Logo
image

কবিতা লিখি ৫৬ দিন জে’লত ১৯ বছৰীয়া বৰ্ষাশ্ৰী

বিপ্লৱী কবিতা লিখিলেই ৰাষ্ট্ৰদ্ৰোহী হয় নেকি

আলফালৈ যোৱাতকৈ জে’ললৈ যাব লাগেঃ ডিজিপি মহন্ত

‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ বুলি ফেচবুকত লিখাৰ বাবেহে বৰ্ষাশ্ৰী গ্ৰেপ্তাৰ হৈছেঃ জিপি সিং

আমাৰ অসম, ১৪ জুলাইঃ ‘স্বাধীন সূৰুযৰ দিশে আকৌ এখোজ৷ মুক্তিৰ বাবে হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰিম৷ জয় আই অসম৷’ –বৰ্ষাশ্ৰী ফঙমুং নামৰ ফেচবুক একাউণ্টত নিজৰ বায়’ এনেদৰে লিখিছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰীগৰাকীয়ে৷ নিজৰ ফেচবুক একাউণ্টৰ বায়’ত লিখা এইশাৰী কবিতাই কাল হ’ল বৰ্ষাশ্ৰীৰ বাবে৷ তেওঁৰ বয়স প্ৰায় ১৯ বছৰ৷ অন্যায়-অনীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বয়স এয়া৷ এখন সুন্দৰ-সমৃদ্ধিশালী সমাজৰ সপোন দেখাৰ বয়স তেওঁৰ৷ কিন্তু নিজৰ ফেচবুক একাউণ্টত এই বায়’ লিখি চৰকাৰৰ ৰোষত পৰিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই৷ বৰ্ষাশ্ৰীয়ে আৰু এটা পোষ্ট দিছিল ফেচবুকত– ‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেতিয়াহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম৷’ বিপ্লৱী কবিতাৰ লেখীয়া এনে পোষ্ট-বায়’ৰ বাবেই ৫৬ দিন কাৰাগাৰৰ অন্ধ কুঠৰীত দিন কটাবলগীয়া হৈছে বৰ্ষাশ্ৰীয়ে৷ কবিতা লিখাটো ৰাষ্ট্ৰদ্ৰোহ নেকি? উচ্ছতম ন্যায়ালয়ে ১১ মে’ত ৰাষ্ট্ৰদ্ৰোহ সন্দৰ্ভত ন্যায়ালয়ৰ স্থিতি স্পষ্ট কৰি এইবুলি ঘোষণা কৰিছিল যে এই আইনখনৰ সন্দৰ্ভত যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে সমীক্ষা সম্পূৰ্ণ নকৰে, তেতিয়ালৈকে দেশদ্ৰোহ আইনৰ অধীনত নতুনকৈ কোনো গোচৰ ৰুজু কৰিব নোৱাৰিব৷ কেৱল সেয়ে নহয়, ১১ মে’ৰ পূৰ্বে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত যিসকলক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধেও বিষয়টো নিষ্পত্তি নোহোৱালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছিল উচ্ছতম ন্যায়ালয়ে৷ কিন্তু অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে সৰ্বোচ্ছ ন্যায়ালয়ক এধানমানো সন্মান প্ৰদৰ্শন নকৰিলে৷ ইয়াৰ বিপৰীতে সৰ্বোচ্ছ ন্যায়ালয়ৰ এই ঐতিহাসিক ভাষ্যৰ প্ৰায় এসপ্তাহৰ পাছত বিদ্ৰোহী কবিতা লিখাৰ অপৰাধত ৰাষ্ট˜দ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল ১৯ বছৰীয়া ছাত্ৰী বৰ্ষাশ্ৰীক৷ উল্লেখ্য, ভাৰতীয় দণ্ডবিধিৰ ১২৪[এ] ধাৰাৰ অধীনত ব্ৰিটিছে ভাৰতৰ স্বাধীনতা আন্দোলন দমন কৰিবৰ বাবে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুকে ধৰি শীৰ্ষ নেতাসকলক গ্ৰেপ্তাৰ কৰিছিল৷ তেতিয়াৰ পৰা এতিয়ালৈকে অব্যাহত আছে ক’লা আইনৰ অবাঞ্ছিত ধাৰাবাহিকতা৷ উচ্ছতম ন্যায়ালয়ে ১১ মে’ত ৰাষ্ট্ৰদ্ৰোহ আইন সন্দৰ্ভত ন্যায়ালয়ৰ স্থিতি স্পষ্ট কৰি দিয়াৰ পাছত দেশৰ আইনমন্ত্ৰী কীৰেন ৰিজিজুৱে উল্লেখ কৰিছিল যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদ্‌যাপন কৰা ‘আজাদী কী অমৃত মহোৎসৱ’ৰ বাবে ৰাষ্ট্ৰদ্ৰোহ আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰে শপতনামা দাখিল কৰিছিল৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে দেশদ্ৰোহ আইনৰ অধীনত ৫৫৯জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় যদিও ইয়াৰে দহজনকহে আদালতে দোষীসাব্যস্ত কৰে৷ নক’লেও হ’ব যে এই আইনখন সাধাৰণতে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়৷ এই ৰাজনৈতিক হাতোৰাৰ পৰা মুক্ত নহ’ল বৰ্ষাশ্ৰীৰ দৰে ১৯ বছৰীয়া ছাত্ৰীগৰাকীও৷ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হীৰেন ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গলৈকে বহু কবি-শিল্পী-সাহিত্যিকে বিদ্ৰোহী লেখাৰে অসমক সমৃদ্ধ কৰিছে৷ সেইসকলৰ বন্দনাও অহৰহ কৰে অসমবাসীয়ে৷ ৰজাঘৰেও কৰে, প্ৰজাঘৰেও কৰে৷ অথচ একেধৰণৰ কাম কৰাৰ বাবে এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক জে’লত ভৰাই থৈছে চৰকাৰে– যি চৰকাৰে আড়ম্বৰপূৰ্ণভাৱে পালন কৰে বিষ্ণু ৰাভা দিৱস৷ আলফাক হাতে-ভৰিয়ে ধৰি ক্ষমা খোজা মন্ত্ৰী সঞ্জয় কিষাণক গ্ৰেপ্তাৰ কৰাৰ সাহস নহ’ল আৰক্ষীৰ৷ সঞ্জয় কিষাণক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰো আহৰি নাপালে মুখ্যমন্ত্ৰীয়ে৷ ‘কা’বিৰোধী আন্দোলনৰ ভৰপকৰ সময়তে জুবিন গাৰ্গে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে ‘কা’ গৃহীত হোৱাৰ লগে লগে তেওঁ আলফাত যোগদান কৰিব আৰু তেওঁৰ সৈতে জনপ্ৰিয় গায়ক বাবুও আলফালৈ যাব৷ এই ৰাজহুৱা ঘোষণাৰ পাছতো আৰক্ষীয়ে কোনো গোচৰ ৰুজু নকৰিলে৷ অথচ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৰা বাটৰ নাটৰ বাবে নগঞা শিল্পী যুৱকক গ্ৰেপ্তাৰ কৰা হ’ল৷ বৰ্ষাশ্ৰীক ভৰাই থোৱা হ’ল কাৰাগাৰত৷ কেৱল ফেচবুকত পোষ্ট দিয়া আৰু বিপ্লৱী কবিতাৰ লেখীয়া বায়’ দিয়াৰ বাবেই বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ‘টাডা’ৰ সম পৰ্যায়ৰ ‘বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন’ [ইউএ[পি]এ]ৰ ১০য১৩ ধাৰাৰ অধীনত গোলাঘাট জিলাৰ উৰিয়ামঘাট থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোৰহাটৰ দেৱীচৰণ বৰুৱা কলেজত গণিতত সন্মানসহ স্নাতক দ্বিতীয় ষান্মাসিকত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীক৷ যোৰহাট জিলাৰ টীয়কৰ জাঁজী নৈৰ পাৰৰ এজাৰগুৰি গাঁৱৰ ছাত্ৰীগৰাকীয়ে যোৰহাট নগৰৰ প্ৰশান্তি পি জি-ত থাকি অধ্যয়ন কৰি আছিল৷ ভাওনা চাবৰ বাবে উৰিয়ামঘাটৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ যোৱাৰ সময়তে ১৮ মে’ত উৰিয়ামঘাট আৰক্ষীয়ে ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে৷ প্ৰথম ষান্মাসিকৰ পৰীক্ষাৰ পাছত মহাবিদ্যালয়ত দ্বিতীয় ষান্মাসিকৰ পাঠদান আৰম্ভ হৈছিল যদিও ছাত্ৰীগৰাকীৰ ঠিকনা শ্ৰেণীকোঠাৰ পৰিৱৰ্তে কাৰাগাৰৰ অন্ধ কোঠৰীলৈ সলনি হ’ল৷ ইতিমধ্যে দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাও সমাগত৷ ১৬ জুলাইৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত আৰম্ভ হ’ব স্নাতক দ্বিতীয় ষান্মাসিকৰ পৰীক্ষা৷ কিন্তু বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে পৰীক্ষা দিব পাৰিবনে নাই সেই লৈ এতিয়াও অনি(য়তা বিৰাজ কৰি আছে৷ পৰীক্ষালৈ মাজত দুটা দিন থকা অৱস্থাত তেওঁ হাতত তুলি ল’ব পৰা নাই পাঠ্যপুথি৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ৰ তৰফৰ পৰা উৰিয়ামঘাট আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আৰক্ষীয়ে কয়– ‘কাৰাগাৰলৈ পঠোৱাৰ পাছত আমাৰ কোনো দায়িত্ব নাথাকে৷’ ইফালে আদালতৰ এটা সূত্ৰই কয় যে পৰীক্ষাৰ বাবে জামিন দিয়াৰ ব্যৱস্থা আছে৷ অন্যথা আদালততে পৰীক্ষা অৱতীৰ্ণ হোৱাৰো ব্যৱস্থা আছে৷ ইয়াৰ বাবে আৱেদন জনোৱাৰ প্ৰয়োজন৷ এই সন্দৰ্ভত ছাত্ৰীগৰাকীৰ ককায়েক অৰিন্দম বুঢ়াগোহাঁয়ে প্ৰকাশ কৰা মতে, পৰীক্ষা সম্পৰ্কীয় সকলো নথি-পত্ৰ দাখিল কৰি গোলাঘাটৰ নিম্ন আদালতত  জামিন আৱেদন জনোৱা হৈছিল যদিও আদালতে এই আৱেদন নাকচ কৰে৷ সেয়ে ১৬ জুনত গুৱাহাটী উচ্ছ ন্যায়ালয়ত আৱেদন জনোৱা হৈছে৷ কিন্তু উচ্ছ ন্যায়ালয়ে আজিলৈকে ৰায়দান কৰা নাই৷ এই সন্দৰ্ভত বিশিষ্ট অধিবক্তা তথা নিবন্ধকাৰ সুদ্দীপ্ত নয়ন গোস্বামীয়ে কয়– ‘ছাত্ৰীগৰাকীক ক’লা আইন টাডাৰ সমকক্ষ আইন ইউএ [পি] এ-ৰ ১০/১৩ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে৷ এই আইন জামিনবিহীন হ’লেও পৰীক্ষাৰ বাবে ছাত্ৰীগৰাকীয়ে জামিন পাব পাৰে৷’ ইফালে কেৱল ফেচবুকৰ বায়’ক কেন্দ্ৰ কৰি এগৰাকী ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক অন্ধকাৰৰ গহ্বৰলৈ ঠেলি দিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ছাত্ৰীগৰাকীৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি নেটিজেনে ইতিমধ্যে নেট দুনিয়া তোলপাৰ লগাইছে৷ ছাত্ৰীগৰাকী যাতে সুকলমে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন পক্ষই আহ্বান জনাইছে৷ আনহাতে, মন্ত্ৰী সঞ্জয় কিষাণে আলফা সম্পৰ্কে মন্তব্য কৰি পাছত সংগঠনটোৰ ভাবুকিত ক্ষমা খোজাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰা সত্বেও এগৰাকী ছাত্ৰীৰ এটা বিপ্লৱী উক্তিৰ বাবেই তেওঁক দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাক সৰ্বসাধাৰণে সহজভাৱে মানি ল’ব পৰা নাই৷ বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰাসাদ আগৰৱালা প্ৰমুখ্যে শিল্পী-সাহিত্যিকসকলেও বিপ্লৱী সাহিত্য, সংগীত আদি সৃষ্টি কৰিছিল আৰু তেওঁলোক অসমীয়াৰ সংগ্ৰামী ধাৰাৰ সঞ্জীৱনী হিচাপে পৰিগণিত হৈ আহিছে৷ ৰজাঘৰ-প্ৰজাঘৰ সকলোৱে এই বিপ্লৱী শিল্পী-সাহিত্যিকসকলক বন্দনা কৰি আহিছে৷ কিন্তু এগৰাকী ছাত্ৰীক এনেদৰে চৰকাৰে কঠোৰ আইনৰ কাঠগড়াত থিয় কৰোৱাটো ৰাইজে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷ বিনাবিচাৰে বৰ্ষাশ্ৰীক কাৰাগাৰত আবদ্ধ কৰি থোৱাটো সমৰ্থন কৰা নাই কোনো সচেতন আৰু সংবেদনশীল লোকে৷ সেইবাবেই সৰ্বত্ৰ দাবী উঠিছে– বৰ্ষাশ্ৰীক বিনাচৰ্তে মুক্তি দিয়ক, বৰ্ষাশ্ৰীক অবিলম্বে মুক্তি দিয়ক, বৰ্ষাশ্ৰীক জীয়াই থাকিবলৈ দিয়ক...৷

কবিতা লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা নাইঃ ডিজিপি

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক এটা কবিতাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি নেট দুনিয়াত ব্যাপক আলোচনা হৈছে৷ এই সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই প্ৰকাশ কৰা মতে, ছাত্ৰীগৰাকীক কবিতাৰ লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা নাই৷ বৰঞ্চ তেওঁক আলফাত যোগদানৰ প্ৰস্তুতি চলোৱা আৰু আনকো আলফাত যোগদান কৰাৰ বাবে প্ৰৰোচিত কৰাৰ বাবেহে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধানজনে সদৰী কৰিছে৷ অৱশ্যে ছাত্ৰীগৰাকীয়ে আলফাত যোগদানৰ সম্ভাৱনীয়তা পৰিয়ালে অস্বীকাৰ কৰিছে৷ আনকি তেওঁ ফেচবুকত তেনে প’ষ্ট দিয়া নাই বুলি তেওঁৰ ঘনিষ্ঠই প্ৰকাশ কৰিছে৷ ইফালে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানে জিপি সিঙে টুইটাৰত প্ৰকাশ কৰা মতে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে ‘আকৌ কৰিম ৰাষ্ট˜দ্ৰোহ’ বুলি ফেচবুকত পোষ্ট দিয়াৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে৷ কিন্তু ছাত্ৰীগৰাকীৰ মুক্তিৰ বাবে সংবাদ মাধ্যম আৰু নেট দুনিয়াৰ দাবীৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এনেদৰে আত্মপক্ষ সমৰ্থনৰ বাবে চেষ্টা চলোৱা বুলি চৰ্চা হৈছে৷

বৰ্ষাশ্ৰীৰ মুক্তিৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ-মাতৃৰ

দুমাহে কাৰাৰুদ্ধ হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ আগন্তুক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰি দিবলৈ তেওঁৰ পিতৃ-মাতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি কাতৰ আহ্বান জনাইছে৷

বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীত ভাৰতীয় গণনাট্য সংঘ

কেৱল কবিতা লিখাৰ বাবেই ১৮ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুমাহে কাৰাৰুদ্ধ কৰি ৰখা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক শীঘ্ৰে বিনাচৰ্তে মুকলি কৰাৰ দাবী জনাইছে ভাৰতীয় গণ নাট্য সংঘৰ যোৰহাট জিলা সমিতিয়ে৷ নগাঁৱৰ বাটৰ নাট কৰাৰ বাবে অপৰাধী সজাই বিৰিঞ্চ বৰাক গ্ৰেপ্তাৰ কৰা কাৰ্যই প্ৰমাণ কৰে যে দেশৰ গণতন্ত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে৷ কবিতা লেখা, ছবি অঁকা, নাটক কৰা, গান গোৱা আদি সৃষ্টিশীল কোনো কাৰণতে অগণতান্ত্ৰিক কাম নহয়৷ ভাৰতীয় গণ নাট্য সংঘৰ যোৰহাট শাখাই আশা কৰে যে শিল্পী-সাহিত্যিকসকলক ভাৱ প্ৰকাশৰ স্বাধীনতা দি চৰকাৰে গণতন্ত্ৰক সবল কৰাৰ লগতে গণতন্ত্ৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব৷ লগতে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক মুকলি কৰি দি তেওঁক ১৬ জুলাইৰ পৰা আৰম্ভ হ’ব লগা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সুবিধা প্ৰদান কৰি চৰকাৰে উদাৰতা প্ৰদান কৰিব বুলি গণ্য নাট্য সংঘই আশা কৰিছে৷