Logo
image

দাৰ্জিলিঙত মমতাৰে বৈঠক মুখ্যমন্ত্ৰী হিমন্তৰ

ৰাজনৈতিক মহলত আলোড়ন

আমাৰ অসম, ১৪ জুলাইঃ পশ্চিম বংগৰ ৰাজ্যপাল জনদীপ ধনখড়েৰ উপস্থিতিত দাৰ্জিলিঙৰ ৰাজভৱনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত বুধবাৰে মাৰাথন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত উপস্থিত থকাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মা বুধবাৰে দিনৰ প্ৰায় ১২.১০ বজাত হেলিকপ্তাৰযোগে গুৱাহাটীৰ পৰা দাৰ্জিলিং অভিমুখে ৰাওনা হয়৷ এই বৈঠকৰ ফটো ৰাজহুৱা হোৱাৰ পাছতে ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ বিশেষকৈ মমতা বেনাৰ্জী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বৈঠকে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে৷ পশ্চিম বংগৰ শেহতীয়া বিধানসভাৰ নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু মমতা বেনাৰ্জীয়ে যুযুধান ৰূপ ধাৰণ কৰিছিল৷ মমতা বেনাৰ্জী আৰু তেওঁৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে সততে যুদ্ধংদেহী হৈ থাকে৷ আনহাতে, পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড়েৰ সৈতেও মমতা বেনাৰ্জীৰ সম্পৰ্ক যথেষ্ট তিক্ততাপূৰ্ণ৷ তিনিওজন লোক ত্ৰিভূজৰ তিনিটা মূৰত অৱস্থান কৰি থকাৰ বাবে আজিও বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এক সূত্ৰৰ মতে ৰাজ্যপাল ধনখড়েৰ আমন্ত্ৰণক্ৰমে মুখ্যমন্ত্ৰী শৰ্মা আজি দাৰ্জিলিঙৰ ৰাজভৱনত দিনৰ প্ৰায় ৩.৩০ বজাত ৰাজ্যপালজনক সাক্ষাৎ কৰে৷ সেই সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও ৰাজভৱনত উপস্থিত হয় ৰাজ্যপালক সাক্ষাৎৰ বাবে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে হোৱা তেওঁৰ আছুতীয়া সাক্ষাৎকাৰৰ ফটো ৰাজ্যপাল ধনখড়ে নিজে টুইট কৰিছে৷ উল্লেখ্য, বিগত দুদিন ধৰি মমতা বেনাৰ্জী দাৰ্জিলিঙতে বাহৰ পাতি আছে৷ আনহাতে, ৰাজ্যপাল ধনখড় আজিহে দাৰ্জিলিঙত উপস্থিত হয়৷ ৰাজভৱনত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰীক গামোছাৰে আদৰণি জনায়৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা আৰু মমতা বেনাৰ্জীৰ মাজৰ এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এই বৈঠক সম্পূৰ্ণৰূপে অনানুষ্ঠানিক বুলি মমতা বেনাৰ্জীয়ে দাবী কৰি দুয়োজন মুখ্যমন্ত্ৰীৰ মাজত কোনো ধৰণৰ ৰাজনৈতিক কথা-বতৰা হোৱা নাই বুলি মন্তব্য কৰে৷ সূত্ৰটোৰ মতে এই বৈঠক দীঘলীয়া সময় ধৰি চলে৷ উল্লেখ্য, ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৰ জয় নিশ্চিত হ’লেও বিজেপিয়ে ৰেকৰ্ডসংখ্যক ভোটত জয়ী হোৱাটো বিচাৰিছে৷ সেইকাৰণে বিৰোধী শিবিৰৰ বহু ৰাজনৈতিক দলক নিজৰ ফালে অনাৰ চেষ্টা অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে৷ তৃণমূলৰ সকলো সাংসদ, বিধায়কৰ পৰা সমৰ্থন বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে বিজেপিয়ে৷ তৃণমূলৰ পৰাও বিজেপিয়ে দ্ৰৌপদী মুৰ্মুৰ সমৰ্থনত সহায় বিচাৰিছে৷ ৰাজনৈতিক মহলৰ মতে আজিৰ এই বৈঠক ইয়াৰে ফলশ্ৰুতি৷ উল্লেখ্য, বৈঠকৰ পাছত মমতা বেনাৰ্জীয়ে তেওঁ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে শেহতীয়াভাৱে গুৱাহাটীলৈ অহাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোৱা সহায়-সহযোগিতাক সংবাদ মাধ্যমৰ আগত উচ্ছ প্ৰশংসা কৰে৷