Logo
image

অসমত ফৰেনছিকৰ চাকৰিৰ বাবে নালাগে ফৰেনছিকৰ ডিগ্ৰী!

আশ্চৰ্যজনক প্ৰক্ৰিয়াৰ আঁৰৰ ৰহস্য কি

আমাৰ অসম, ১৩ জুলাইঃ ৰাজ্যত অপৰাধৰ ক্ষেত্ৰখনত কাৰিকৰী দিশসমূহ বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰা হয় ফৰেনছিক বিজ্ঞানাগাৰত৷ গতিকে ফৰেনিছক বিজ্ঞানাগাৰত নিযুক্তিৰ বাবে নিশ্চয়কৈ অপৰিহাৰ্য ফৰেনছিক চাইন্সৰ ডিগ্ৰী৷ কিন্তু শেহতীয়াভাৱে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ফৰেনছিক বিজ্ঞানাগাৰৰ ২০টা বৈজ্ঞানিক বিষয়া আৰু কনিষ্ঠ বৈজ্ঞানিক বিষয়া নিযুক্তিৰ বাবে দিয়া বিজ্ঞাপনে সকলোকে স্তম্ভিত কৰিছে৷ ১২ জুলাই মঙলবাৰে প্ৰকাশিত বিজ্ঞাপন মৰ্মে ফৰেনছিক বিজ্ঞানাগাৰৰ বৈজ্ঞানিক বিষয়া আৰু কনিষ্ঠ বৈজ্ঞানিক বিষয়াৰ পদৰ অৰ্হতা হিচাপে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জৈৱ প্ৰযুক্তি বিজ্ঞান আদি বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰী বিচৰা হৈছে৷ কিন্তু আচৰিতভাৱে উক্ত পদৰ বাবে ফৰেনছিক চায়েন্সৰ প্ৰাৰ্থীৰ বাবে অগ্ৰাধিকাৰ বেলেগেই, নূন্যতম অৰ্হতা হিচাপেও বিচৰা নাই৷ অসমত বৰ্তমানেও ফৰেনছিক চায়েন্সত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা হোৱা নাই যদিও দেশৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে ফৰেনছিক চাইন্সৰ স্নাতক স্নাতকোত্তৰ পাঠ্যক্ৰম উপলব্ধ হৈছে৷ অসমৰ যুৱক-যুৱতীয়ে বহিৰাজ্যত ফৰেনছিক চায়েন্স ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আছে৷ ফৰেনছিক বিজ্ঞানগাৰৰ চাকৰিতে ফৰেনছিকৰ ডিগ্ৰী অপ্ৰেয়াজনীয় বিবেচিত হোৱাৰ আঁৰৰ ৰহস্য কি তাক লৈ ব্যাপক চৰ্চা হৈছে৷ মূলতঃ যিটো বিভাগ ফৰেনছিক চায়েন্সৰ ওপৰত নিৰ্ভৰশীল সেই বিষয়ৰ অৰ্হতা নিবিচৰাটোৱে ফৰেনছিক বিজ্ঞানত স্নাতকোত্তৰ সকলক হতাশ কৰাৰ লগতে বিভাগটোকো উপযুক্ত সেৱাৰ পৰা বঞ্চিত কৰাটো প্ৰায় নিশ্চিত হৈছে৷ এনে কাৰ্যৰ ফলত নৱ প্ৰজন্মক নতুন বিষয়টো অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰাৰ পৰিৱতে নিৰুৎসাহীহে হৈ পৰিব সেয়া বহলাই কোৱাৰ প্ৰয়োজন হয়তো নাই৷ উল্লেখ্য, দুবছৰ পূৰ্বে ফৰেনছিক বিজ্ঞানাগাৰৰ কৰ্তৃপক্ষই বৈজ্ঞানিক সহায়ক আৰু কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন দিছিল৷ ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতীয়ে উক্ত পদৰ বাবে আৱেদন কৰিছিল৷ কিন্তু আজি পৰ্যন্ত উক্ত বিজ্ঞাপনৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা নহ’ল৷