Logo
image

অশোক স্তম্ভৰ চেহেৰা সলাই দিলে মোদী চৰকাৰে

আমাৰ অসম, ১৩ জুলাইঃ নৰেন্দ্ৰ মোদী চৰকাৰে যি পদক্ষেপেই গ্ৰহণ নকৰক কিয়, প্ৰতি ক্ষেত্ৰতে বিতৰ্ক অৱধাৰিত হৈ পৰে৷ আইন প্ৰণয়নৰ ক্ষেত্ৰত কিম্বা নতুন আঁচনি ঘোষণা কৰিলেও দেশজুৰি বিতৰ্কৰ সৃষ্টি হয়৷ বিমুদ্ৰাকৰণ, জি এছ টি বলৱৎকৰণ, সৰ্বাত্মক লকডাউন ঘোষণা, কৃষি আইন আৰু শেহতীয়াকৈ অগ্নিপথ আঁচনিকে ধৰি মোদী চৰকাৰে সৃষ্টি কৰা বিতৰ্কৰ উদাহৰণ অলেখ৷ এইবাৰ নতুন সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা অতি  বিকৃত হোৱা বুলি দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰা এটা বিশাল আকাৰৰ ৰাষ্ট্ৰীয় প্ৰতীক সোমবাৰে উদ্বোধন কৰে৷ পিছে  উদ্বোধনৰ পাছতে মোদী চৰকাৰে স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহকেইটা সাৰনাথৰ মূল সিংহকেইটাৰ চেহেৰাতকৈ পৃথক আৰু বিকৃত হোৱা বুলি সমালোচনা আৰম্ভ হৈছে৷ ঘাইকৈ বিৰোধী ৰাজনৈতিক দলৰ বহুকেইজন নেতাই দাবী কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহকেইটাৰ মুখাবয়ৱ হিংস্ৰ৷ তদুপৰি সিংহকেইটা দাঁত উলিয়াই আক্ৰমণাত্মক ভংগী প্ৰদৰ্শন কৰি আছে৷ উল্লেখ্য যে, সাৰনাথৰ যি অশোক স্তম্ভৰ পৰা দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহণ কৰা হৈছে, তাত থকা চাৰিওটা সিংহৰ মুখৰ আকৃতি তেনেই শান্ত৷ তদুপৰি সিংহকেইটাই আক্ৰমণাত্মক মূৰ্তিৰে দাঁত উলিয়াই থকা নাই৷ সেই অশোক স্তম্ভই হৈছে দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক৷ চৰকাৰৰ সকলো কাম-কাজত সেইকেইটা সিংহৰ ছবিয়েই প্ৰতিফলিত হয়৷ ইয়াৰ বিপৰীতে মোদী চৰকাৰে স্থাপন কৰা অশোক স্তম্ভৰ সিংহকেইটাৰ ৰূপ সম্পূৰ্ণ পৃথক৷ মোদী চৰকাৰে এনেদৰে কিয় হিংস্ৰ ৰূপৰ সিংহৰ ৰাষ্ট্ৰীয় প্ৰতীক নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰিছে সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ বিৰোধী ৰাজনৈতিক দলৰ দাবী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এইকেইটাৰ সিংহৰ চেহেৰাত নৰেন্দ্ৰ মোদী চৰকাৰৰ চৰিত্ৰ  ফুটি উঠিছে৷ 

মঙলবাৰে প্ৰথমে সিংহকেইটাৰ চেহেৰা আৰু বিকৃত মূৰ্তিক লৈ প্ৰথমে প্ৰশ্ন উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু জহৰ চিৰকাৰে৷ দুয়ো পৃথকে পৃথকে নিজৰ টুইটাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মূল সিংহকেইটাৰ ফটো আৰু সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ নতুন সিংহকেইটাৰ ফটো একেলগে আপলোড কৰি ইয়াৰ পাৰ্থক্য দেশবাসীক বুজাই দিয়ে৷ মহুৱা মৈত্ৰই কেৱল ফটো আপলোড কৰিয়েই ক্ষান্ত থাকিলেও জহৰ চিৰকাৰে বিকৃত এই ৰাষ্ট্ৰীয় প্ৰতীক তাৰ পৰা আঁতৰাই পেলাবলৈ দাবী জনায়৷ ইয়াৰ পাছৰ পৰাই সেই বিতৰ্কই ক্ৰমাৎ বিশাল ৰূপ ধাৰণ কৰে৷ ৰাষ্ট্ৰীয় জনতা দলে এই বিষয়টোক লৈ কয় যে সাৰনাথৰ মন্দিৰৰ যি অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে তাৰ সিংহৰ মূৰ্তি সৌম্য আৰু শান্ত৷ ইয়াৰ তুলনাত নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰা অশোক স্তম্ভৰ মূৰ্তিৰ সিংহৰ ৰূপ হিংস্ৰ৷ সেই সিংহক দেখিলে এনে লাগে যেন সিংহকেইটাই আক্ৰমণ কৰিবলৈহে উদ্যত হৈছে৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰকৃত ৰূপ এনে নহয়৷ শাসনাধিষ্ঠিত চৰকাৰৰ অন্ততঃ সিমানকণ জ্ঞান থকা উচিত৷ আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিংহই টুইট কৰি জানিবলৈ বিচাৰিছে – ‘মই ১৩০ কোটি ভাৰতীয়ৰ ওচৰত জানিবলৈ বিচাৰিছো, ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰাৰ প্ৰচেষ্টা দেশদ্ৰোহ নহয় নেকি?’

বিৰোধীৰ এই সমালোচনাক পিছে বিজেপিয়ে গুৰুত্ব প্ৰদান কৰা নাই৷ তেওঁলোকৰ মতে, বিৰোধী দলে চৰকাৰক সমালোচনা কৰাৰ বাবে এটা কাৰণ বিচাৰি লৈছে৷ আনহাতে, এই ৰাষ্ট্ৰীয় প্ৰতীক নিৰ্মাণ কৰা শিল্পী সুনীল দেওৰে কৈছে যে, এই মূৰ্তিত কোনো উগ্ৰ মনোভাব প্ৰতিফলিত হোৱা নাই৷ তেওঁক চৰকাৰে উগ্ৰমূৰ্তিৰ সিংহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া নাই৷ তদুপৰি তেওঁ ৰাষ্ট্ৰীয় প্ৰতীক নিৰ্মাণৰ ঠিকা মোদী চৰকাৰৰ পৰা পোৱা নাই বৰং টাটা গোষ্ঠীৰ পৰাহে পাইছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ প্ৰাক্তন শীৰ্ষ বিষয়া বি আৰ মানিয়ে সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহৰ মুখাবয়ৱ সাৰনাথৰ মূল সিংহতকৈ পৃথক বুলি মন্তব্য কৰিছে৷ তেওঁ কয় যে, ১৯০৫ চনত সাৰনাথৰ খনন কাৰ্যত যি অশোক স্তম্ভ উদ্ধাৰ হৈছিল, তাত থকা সিংহকেইটাকে পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰছিল৷ এতিয়া সংসদ ভৱনত স্থাপন কৰা সিংহকেইটাৰ সৈতে মূল সিংহকেইটাৰ মিল নাই৷ উল্লেখ্য, এই বি আৰ মানিয়েই অযোধ্যৰ বাবৰি মছজিদ থকা স্থানত খনন কাৰ্য চলাই মছজিদৰ তলত এসময়ত মন্দিৰ থকা বুলি নিশ্চিত সিদ্ধান্তলৈ আহিছিল৷ সেই খনন কাৰ্যৰ আৱিষ্কাৰৰ ওপৰত ভিত্তি কৰিয়েই উচ্ছতম ন্যায়ালয়ে পৰৱৰ্তী সময়ত  অযোধ্যৰ সেই টিলাসদৃশ অংশটো ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্মস্থান বুলি ৰায় দিছিল৷