Logo
image

স্পাইচজেটৰ বিমানত তিনি মাহত ১২টা যান্ত্ৰিক বিজুতি

আমাৰ অসম, ১৩ জুলাইঃ ধাৰাবাহিকতা অব্যাহত ৰাখি পুনৰ যান্ত্ৰিক ত্ৰুটি ধৰা পৰিল স্পাইচজেটৰ এখন বিমানত৷ এইবাৰ যান্ত্ৰিক বিসংগতি ধৰা পৰিল ডুবাইত৷ মাংগালুৰুৰ পৰা ডুবাইলৈ যোৱা স্পাইচজেটৰ বিমানখনত বিসংগতি ধৰা পৰাত বিমান পৰিবহণ কোম্পানীটোৱে ভাৰতৰ পৰা আন এখন বিমান পঠিওৱহে ভাৰত অভিমুখী যাত্ৰীক ডুবাইৰ পৰা ঘূৰাই অনা সম্ভৱ হয়৷ উল্লেখ্য, বিগত তিনিমাহত স্পাইচজেটৰ বিমানত এয়া ১২ নম্বৰ যান্ত্ৰিক ত্ৰুটি৷ স্পাইচজেটৰ এই ধাৰাবাহিক যান্ত্ৰিক বিসংগতিৰ ফলত বেচৰকাৰী বিমান পৰিবহণ সংস্থাটোৰ যাত্ৰীৰ প্ৰতি সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপিত হৈছে৷ যোৱা ৬ জুলাইত কলকাতাৰ পৰা চীনলৈ উৰা মৰাৰ পাছতে স্পাইচজেটৰ এখন বিমানৰ বতৰ নিৰূপক যন্ত্ৰই কাম নকৰা হৈছিল৷ সেয়া আছিল স্পাইচজেটৰ অন্তিম ১৮ দিনত অষ্টমটো বিসংগতি৷ সেই ঘটনাৰ পাছতে ‘ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনে’ স্পাইচজেটক কাৰণ দৰ্শাবলৈ জাননী দিছিল৷ বিমান পৰিবহণ সংস্থাটোৱে যাত্ৰীক নিৰাপদ, দক্ষ আৰু নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব পৰা নাই বুলি ডি জি চি এই অভিযোগ আনিছিল৷ সেই ঘটনাই ৫ দিন অতিক্ৰম কৰোতেই সোমবাৰে ডুবাইত স্পাইচজেটৰ ভাৰত অভিমুখী এখন বিমানৰ ‘ন’জ হুইল’ তললৈ হেঁচা খাই থকা ধৰা পৰে৷ ফলত গ্ৰাউণ্ড ইঞ্জিনিয়াৰে বিমানখন উৰুৱাবলৈ দিবলৈ অস্বীকাৰ কৰে৷ তেতিয়া স্পাইচজেটে আন এখন বিমান ভাৰতৰ পৰা প্ৰেৰণ কৰি যাত্ৰীসকলক ডুবাইৰ পৰা দেশলৈ আনে৷ স্বাভাৱিকতে এই ঘটনাৰ পাছত স্পাইচজেটৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হোৱাত ডিজিচিএই মঙলবাৰে পুনৰ বিমান পৰিবহণ সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে৷