Logo
image

অসমৰ লাখ লাখ খেতিয়কৰ মূৰত ৰামটাঙোন শোধাইছে খাদ্য নিগমে

কেন্দ্ৰৰ নিৰ্দেশ নামানে এফচিআয়ে, কৃষকক প্ৰতাৰণা

আমাৰ অসম, ১৪ জুলাইঃ ক’ভিডে জুৰুলা কৰা দেশৰ কৃষকক সকাহ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধানৰ নূন্যতম সমৰ্থন মূল্য কুইণ্টলত ১৯৪০ টকা নিৰ্ধাৰণ কৰিছে৷ ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰিবলৈ এফচিআইসহ ছয় প্ৰতিষ্ঠানক লক্ষ্য নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু ধান ক্ৰয়ৰ নামত অসমৰ কৃষকক চৰম প্ৰতাৰণা কৰিছে ভাৰতীয় খাদ্য নিগমে৷ ধান ক্ৰয়ৰ ক্ষেত্ৰত যে ভাৰতীয় খাদ্য নিগমে অসমক এধানমানো গুৰুত্ব দিয়া নাই সেই কথা খাদ্য নিগমৰ কাম-কাজে প্ৰমাণ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দায়িত্ব লৈয়ে ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্য ধান ক্ৰয়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল৷ ধান ক্ৰয় ব্যৱস্থা সন্দৰ্ভত গাঁৱে গাঁৱে গাঁওসভা অনুষ্ঠিত কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়ে৷ ৰাজ্য চৰকাৰে এফচিআইসহ ছয় প্ৰতিষ্ঠানক ৬,৯৯,৫০০ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল৷ তাৰ ভিতৰত অকল এফচিআইক ৪,০২,০০০ মেট্ৰিকটন ধান ক্ৰয় কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে৷ এফচিআইৰ ৪,০২,০০০ মেট্ৰিকটন, অসম খাদ্য আৰু অসামৰিক যোদান নিগম লিমিটেডক ১,৬১,৯৫০ মেট্ৰিকটন, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদক ৩,১৫০ মেট্ৰিকটন, ‘নাকফ’ক ১৯,০০০ মেট্ৰিকটন, ‘নাফেড’ক ১,০১,৯০০ মেট্ৰিকটন, এনচিচিএফক ১১,৫০০ মেট্ৰিকটন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে৷ কিন্তু এফচিআয়ে ৩০ জুনৰ ভিতৰত মাত্ৰ ২,০৬,৬৯২ মেট্ৰিকটন ধানহে ক্ৰয় কৰে ৰাজ্যৰ কৃষকৰ পৰা৷ লক্ষণীয় যে চৰকাৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ১,৬১,৯৫০ মেট্ৰিকটন ধান ক্ৰয় কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল৷ প্ৰতিষ্ঠানটোৱে ৩৩টা ধান ক্ৰয়কেন্দ্ৰৰ জৰিয়তে ১,৫৮,৯৯৮ মেট্ৰিকটন ধান ক্ৰয় কৰিবলৈ সক্ষম হয়৷ তেনেস্থলত ভাৰতীয় খাদ্য নিগমে নিৰ্ধাৰিত লক্ষ্যৰ ৫০ শতাংশ ধান ক্ৰয় কৰিবলৈহে সক্ষম হোৱা কথাটোৱে প্ৰমাণ কৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানটোৰ অসমৰ কৃষকৰ প্ৰতি দায়বদ্ধতা কিমান৷ উল্লেখ্য, যোৱা দুটা বছৰৰ ক’ভিড পৰিস্থিতিৰ বাবে ভয়াৱহ সংকটৰ সন্মুখীন হোৱা দেশৰ কৃষক সমাজক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধানৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে ১, ৯৪০ টকালৈ৷ পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ধানৰ বিপৰীতে নূ্যনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিছিল ১, ৮৬৮ টকা৷ ভাৰতীয় খাদ্য নিগমকে ধৰি আন কেইবাটাও চৰকাৰী সংস্থাই দেশৰ প্ৰতিখন ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰি আহিছে৷ বিগত বছৰ সমূহত দেশৰ আন প্ৰান্তৰ ৰাজ্যসমূহে এই প্ৰক্ৰিয়াৰ দ্বাৰা বিশেষভাৱে লাভাণ্বিত হৈ আহিছে৷ সেয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বুধবাৰৰ কেবিনেট সিদ্ধান্তই কৃষকক সকাহ দিব বুলি ভবা হৈছে৷ কিন্তু এই ধান ক্ৰয় অভিযানে অসমৰ কৃষকক আজি পৰ্যন্ত কোনো ধৰণে সকাহ দিবলৈ সক্ষম হোৱা নাই৷ বৰঞ্চ চৰকাৰী সংস্থাৰ ওচৰত ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত অসমৰ কৃষকৰ অভিজ্ঞতা অতি দুৰ্ভাগ্যজনক৷ শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২০-২১ কৃষি বৰ্ষটোত অসমৰ কৃষকে উৎপাদন কৰিছিল ৫২.৫৫ লাখ টন ধান৷ কিন্তু এই বৃহৎ পৰিমাণৰ ধানৰ মাত্ৰ ০.৪৫ লাখ টন ধানহে চৰকাৰীভাৱে নিৰ্ধাৰিত সমৰ্থন মূল্য দি ক্ৰয় কৰা হৈছিল৷ অৰ্থাৎ বাকী ৫২.০৫ লাখ টন ধানেই কৃষকে বিক্ৰী কৰিব লগীয়া হৈছিল কুইণ্টলত ৮০০ বা ৯০০ টকাত৷ মনকৰিবলগীয়া যে কেৱল শেহতীয়া বছৰটোতেই নহয়, ৰাজ্যত বিজেপি শাসন কালৰ যোৱা আন চাৰিটা বছৰো অসমৰ ধান খেতিয়কৰ বাবে আছিল হতাশা জনক৷ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য নিগমৰ তথ্য অনুসৰি ২০১৬-১৭ চনত ৰাজ্যত ধানৰ উৎপাদন আছিল ৪৭.২৭ লাখ টন কিন্তু চৰকাৰে ক্ৰয় কৰিছিল মাত্ৰ ০.৪৭ লাখ টন৷ ২০১৭-১৮ ধানৰ উৎপাদন বৃদ্ধি হৈছিল ৫২.৮৪ লাখ টন৷ কিন্তু চৰকাৰী ক্ৰয় বঢ়াৰ বিপৰীতে কমিছিল ০.৩৫ লাখ টনলৈ৷ ২০১৮-১৯ বৰ্ষত ধান উৎপাদন হৈছিল ৫২.২১ লাখ টন আৰু চৰকাৰীভাৱে ক্ৰয় হৈছিল ১.০১ লাখ টন৷ একেদৰে ২০১৯-২০ কৃষি বৰ্ষটোত অসমৰ কৃষকে ধান উৎপাদন কৰিছিল ৪৯.৮৫ লাখ টন৷ চৰকাৰী ক্ৰয় সামান্যতম বৃদ্ধি পাইছিল ২.১১ লাখ টনলৈ৷ কিন্তু অতি আশ্চৰ্যজনকভাৱে, ধানৰ খেতিয়কৰ সুৰক্ষাকলৈ বহু চৰ্চা আৰু প্ৰতিবাদ হোৱাৰ পিছতো শেহতীয়া বৰ্ষটোত [২০২০-২১] কৃষকে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি ৫২.৫৫ লাখ টন ধান উৎপাদন কৰিছিল যদিও নিম্নতম সমৰ্থন মূল্য দি চৰকাৰী সংস্থাই ক্ৰয় কৰিলে মাত্ৰ ০.৪৫ লাখ টন ধান যি পৰিমাণ পাঁচ বছৰৰ আগৰ পৰিমাণতকৈও কম৷ কেন্দ্ৰীয় চৰকাৰে ধানৰ সমৰ্থন মূল্য বৃদ্ধি কৰিলেও যে অসমৰ কৃষক তাৰ দ্বাৰা কোনো ধৰণে উপকৃত নহ’ব সেয়া উক্ত তথ্যই প্ৰমাণ কৰিছে৷