলৰে পুনৰ দুষ্কাৰ্য আৰম্ভ কৰিছে৷ অৱশ্যে, এইবাৰ চাইবাৰ অপৰাধী চক্ৰটোৱে আৰক্ষীৰ পৰিৱৰ্তে মন্ত্ৰী, আই এ এছ, এ চি এছ বিষয়াৰ দৰে হাইপ্ৰ’ফাইল ব্যক্তিকহে টাৰ্গেট কৰি লৈছে৷ দুদিন পূৰ্বে উদ্যোগ আৰু বাণিজ্যমন্ত্ৰী বিমল বৰাৰ ফটো হোৱাটছএপত ব্যৱহাৰ কৰি চাইবাৰ অপৰাধী চক্ৰই বিভিন্নজনলৈ ধন বিচাৰি মেছেজ প্ৰেৰণ কৰিছিল৷ এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই মন্ত্ৰী বৰাই দিছপুৰ আৰক্ষীক অভিযোগ দাখিল কৰিছে৷ এইবাৰ ৰাজ্যৰ কেইবাজনো আই এ এছ-এ চি এছ বিষয়াৰ নামত চাইবাৰ অপৰাধী চক্ৰটোৱে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পাছত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষাল চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে৷ শেহতীয়াকৈ মৰিগাঁও জিলাৰ উপায়ুক্তৰ নামত কোনো দুষ্টচক্ৰই ভুৱা হোৱাটছএপ একাউণ্ট খুলি তেওঁৰে কাৰ্যালয়ৰ বিভিন্নজনলৈ ধন বিচাৰি মেচেজ কৰাৰ তথ্য ফাদিল হোৱাৰ পাছত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লগতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নাম ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ এটা চক্ৰই বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ কথা প্ৰকাশ পাইছে৷ এই সন্দৰ্ভত পল্লৱ গোপাল ঝাই পাণবজাৰ আৰক্ষী থানাত এক গোচৰো ৰুজু কৰিছে৷ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নাম ব্যৱহাৰ কৰি মুঠ তিনিটা মোবাইল নম্বৰৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে প্ৰৱঞ্চকৰ দলটোৱে৷ এই তিনিটা নম্বৰ হৈছে ৮৭৬১০-৩৭৯৩৬, ৯৬৫৩৬-৪৫৫২২ আৰু ৯৩২৮৭-৮০২২৭৷ এই তিনিওটা নম্বৰ ব্যৱহাৰ কৰি উপায়ুক্ত কাৰ্যালয়ৰ ১২জন ব্যক্তিক ধন বিচাৰিছিল প্ৰৱঞ্চকে৷ চাইবাৰ অপৰাধী চক্ৰটোৰ উৎখাত কৰাৰ বাবে শেহতীয়াকৈ হ’লেও গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে ৬/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ এই সন্দৰ্ভত গুৱাহাটী আৰক্ষীয়ে হোৱাটছ এপৰ কতৃৰ্পক্ষলৈ ই-মেইল প্ৰেৰণ কৰি কাৰিকৰীগত সহায় বিচাৰিছে৷ ইফালে মঙলবাৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ ফটো ব্যৱহাৰ কৰি চাইবাৰ অপৰাধী চক্ৰই ধন বিচৰাৰ লগতে এমাজন গিফ্‌ট কাৰ্ড ল’বলৈ মেছেজ প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ পাছতেই উপায়ুক্ত ভূষালে জিলা আৰক্ষী অধীক্ষক বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে৷

অসাধু চক্ৰৰ জালত বৰপেটাৰ উপায়ুক্ত

ৰাজ্যখনত এটা দুষ্টচক্ৰই যোৱা কিছুদিন ধৰি মন্ত্ৰী, বিধায়ক, চিকিৎসক, বিষয়া আদি লোকক ফেচবুক, ৱাটছএপৰ ভুৱা একাউণ্টৰ জৰিয়তে বিভিন্নজনক ধন বিচাৰি মেছেজ প্ৰেৰণ কৰি প্ৰৱঞ্চনাৰ জাল পেলোৱা ঘটনাই শংকিত কৰি তুলিছে ৰাইজক৷ এই দুষ্ট চক্ৰটোৱে ইতিমধ্য বহু চিকিৎসক, বিষয়াৰ ফেচবুক একাউণ্ট হেক মেছেঞ্জাৰৰ জৰিয়তে বিভিন্নজনলৈ ধন বিচাৰি মেছেজ প্ৰেৰণ কৰিছে৷ শেহতীয়াভাৱে, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, মহানগৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ পাছত এইবাৰ বৰপেটাৰ জিলা উপায়ুক্তৰ নামত ৱাটছএপযোগে উপহাৰ বিচাৰি বিভিন্নজনলৈ মেছেজ প্ৰেৰণ কৰা ঘটনা পোহৰলৈ আহিছে৷ উপায়ুক্তৰ নামত দুষ্টচক্ৰই ভুৱা ৱাটছএপ একাউণ্ট খুলি বিভিন্নজনক উপহাৰ বিচাৰি মেছেজ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুষ্ট চক্ৰটোৱে ৱাটছএপৰ প্ৰ’ফাইলত বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ ফটো সংলগ্ন কৰি ৯০৪৪৪৪৮৭৩০ মোবাইল নম্বৰৰ জৰিয়তে বিভিন্নজনক উপহাৰ বিচাৰি মেছেজ প্ৰেৰণ কৰিছে৷ দুষ্ট চক্ৰটোৱে এমাজন গিফ্‌ট কাৰ্ডৰ সুবিধা ল’বলৈ কৈ সেয়া এক ঘণ্টাতে বনাই দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ এই কথা উপায়ুক্তজনে বিভিন্নজনৰ পৰা জানিব পাৰি আচৰিত হৈ পৰে৷ ইতিমধ্যে বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলোকে সতৰ্ক কৰি দি কয় যে, উপায়ুক্তৰ ফটোসংলগ্ন ৱাটছএপ নম্বৰৰ পৰা উপহাৰ বিচাৰি মেছেজ আহিলে, সেয়া গ্ৰহণ নকৰিবলৈ সকলোকে আহ্বান জনায়৷ ইতিমধ্যে উপায়ুক্তজনে ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে৷