Logo
image

২৮ ছেপ্টেম্বৰলৈকে বুষ্টাৰ ড’জ বিনামূলীয়া

আমাৰ অসম, ১৪ জুলাইঃ ১৮ বছৰৰ উদ্ধৰ্ৰ লোকক শুকুৰবাৰৰ পৰা বিনামূলীয়াভাৱে ক’ভিড ভেক্‌চিনৰ বুষ্টাৰ ড’জ দিব কেন্দ্ৰীয় চৰকাৰে৷ সমগ্ৰ দেশতে  কৰ’নাৰ সংক্ৰমণ বৃদ্ধিত শংকিত হৈ পৰা কেন্দ্ৰীয় চৰকাৰে বুধবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৫ জুলাইৰ পৰা আগন্তুক ৭৫ দিন পৰ্যন্ত অৰ্থাৎ ২৮ ছেপ্টেম্বৰলৈকে বিনামূলীয়া হ’ব এই বুষ্টাৰ ড’জ৷ উল্লেখ্য যে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদ্‌যাপনৰ হৈ আছে সমগ্ৰ দেশতে৷ ইয়াৰ লগত সংগতি ৰাখি পালন কৰি থকা হৈছে আজাদি কা অমৃত মহোৎসৱ৷ এই কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ উদ্ধৰ্ৰ লোকক দিব বিনামূলীয়া বুষ্টাৰ ড’জ৷ উল্লেখ্য যে শেহতীয়াভাৱে প্ৰাপ্ত বয়স্কসকলৰ ক্ষেত্ৰত কৰ’নাৰ দ্বিতীয়টো ভেকচিন আৰু বুষ্টাৰ ডোজৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সেই সূত্ৰে ১৮ বছৰৰ পৰা ৫৯ বছৰৰ লোকে এতিয়াৰে পৰা দ্বিতীয় পালি ভেকচিন লোৱাৰ ছয়মাহ পিছতে বুষ্টাৰ ড’জ ল’ব পাৰিব৷ ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া বুষ্টাৰ ড’জৰ সিদ্ধান্ত ঘোষণা কৰে৷ সকলো চৰকাৰী ভেকচিন প্ৰদান কেন্দ্ৰত বিনামূলীয়াভাৱে লাভ কৰিব এই সুবিধা৷ এই পৰ্যন্ত দেশৰ ১৯৯.১২ কোটিতকৈ অধিক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷